--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতাহত থকা আমাৰ আটাইতকৈ চিনাকি গেছটো হ’ল অক্সিজেন। ইয়াৰ দ্বাৰাই মানুহকে ধৰি পৃথিৱীৰ সকলো জীৱই উশাহ লয়। শ্বাস-প্ৰশ্বাসত অক্সিজেনৰ ভূমিকাই ইয়াক প্ৰাণী জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ গেছীয় পদাৰ্থ হিচাপে গঢ়ি তুলিছে।

পদাৰ্থ বিজ্ঞানৰ মতে অক্সিজেনৰ দুটা পৰমাণুৰ দ্বাৰা এটা অণু গঠন হয়, যাক বৈজ্ঞানিক ভাষাত O2 বুলি কোৱা হয়। ইমান দিনে বিজ্ঞানীসকলে এই অক্সিজেনক হাতৰ তলুৱাৰ দৰে চিনি পাইছিল। শেহতীয়াকৈ ইয়াৰ অলপ পৰিবৰ্তন ঘটিছে।

বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি পৰিৱেশত থকা সকলো অণু আৰু পৰমাণুৰ ওপৰত অধ্যয়ন কৰি আহিছে। অণু ভাঙি পৰমাণু, পৰমাণু ভাঙি ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰ ইতিমধ্যে আৱিষ্কাৰ কৰা হৈছে। কিন্তু সেইবোৰৰ ওপৰত গৱেষণা বন্ধ হোৱা নাই।

শেহতীয়াকৈ অক্সিজেনৰ পৰমাণুৱে বিজ্ঞানীসকলক স্তম্ভিত কৰি তুলিছে। অক্সিজেনৰ এটা আইছ’ট’প বা সমস্থানিক আৱিষ্কাৰ কৰা হৈছে, যাৰ ফলত বহুদিনীয়া ধাৰণাবোৰ ওলোটা হৈ পৰিছে।

আইছ’ট’প কি? পৰমাণুৰ নিউক্লিয়াছ নিউট্ৰন আৰু সমান সংখ্যক প্ৰ’টন, ইলেক্ট্ৰনেৰে গঠিত। যদি এই নিউক্লিয়াছক বাহিৰৰ পৰা কোনো তীব্ৰবেগী কণিকাৰ দ্বাৰা আঘাত কৰা হয়, তেন্তে ইয়াৰ আইছ’ট’প উৎপন্ন হয়।

সংঘৰ্ষৰ ফলত নিউক্লিয়াছৰ পৰা কিছুমান নিউট্ৰন নিৰ্গত হয়। তাৰ পিছত সেই পৰমাণুটোৰ নতুন সংখ্যক নিউট্ৰনযুক্ত আন এটা ৰূপ গঠন হয়। এই ৰূপক আইছ’ট’প বোলা হয়।

যিকোনো মৌলৰ পৰমাণুৰ একাধিক সমস্থানিক থাকে। প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যাৰ যোগফলৰ পৰাই আইছ’ট’পবোৰৰ নামকৰণ কৰা হৈছে। এনে এটা অক্সিজেনৰ আইছ’ট’পক অক্সিজেন-২৮ বোলা হয়।

২, ৮, ২০, ২৮, ৫০, ৮২ আৰু ১২৬। পদাৰ্থ বিজ্ঞানৰ ভাষাত এইবোৰ যাদুকৰী সংখ্যা। যদি এটা পৰমাণুৰ এই সংখ্যক নিউট্ৰন থাকে তেন্তে সেই আইছ’ট’পবোৰ আনতকৈ অধিক স্থিৰ হয়।

অক্সিজেনে এইবাৰ পদাৰ্থ বিজ্ঞানৰ এই ‘সত্য’ক ওলোটা কৰি পেলাইছে। আইছ’ট’প অক্সিজেন-২৮ বিশ্লেষণ কৰিলে দেখা যায় যে ই একেবাৰেই সুস্থিৰ নহয়।

অক্সিজেনত ৮টা প্ৰ’টন আৰু ইলেক্ট্ৰন থাকে। গতিকে, অক্সিজেন-২৮ত ২০টা নিউট্ৰন থাকে। দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে ২০টা নিউট্ৰন থকা অক্সিজেন আইছ’ট’পবোৰ ‘নিস্তব্ধ’, সুস্থিৰ।

আগষ্ট মাহত নেচাৰ আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অক্সিজেন-২৮ ‘স্লপি’, ক্ষণস্থায়ী। ই এক চেকেণ্ডৰ ভগ্নাংশতে অন্য আইছ’ট’পলৈ পৰিণত হয়।

অক্সিজেন-২৮ ভাঙি অক্সিজেন-২৪ গঠন হয়। ইয়াৰ পৰা চাৰিটা নিউট্ৰন নিৰ্গত হয়। ইয়াৰ বাবে মাত্ৰ ০.০০০০০০০০০০০০০০০০০০০০০১ ছেকেণ্ড সময় লাগিছিল। সংখ্যাগত ভাষাত ইয়াক জেপ্টোছেকেণ্ড বোলা হয়।

অক্সিজেন-২৮ৰ এই ‘অস্বাভাৱিক’ আচৰণত আচৰিত হৈছে বিজ্ঞানীসকল। ইয়াৰ পৰা প্ৰমাণিত হৈছে যে নিউক্লিয়াছৰ গঠন আৰু চৰিত্ৰৰ বিষয়ে দীৰ্ঘদিনীয়া বুজাবুজিৰ ক্ষেত্ৰত কিছু ব্যৱধান আছে। প্ৰ’টন আৰু নিউট্ৰনৰ নিয়মে এতিয়াও বিজ্ঞানীসকলক আচৰিত কৰি তোলাৰ শক্তি আছে।

জাপানী বিজ্ঞানীৰ এটা দলে অক্সিজেন আইছ’ট’পৰ সৈতে খেলা-ধূলা কৰি এই নতুন আচৰণ আৱিষ্কাৰ কৰিছিল। টকিঅ’ ইনষ্টিটিউট অৱ টেকন’লজিৰ পদাৰ্থবিজ্ঞানী যোছুকে কণ্ডোৰ নেতৃত্বত গৱেষণাৰ অগ্ৰগতি হৈছে।

জাপানী বিজ্ঞানীৰ এই দলটোৱে প্ৰথমে কেলচিয়াম-৪৮ পৰমাণু ভাঙিবলৈ বেৰিলিয়াম ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা তুলনামূলকভাৱে লঘু কেইবাটাও আইছ’ট’প উৎপন্ন হয়। ইয়াৰে এটা আছিল ফ্ল’ৰিন-২৯।

বিজ্ঞানীসকলে এই ফ্ল’ৰিন-২৯ টো এটা তৰল হাইড্ৰ’জেনৰ ওপৰত পেলাই দিলে। এটা প্ৰ’টন নক আউট কৰি অক্সিজেন-২৮ গঠন কৰা হয়। আশ্বৰ্য ইয়াৰ পৰাই উৎপন্ন হয়।

অক্সিজেনৰ অণু আৰু পৰমাণুৰ ওপৰত অধিক গৱেষণা কৰিব বিজ্ঞানীসকলে। অক্সিজেন-২৮ৰ ‘স্প্লেছ’ৰ কাৰণৰ তদন্ত কৰা হ’ব। প্ৰতিটো ক্ষেত্ৰতে ই তেনে আচৰণ কৰে নে নকৰে সেয়া হ’ব লক্ষ্যণীয়। গৱেষণা সম্পূৰ্ণ হ’লে বিজ্ঞানীসকলে এই বিষয়ত এক দৃঢ় সিদ্ধান্তত উপনীত হ’ব।

জীৱ-জন্তুৱে যি অক্সিজেনৰ মাজেৰে উশাহ লয়, সেয়া অৱশ্যে অক্সিজেন-২৮ নহয়, বৰঞ্চ অক্সিজেন-১৬হে এই ভূমিো পালন কৰে। সেই ক্ষেত্ৰত অক্সিজেন নিউক্লিয়াছত ৮টা প্ৰ’টন আৰু ৮টা নিউট্ৰন থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
হাইটিৰ জাৰ্ছীত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকা; স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ স্বীকৃতি
আমৰ বাকলিৰ নানা গুণে আচৰিত কৰিব আপোনাক
ৰূপকোঁৱৰৰ স্মৃতিৰ নীৰৱ সাক্ষী: গহপুৰত আজিও সুৰক্ষিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঐতিহাসিক চকী
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement