--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শ্রীকান্তে মত পোষণ কৰিছে যে বৈভৱ সূৰ্যবংশী, সঞ্জু ছেমছনৰ পাছত এইবাৰ লোকেশ ৰাহুলৰ কেৰিয়াৰ শেষ কৰাৰ খেলত নামিছে গম্ভীৰ।

ডিজিটেল ডেস্ক : এজনৰ পাছত আন এজন প্রতিভাৱান ক্রিকেটাৰৰ কেৰিয়াৰ ধ্বংস কৰি পেলাইছে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে। এই বিস্ফোৰক মন্তব্য কৰিছে প্রাক্তন মুখ্য নির্বাচক কৃষ্ণমাচাৰী শ্ৰীকান্তে। প্রশিক্ষক গম্ভীৰৰ অধীনত ভাৰতে শেহতীয়া তিনিটা শৃংখলাতে পৰাজিত হৈছে। দল নির্বাচনক লৈও ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত শ্রীকান্তে মত পোষণ কৰিছে যে বৈভৱ সূৰ্যবংশী, সঞ্জু ছেমছনৰ পাছত এইবাৰ লোকেশ ৰাহুলৰ কেৰিয়াৰ শেষ কৰাৰ খেলত নামিছে গম্ভীৰ। 


নিজৰ ইউটিউব চেনেলত শ্রীকান্তে কয়, "ভাৰতে যেতিয়া বৃহৎ লক্ষ্য অনুসৰণ কৰিছে, তেতিয়া ৰাহুলক কিয় ৬ নম্বৰত নমোৱা হ'ল। ৰাহুলে একাধিক মেচত লক্ষ্য অনুসৰণ কৰি জয় কঢ়িয়াই আনিছে। আচলতে, বৈভৱ আৰু ছেমছনৰ কেৰিয়াৰক লৈ ল'ৰা-ধেমালি কৰাৰ পাছত গম্ভীৰে এইবাৰ ৰাহুলক ধ্বংস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ২০২৩ বিশ্বকাপত ৰাহুলে ৪ নম্বৰত বেট ধৰি বিৰাট কোহলীৰ সৈতে যুটি বান্ধি কেইবাখনো মেচ খেলিছে। সেইকামটো ৰাহুলে কৰিব পাৰিলেহেঁতেন।" আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হয় ভাৰতীয় দল। দলৰ ব্যৰ্থতাৰ লগতে প্রশ্ন উঠিছে বৈভৱৰ প্ৰতি গম্ভীৰৰ মেনেজমেণ্টক লৈ। অপেক্ষাকৃতভাবে সহজ প্রতিপক্ষ আয়াৰলেণ্ডৰ বিৰুদ্ধে বিস্ময় প্রতিভাধৰ বৈভৱক খেলিবলৈ দিয়া নহ'ল। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় মেচত বৈভৱৰ অভিষেক হয়। কিন্তু তিনিখন মেচ খেলিয়েই তেওঁ অতিৰিক্তৰ শাৰীত থাকিবলগীয়া হয়। ইয়াৰ ফলত প্রশ্ন উঠিছে যে বৈভৱক আৰু সুযোগ দিয়া হ'বনে? 


আন্তর্জাতিক মঞ্চত প্রথমতে কিয় ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে বৈভৱক খেলিবলৈ দিয়া হ'ল। একেৰাহে দুটা শৃংখলাত পৰাজয়ৰ পাছতে এদিনীয়াত নামিছিল ভাৰত। সেইশৃংখলাত ক্রমশঃ তিনিখন মেচত স্থান নাপালে ৰাহুলে। দ্বিতীয় মেচত তেওঁকবাদ দিয়া হয়। তৃতীয়খন মেচত যেতিয়া ভাৰতে ৩৮৭ ৰানৰ লক্ষ্যৰ পিছলৈ নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায় তেতিয়া সেই কঠিন সময়ত নমোৱা হ'ল ৰাহুলক। বেট চলোৱাৰ বাহিৰে ৰাহুলৰ উপায় নাছিল। তেওঁ ৮টা বলত ১২ ৰান কৰি আউট হয়। ৰাহুলক আগেয়ে নমোৱা হ'লে হয়তো ফল বিপৰীতে যোৱাৰ সম্ভাৱনা আছিল।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু