--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শ্রীকান্তে মত পোষণ কৰিছে যে বৈভৱ সূৰ্যবংশী, সঞ্জু ছেমছনৰ পাছত এইবাৰ লোকেশ ৰাহুলৰ কেৰিয়াৰ শেষ কৰাৰ খেলত নামিছে গম্ভীৰ।

ডিজিটেল ডেস্ক : এজনৰ পাছত আন এজন প্রতিভাৱান ক্রিকেটাৰৰ কেৰিয়াৰ ধ্বংস কৰি পেলাইছে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে। এই বিস্ফোৰক মন্তব্য কৰিছে প্রাক্তন মুখ্য নির্বাচক কৃষ্ণমাচাৰী শ্ৰীকান্তে। প্রশিক্ষক গম্ভীৰৰ অধীনত ভাৰতে শেহতীয়া তিনিটা শৃংখলাতে পৰাজিত হৈছে। দল নির্বাচনক লৈও ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত শ্রীকান্তে মত পোষণ কৰিছে যে বৈভৱ সূৰ্যবংশী, সঞ্জু ছেমছনৰ পাছত এইবাৰ লোকেশ ৰাহুলৰ কেৰিয়াৰ শেষ কৰাৰ খেলত নামিছে গম্ভীৰ। 


নিজৰ ইউটিউব চেনেলত শ্রীকান্তে কয়, "ভাৰতে যেতিয়া বৃহৎ লক্ষ্য অনুসৰণ কৰিছে, তেতিয়া ৰাহুলক কিয় ৬ নম্বৰত নমোৱা হ'ল। ৰাহুলে একাধিক মেচত লক্ষ্য অনুসৰণ কৰি জয় কঢ়িয়াই আনিছে। আচলতে, বৈভৱ আৰু ছেমছনৰ কেৰিয়াৰক লৈ ল'ৰা-ধেমালি কৰাৰ পাছত গম্ভীৰে এইবাৰ ৰাহুলক ধ্বংস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ২০২৩ বিশ্বকাপত ৰাহুলে ৪ নম্বৰত বেট ধৰি বিৰাট কোহলীৰ সৈতে যুটি বান্ধি কেইবাখনো মেচ খেলিছে। সেইকামটো ৰাহুলে কৰিব পাৰিলেহেঁতেন।" আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হয় ভাৰতীয় দল। দলৰ ব্যৰ্থতাৰ লগতে প্রশ্ন উঠিছে বৈভৱৰ প্ৰতি গম্ভীৰৰ মেনেজমেণ্টক লৈ। অপেক্ষাকৃতভাবে সহজ প্রতিপক্ষ আয়াৰলেণ্ডৰ বিৰুদ্ধে বিস্ময় প্রতিভাধৰ বৈভৱক খেলিবলৈ দিয়া নহ'ল। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় মেচত বৈভৱৰ অভিষেক হয়। কিন্তু তিনিখন মেচ খেলিয়েই তেওঁ অতিৰিক্তৰ শাৰীত থাকিবলগীয়া হয়। ইয়াৰ ফলত প্রশ্ন উঠিছে যে বৈভৱক আৰু সুযোগ দিয়া হ'বনে? 


আন্তর্জাতিক মঞ্চত প্রথমতে কিয় ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে বৈভৱক খেলিবলৈ দিয়া হ'ল। একেৰাহে দুটা শৃংখলাত পৰাজয়ৰ পাছতে এদিনীয়াত নামিছিল ভাৰত। সেইশৃংখলাত ক্রমশঃ তিনিখন মেচত স্থান নাপালে ৰাহুলে। দ্বিতীয় মেচত তেওঁকবাদ দিয়া হয়। তৃতীয়খন মেচত যেতিয়া ভাৰতে ৩৮৭ ৰানৰ লক্ষ্যৰ পিছলৈ নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায় তেতিয়া সেই কঠিন সময়ত নমোৱা হ'ল ৰাহুলক। বেট চলোৱাৰ বাহিৰে ৰাহুলৰ উপায় নাছিল। তেওঁ ৮টা বলত ১২ ৰান কৰি আউট হয়। ৰাহুলক আগেয়ে নমোৱা হ'লে হয়তো ফল বিপৰীতে যোৱাৰ সম্ভাৱনা আছিল।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ