--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ নেচনেল ইনষ্টিটিউট অৱ হেলথ এণ্ড মেডিকেলে চলোৱা এক গৱেষণামূলক অধ্যয়নৰ জৰিয়তে জানিব পৰা অনুসৰি দেশখনত সম্প্ৰতি প্ৰতি চাৰিজন ব্যক্তিৰ এজনে শ্ৰৱণশক্তিৰ সমস্যাত আক্ৰান্ত হৈছে। শ্ৰৱণশক্তিৰ সমস্যাত আক্ৰান্ত লোকসকল ক্ৰমে শ্ৰৱণশক্তিহীন হবলৈ ধৰিছে। সম্প্ৰতি ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ ২৫ শতাংশ লোক শ্ৰৱণশক্তিৰ সমস্যাত ভুগিছে। এক সমীক্ষাত ১৮-৭৫ বছৰীয়া মুঠ ১,৮৬,৪৬০ জন লোকক সামৰি লোৱা হৈছিল। 

অধ্যয়নটোৰ জৰিয়তে গৱেষকে জানিব পাৰিলে যে মূলত জীৱনশৈলী, সামাজিক বিচ্ছিন্নতা, হতাশা আৰু উচ্চগ্ৰামৰ শব্দৰ পৰিৱেশত বাস কৰাৰ ফলত এইসকল লোক শ্ৰৱণশক্তি হ্ৰাসজনিত সমস্যাত আক্ৰান্ত হৈছিল। একাংশ লোকে মধুমেহ ৰোগৰ পৰিণতিতো শ্ৰৱণশক্তিৰ সমস্যাত ভুগিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বত প্ৰায় ১৫০ কোটি লোকে নানা ধৰণৰ শ্ৰৱণশক্তি হ্ৰাসৰ সমস্যাত আক্ৰান্ত হৈছে। 

আন্তৰ্জাতিক স্বাস্থ্য সংস্থাটোৰ মতে, ২০৫০ বৰ্ষলৈকে বিশ্বত শ্ৰৱণশক্তিৰ সমস্যাত ভোগা লোকৰ সংখ্যা ২৫০ কোটিলৈ বৃদ্ধিৰ শংকা আছে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে হেডফোন আৰু য়েৰফোনৰ অত্যধিক ব্যৱহাৰৰ পৰিণতিত বিশ্বজুৰি মানুহৰ মাজত শ্ৰৱণশক্তি হ্ৰাসৰ নানা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উচ্চগ্ৰামৰ সংগীত যেনে ডিজেৰ সংগীত উপভোগৰ ফলতো মানুহৰ শ্ৰৱণশক্তিত কুপ্ৰভাৱ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ