--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ নেচনেল ইনষ্টিটিউট অৱ হেলথ এণ্ড মেডিকেলে চলোৱা এক গৱেষণামূলক অধ্যয়নৰ জৰিয়তে জানিব পৰা অনুসৰি দেশখনত সম্প্ৰতি প্ৰতি চাৰিজন ব্যক্তিৰ এজনে শ্ৰৱণশক্তিৰ সমস্যাত আক্ৰান্ত হৈছে। শ্ৰৱণশক্তিৰ সমস্যাত আক্ৰান্ত লোকসকল ক্ৰমে শ্ৰৱণশক্তিহীন হবলৈ ধৰিছে। সম্প্ৰতি ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ ২৫ শতাংশ লোক শ্ৰৱণশক্তিৰ সমস্যাত ভুগিছে। এক সমীক্ষাত ১৮-৭৫ বছৰীয়া মুঠ ১,৮৬,৪৬০ জন লোকক সামৰি লোৱা হৈছিল। 

অধ্যয়নটোৰ জৰিয়তে গৱেষকে জানিব পাৰিলে যে মূলত জীৱনশৈলী, সামাজিক বিচ্ছিন্নতা, হতাশা আৰু উচ্চগ্ৰামৰ শব্দৰ পৰিৱেশত বাস কৰাৰ ফলত এইসকল লোক শ্ৰৱণশক্তি হ্ৰাসজনিত সমস্যাত আক্ৰান্ত হৈছিল। একাংশ লোকে মধুমেহ ৰোগৰ পৰিণতিতো শ্ৰৱণশক্তিৰ সমস্যাত ভুগিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বত প্ৰায় ১৫০ কোটি লোকে নানা ধৰণৰ শ্ৰৱণশক্তি হ্ৰাসৰ সমস্যাত আক্ৰান্ত হৈছে। 

আন্তৰ্জাতিক স্বাস্থ্য সংস্থাটোৰ মতে, ২০৫০ বৰ্ষলৈকে বিশ্বত শ্ৰৱণশক্তিৰ সমস্যাত ভোগা লোকৰ সংখ্যা ২৫০ কোটিলৈ বৃদ্ধিৰ শংকা আছে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে হেডফোন আৰু য়েৰফোনৰ অত্যধিক ব্যৱহাৰৰ পৰিণতিত বিশ্বজুৰি মানুহৰ মাজত শ্ৰৱণশক্তি হ্ৰাসৰ নানা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উচ্চগ্ৰামৰ সংগীত যেনে ডিজেৰ সংগীত উপভোগৰ ফলতো মানুহৰ শ্ৰৱণশক্তিত কুপ্ৰভাৱ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু