--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্তন কৰ্কট এতিয়া ভাৰতকে ধৰি বিশ্বৰ সকলো দেশতে এক ভয়ংকৰ স্বাস্থ্যজনিত সমস্যা হিচাবে দেখা দিছে। বিজ্ঞানৰ অগ্ৰগতিয়ে স্তন কৰ্কট ৰোগ চিনাক্ত কৰাৰ প্ৰক্ৰিয়াও সহজ কৰি তুলিছে। এতিয়া সাধাৰণ তেজ পৰীক্ষাৰ জৰিয়তেই স্তন কৰ্কট ৰোগ চিনাক্ত কৰিব পৰাটো সম্ভৱ হৈ উঠিছে।শেহতীয়াকৈ তেজ পৰীক্ষাৰ জৰিয়তে স্তন কৰ্কট ৰোগ চিনাক্তকৰণৰ পদ্ধতি ভাৰততো উপলব্ধ হৈছে।

অতি প্ৰাৰম্ভিক পৰ্যায়তো থকা স্তনৰ কৰ্কট ৰোগ চিনাক্ত কৰিব পৰা তেজ পৰীক্ষা প্ৰথমবাৰৰ বাবে  ২২ জুনত দেশত আৰম্ভ কৰা হৈছে। আৰু ’ডাটাৰ কৰ্কট জেনেটিক্স’ নামৰ প্ৰতিষ্ঠানটিয়ে ভাৰতৰ এপল' চিকিৎসালয়ৰ সৈতে সন্মিলিত ভাবে  এই সেৱা আৰম্ভ কৰিছে । ’ইজিচেক ব্ৰেষ্ট’ বুলি নামকৰণ কৰা পৰীক্ষাটোৰ মূল্য ৬,০০০ টকা ধাৰ্য কৰা হৈছে।

 এই তেজ পৰীক্ষাৰ পদ্ধতিটোত যোৱা বছৰ নৱেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ দপ্তৰে অনুমোদন জনাইছিল আৰু ইয়াক ৪০ বছৰৰ অধিক বয়সৰ স্বাস্থ্যৱান মহিলাৰ বাবে বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছিল। কোনো লক্ষণ নথকা মহিলায়ো নিশ্চিতিৰ বাবে এই পৰীক্ষা কৰোৱাব  পাৰে। স্তনৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ তেজ পৰীক্ষা বিভিন্ন ব্ৰেণ্ডৰ নামেৰে ইউৰোপকে ধৰি বিশ্বৰ প্ৰায় ১৫ খন দেশত উপলব্ধ হৈছে। এই পৰীক্ষাই প্ৰায় ৯৯ শতাংশ সঠিক ফলাফল দিয়ে বুলি দাবী কৰা হৈছে।

 ভাৰতত আৰম্ভণিতে এই পৰীক্ষা এপল'ৰ চিকিৎসালয়ৰ জৰিয়তে উপলব্ধ হৈছে। কিন্তু এপল'ই এই পৰীক্ষা ইয়াৰ অন্তৰ্গত ১,৬০০ টা তেজ সংগ্ৰহ কেন্দ্ৰলৈ  সম্প্ৰসাৰিত কৰিব ।এপল' চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ প্ৰতাপ ৰেড্ডীয়ে এই পৰীক্ষাক ভাৰতীয় মহিলাৰ বাবে অতি ক্ষিপ্ৰতাৰে স্তন কৰ্কট ৰোগ চিনাক্ত কৰাৰ দিশত এক বৈপ্লৱিক পদক্ষেপ বুলি অভিহিত কৰিছে। ’ডাটাৰে’ অৱশ্যে স্পষ্ট কৰি দিছে যে অতি প্ৰাৰম্ভিক পৰ্যায়ত কৰ্কট ৰোগ চিনাক্ত কৰাত  উচ্চ সফলতাৰ হাৰ থকা স্বত্বেও, ইয়াক স্তন কৰ্কট ৰোগ যেনে মেমোগ্ৰাম আৰু আল্ট্ৰাচোনোগ্ৰাফীৰ দৰে পৰম্পৰাগত স্ক্ৰীণিং পদ্ধতিৰ বিকল্প হিচাপে গণ্য কৰা উচিত নহয়। দিল্লীৰ এপল' চিকিৎসালয়ৰ জ্যেষ্ঠ অংকলজিষ্ট ড০ ৰমেশ চাৰিনে কয় যে এয়া এটি নতুন পৰীক্ষা। সেয়ে প্ৰয়োজনত পৰম্পৰাগত স্ক্ৰীণিং পৰীক্ষা আৰু  বায়োপ্সী আদিও কৰিবলগীয়া হ’ব পাৰে।

 ডাটাৰ কৰ্কট জেনেটিক্স-এ প্ৰকাশ কৰা মতে এই তেজ পৰীক্ষাত এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে  যি প্ৰযুক্তিয়ে তেজত প্ৰবাহিত টিউমাৰ কোষ আৰু ক্লাষ্টাৰ বা বায়োমাৰ্কাৰ বোৰ চিনাক্ত কৰিব পাৰে।  ভাৰতত ৮,০০০ ৰো অধিক মহিলাৰ ক্ষেত্ৰত কৰা  নিদানিক পৰীক্ষণৰ তথ্যই দেখুৱাইছে যে এই পৰীক্ষাই ৯৯ শতাংশ শুদ্ধ ফলাফল দিছে।

এই পৰীক্ষা সম্পন্ন কৰিবলৈ মাত্ৰ ৫ মিলিলিটাৰ তেজৰ প্ৰয়োজন হয়। উল্লেখ্য স্তনৰ কৰ্কট হৈছে বিশ্বব্যাপী মহিলাসকলৰ মাজত আটাইতকৈ বেছি হোৱা কৰ্কট।২০২০ চনত বিশ্বব্যাপী স্তনৰ কৰ্কটৰ আক্ৰান্ত মহিলাৰ সংখ্যাই হাঁওফাঁওৰ কৰ্কট ৰোগক অতিক্ৰম কৰিছে। ভাৰততো, ১৯৬৫ চনৰ পৰা  আৰু ১৯৮৫  চনৰ ভিতৰত স্তনৰ কৰ্কট যথেষ্ট বৃদ্ধি পাইছিল। ২০২০ চনত ভাৰতত  ১কোটি ৮০ লাখ মহিলা স্তনৰ কৰ্কটত আক্ৰান্ত হৈছে।

ইয়াৰে প্ৰায় ৫০ শতাংশই পলমকৈ  চিনাক্ত কৰা ৰোগী। পলমকৈ ৰোগ নিৰ্ণয়ৰ ফলত বহু ক্ষেত্ৰত পৰিণতি বিষমো হ’ব পাৰে। পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতত স্তন কৰ্কট ৰোগৰ ৮০ শতাংশ দ্বিতীয় আৰু তিনি পৰ্যায়ত ধৰা পৰে ।আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত এই সংখ্যা মাত্ৰ ২৯ শতাংশ। ইয়াৰ বিপৰীতে, ভাৰতত স্তন কৰ্কটৰোগৰ মাত্ৰ ১০ শতাংশ ঘটনা প্ৰথম পৰ্যায়ত ধৰা পৰে। স্তনৰ কৰ্কট যিমানেই সোনকালে ধৰা পৰে সিমানেই চিকিৎসাও সহজ হৈ পৰে। এতিয়া তেজ পৰীক্ষাৰেই স্তনৰ কৰ্কট চিনাক্ত কৰাৰ সুবিধা অহাৰ পিছত মহিলাসকল নিশ্চয়কৈ উপকৃত হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ