--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংগীত সুৰকাৰ তথা গায়ক এআৰ ৰহমানে কমলা হেৰিছৰ সমৰ্থনত ৩০ মিনিটৰ ভিডিঅ’ প্ৰদৰ্শন ৰেকৰ্ডিং কৰিছে। এই ভিডিঅ'টো এছিয়ান আমেৰিকান এণ্ড পেচিফিক দ্বীপপুঞ্জ (এএপিআই) বিজয় পুঁজি সংস্থাই ৰেকৰ্ডিং কৰিছে। এই ভিডিঅ'টো অহা ১৩ অক্টোবৰৰ নিশা ৮ বজাত (ভাৰতীয় সময় অনুসৰি ১৪ অক্টোবৰৰ পুৱা ৫ বজাত )এএপিআইৰ ইউটিউব চেনেলত মুক্তি পাব।

US presidential elections | AR Rahman records 30-minute performance giving  boost to Kamala Harris' presidential campaign in United States - Telegraph  India

হেৰিছক সমৰ্থন কৰা দক্ষিণ এছিয়াৰ প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় শিল্পী এআৰ ৰহমান। ৫ নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। ভাৰতীয় মূলৰ কমলা এই নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী। আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে।

এএপিআই বিজয় পুঁজি হৈছে এছিয়ান-আমেৰিকানসকলক একত্ৰিত কৰিব বিচৰা এক ৰাজনৈতিক সমিতি। এএপিআই বিজয় পুঁজিৰ অধ্যক্ষ শেখৰ নৰসিংহনে কয়, ‘‘এই প্ৰদৰ্শনৰে এআৰ ৰহমানে আমেৰিকাৰ প্ৰগতিশীল চিন্তাশীল নেতা আৰু শিল্পীসকলৰ মাজত নিজৰ কণ্ঠ সংযোজন কৰিছে। এইটো কেৱল সংগীতৰ অনুষ্ঠান নহয়, আমাৰ সমাজৰ ৰাইজক একত্ৰিত হৈ নিজৰ ভৱিষ্যতৰ বাবে ভোট দিবলৈ আহ্বান জনোৱা হৈছে।’’


ইয়াৰ পূৰ্বে এআৰ ৰহমান আৰু ইণ্ডিয়াস্পোৰাৰ অধ্যক্ষ এম আৰ ৰংগাস্বামীৰ ভিডিঅ’ টিজাৰো মুকলি কৰা হৈছিল। তথ্য অনুসৰি ৰহমানৰ কিছুমান বিখ্যাত গীত এই শ্ব’ত বাজিব। ইয়াৰ লগতে হেৰিছক ভোট দিবলৈও আহ্বান জনোৱা হ’ব।

Taylor Swift Endorses Kamala Harris Following Debate

তাৰকা টেইলৰ ছুইফ্টে নিজৰ ইনষ্টাগ্ৰামত কমলা হেৰিছক সমৰ্থনৰ বাবে আহ্বান জনাইছে। টেইলৰ চুইফটে ১০ ছেপ্টেম্বৰত ইনষ্টাগ্ৰাম পোষ্টত লিখিছে- ‘‘২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মই কমলা হেৰিছ আৰু টিম ৱালজক ভোট দিম। তেওঁ অধিকাৰৰ বাবে যুঁজিবলৈ ওলাইছে।’’

তেওঁ কমলাক এগৰাকী প্ৰতিভাৱান আৰু আত্মবিশ্বাসী নেত্ৰী বুলি অভিহিত কৰিছে। টেইলৰ ছুইফ্টৰ ইনষ্টাগ্ৰামত ২৮৩ মিলিয়ন (২৮.৩০ কোটি) ফ’ল’ৱাৰ আছে। ইয়াৰ পূৰ্বে গ্ৰেমী বঁটা বিজয়ী মেগান ষ্টেলিয়নেও কমলাৰ ৰেলীত কণ্ঠদান কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement