--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংগীত সুৰকাৰ তথা গায়ক এআৰ ৰহমানে কমলা হেৰিছৰ সমৰ্থনত ৩০ মিনিটৰ ভিডিঅ’ প্ৰদৰ্শন ৰেকৰ্ডিং কৰিছে। এই ভিডিঅ'টো এছিয়ান আমেৰিকান এণ্ড পেচিফিক দ্বীপপুঞ্জ (এএপিআই) বিজয় পুঁজি সংস্থাই ৰেকৰ্ডিং কৰিছে। এই ভিডিঅ'টো অহা ১৩ অক্টোবৰৰ নিশা ৮ বজাত (ভাৰতীয় সময় অনুসৰি ১৪ অক্টোবৰৰ পুৱা ৫ বজাত )এএপিআইৰ ইউটিউব চেনেলত মুক্তি পাব।

US presidential elections | AR Rahman records 30-minute performance giving  boost to Kamala Harris' presidential campaign in United States - Telegraph  India

হেৰিছক সমৰ্থন কৰা দক্ষিণ এছিয়াৰ প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় শিল্পী এআৰ ৰহমান। ৫ নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। ভাৰতীয় মূলৰ কমলা এই নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী। আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে।

এএপিআই বিজয় পুঁজি হৈছে এছিয়ান-আমেৰিকানসকলক একত্ৰিত কৰিব বিচৰা এক ৰাজনৈতিক সমিতি। এএপিআই বিজয় পুঁজিৰ অধ্যক্ষ শেখৰ নৰসিংহনে কয়, ‘‘এই প্ৰদৰ্শনৰে এআৰ ৰহমানে আমেৰিকাৰ প্ৰগতিশীল চিন্তাশীল নেতা আৰু শিল্পীসকলৰ মাজত নিজৰ কণ্ঠ সংযোজন কৰিছে। এইটো কেৱল সংগীতৰ অনুষ্ঠান নহয়, আমাৰ সমাজৰ ৰাইজক একত্ৰিত হৈ নিজৰ ভৱিষ্যতৰ বাবে ভোট দিবলৈ আহ্বান জনোৱা হৈছে।’’


ইয়াৰ পূৰ্বে এআৰ ৰহমান আৰু ইণ্ডিয়াস্পোৰাৰ অধ্যক্ষ এম আৰ ৰংগাস্বামীৰ ভিডিঅ’ টিজাৰো মুকলি কৰা হৈছিল। তথ্য অনুসৰি ৰহমানৰ কিছুমান বিখ্যাত গীত এই শ্ব’ত বাজিব। ইয়াৰ লগতে হেৰিছক ভোট দিবলৈও আহ্বান জনোৱা হ’ব।

Taylor Swift Endorses Kamala Harris Following Debate

তাৰকা টেইলৰ ছুইফ্টে নিজৰ ইনষ্টাগ্ৰামত কমলা হেৰিছক সমৰ্থনৰ বাবে আহ্বান জনাইছে। টেইলৰ চুইফটে ১০ ছেপ্টেম্বৰত ইনষ্টাগ্ৰাম পোষ্টত লিখিছে- ‘‘২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মই কমলা হেৰিছ আৰু টিম ৱালজক ভোট দিম। তেওঁ অধিকাৰৰ বাবে যুঁজিবলৈ ওলাইছে।’’

তেওঁ কমলাক এগৰাকী প্ৰতিভাৱান আৰু আত্মবিশ্বাসী নেত্ৰী বুলি অভিহিত কৰিছে। টেইলৰ ছুইফ্টৰ ইনষ্টাগ্ৰামত ২৮৩ মিলিয়ন (২৮.৩০ কোটি) ফ’ল’ৱাৰ আছে। ইয়াৰ পূৰ্বে গ্ৰেমী বঁটা বিজয়ী মেগান ষ্টেলিয়নেও কমলাৰ ৰেলীত কণ্ঠদান কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে