--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিজৰ কলেজৰ মাচুল পৰিশোধ কৰিবলৈ এটা কিডনী বিক্ৰী কৰি বৰ্তমান চিকিৎসালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজ দিছে আয়ুষ নামৰ এজন মেধাবী যুৱকে।

ডিজিটেল ডেস্কঃ অসহায় অৱস্থাই মানুহক কেতিয়াবা এনে এক চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰে, যিয়ে মানৱতাক লজ্জানত কৰে। উচ্চ শিক্ষাৰ সপোন বুকুত বান্ধি এজন ২৩ বছৰীয়া যুৱকে যি পথ বাছি ল’লে, সেই ঘটনাই বৰ্তমান সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


নিজৰ কলেজৰ মাচুল পৰিশোধ কৰিবলৈ এটা কিডনী বিক্ৰী কৰি বৰ্তমান চিকিৎসালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজ দিছে আয়ুষ নামৰ এজন মেধাবী যুৱকে।



উত্তৰ প্ৰদেশৰ আয়ুষে এগৰাকী ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা এমবিএ (MBA) কৰি আছিল। পিতৃৰ বিয়োগৰ পিছত তেওঁৰ পৰিয়ালটো তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। যোৱা দুমাহ ধৰি কলেজৰ মাচুল দিব নোৱাৰাৰ বাবে তেওঁৰ পঢ়া-শুনা বন্ধ হোৱাৰ উপক্ৰম হৈছিল। নিজৰ কেৰিয়াৰ ৰক্ষা কৰাৰ কোনো পথ বিচাৰি নাপাই শেষত তেওঁ এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰে।


কেনেকৈ হ’ল এই অবৈধ অংগ কাৰোবাৰ?


প্ৰতিবেদন অনুসৰি, এটা অবৈধ অংগ সৰবৰাহকাৰী চক্ৰই আয়ুষক ৬ লাখ টকাৰ প্ৰলোভন দি বৃক্ক বিক্ৰী কৰিবলৈ মান্তি কৰোৱায়। যোৱা ২১ মাৰ্চত মুজাফ্ফৰনগৰৰ এখন চিকিৎসালয়ত পাৰুল নামৰ এগৰাকী মহিলাৰ দেহত আয়ুষৰ কিডনীটো সংস্থাপন কৰা হয়। কিন্তু অভিযোগ উঠিছে যে দৰিদ্ৰতাৰ সুযোগ লৈ চক্ৰটোৱে আয়ুষক প্ৰতিশ্ৰুতি দিয়া সম্পূৰ্ণ ধন নিদিলে। ইফালে, অস্ত্ৰোপচাৰৰ পিছতে আয়ুষৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। বৰ্তমান তেওঁ লক্ষ্ণৌৰ এখন হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে।


"প্লীজ,মাক নক’ব" – যুৱকজনৰ কৰুণ কাতৰোক্তি


চিকিৎসালয়ৰ বিচনাত যন্ত্ৰণাত ছটফটাই থকা আয়ুষে বৰ্তমান চৰম অনুশোচনাত ভুগিছে। সংবাদ মাধ্যমৰ লোকক দেখি তেওঁ বাৰে বাৰে এটা কথাই কৈছে— "অনুগ্ৰহ কৰি এই কথা মোৰ মাক নক'ব।" পৰিয়ালৰ দায়িত্ব ল’বলগীয়া পুত্ৰজনে মাকক অন্ধকাৰত ৰাখি এই সিদ্ধান্ত লৈছিল যাতে তেওঁৰ পঢ়া-শুনা চলি থাকে। কিন্তু ভাগ্যৰ নিষ্ঠুৰ পৰিহাসত আজি তেওঁৰ জীৱন বিপন্ন।


তদন্ত আৰু সামাজিক প্ৰতিক্ৰিয়া


এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই অবৈধ বৃক্ক বিক্ৰী চক্ৰৰ সৈতে জড়িত এজনক ইতিমধ্যে আটক কৰা হৈছে। এই ঘটনাই দেশৰ শিক্ষা ব্যৱস্থা আৰু দৰিদ্ৰতাৰ এক কৰুণ ছবি দাঙি ধৰিছে। নেপথ্যত থকা মূল দোষীসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।


এই ঘটনাই আমাক ভাবিবলৈ বাধ্য কৰিছে— এখন সমাজ হিচাপে আমি ক’ত ব্যৰ্থ হৈছো? শিক্ষাৰ দৰে মৌলিক অধিকাৰৰ বাবে এজন যুৱকে নিজৰ অংগ বিক্ৰী কৰিবলগীয়া হোৱাটোৱে আমাৰ সমাজ ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু