--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিজৰ কলেজৰ মাচুল পৰিশোধ কৰিবলৈ এটা কিডনী বিক্ৰী কৰি বৰ্তমান চিকিৎসালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজ দিছে আয়ুষ নামৰ এজন মেধাবী যুৱকে।

ডিজিটেল ডেস্কঃ অসহায় অৱস্থাই মানুহক কেতিয়াবা এনে এক চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰে, যিয়ে মানৱতাক লজ্জানত কৰে। উচ্চ শিক্ষাৰ সপোন বুকুত বান্ধি এজন ২৩ বছৰীয়া যুৱকে যি পথ বাছি ল’লে, সেই ঘটনাই বৰ্তমান সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


নিজৰ কলেজৰ মাচুল পৰিশোধ কৰিবলৈ এটা কিডনী বিক্ৰী কৰি বৰ্তমান চিকিৎসালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজ দিছে আয়ুষ নামৰ এজন মেধাবী যুৱকে।



উত্তৰ প্ৰদেশৰ আয়ুষে এগৰাকী ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা এমবিএ (MBA) কৰি আছিল। পিতৃৰ বিয়োগৰ পিছত তেওঁৰ পৰিয়ালটো তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। যোৱা দুমাহ ধৰি কলেজৰ মাচুল দিব নোৱাৰাৰ বাবে তেওঁৰ পঢ়া-শুনা বন্ধ হোৱাৰ উপক্ৰম হৈছিল। নিজৰ কেৰিয়াৰ ৰক্ষা কৰাৰ কোনো পথ বিচাৰি নাপাই শেষত তেওঁ এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰে।


কেনেকৈ হ’ল এই অবৈধ অংগ কাৰোবাৰ?


প্ৰতিবেদন অনুসৰি, এটা অবৈধ অংগ সৰবৰাহকাৰী চক্ৰই আয়ুষক ৬ লাখ টকাৰ প্ৰলোভন দি বৃক্ক বিক্ৰী কৰিবলৈ মান্তি কৰোৱায়। যোৱা ২১ মাৰ্চত মুজাফ্ফৰনগৰৰ এখন চিকিৎসালয়ত পাৰুল নামৰ এগৰাকী মহিলাৰ দেহত আয়ুষৰ কিডনীটো সংস্থাপন কৰা হয়। কিন্তু অভিযোগ উঠিছে যে দৰিদ্ৰতাৰ সুযোগ লৈ চক্ৰটোৱে আয়ুষক প্ৰতিশ্ৰুতি দিয়া সম্পূৰ্ণ ধন নিদিলে। ইফালে, অস্ত্ৰোপচাৰৰ পিছতে আয়ুষৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। বৰ্তমান তেওঁ লক্ষ্ণৌৰ এখন হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে।


"প্লীজ,মাক নক’ব" – যুৱকজনৰ কৰুণ কাতৰোক্তি


চিকিৎসালয়ৰ বিচনাত যন্ত্ৰণাত ছটফটাই থকা আয়ুষে বৰ্তমান চৰম অনুশোচনাত ভুগিছে। সংবাদ মাধ্যমৰ লোকক দেখি তেওঁ বাৰে বাৰে এটা কথাই কৈছে— "অনুগ্ৰহ কৰি এই কথা মোৰ মাক নক'ব।" পৰিয়ালৰ দায়িত্ব ল’বলগীয়া পুত্ৰজনে মাকক অন্ধকাৰত ৰাখি এই সিদ্ধান্ত লৈছিল যাতে তেওঁৰ পঢ়া-শুনা চলি থাকে। কিন্তু ভাগ্যৰ নিষ্ঠুৰ পৰিহাসত আজি তেওঁৰ জীৱন বিপন্ন।


তদন্ত আৰু সামাজিক প্ৰতিক্ৰিয়া


এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই অবৈধ বৃক্ক বিক্ৰী চক্ৰৰ সৈতে জড়িত এজনক ইতিমধ্যে আটক কৰা হৈছে। এই ঘটনাই দেশৰ শিক্ষা ব্যৱস্থা আৰু দৰিদ্ৰতাৰ এক কৰুণ ছবি দাঙি ধৰিছে। নেপথ্যত থকা মূল দোষীসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।


এই ঘটনাই আমাক ভাবিবলৈ বাধ্য কৰিছে— এখন সমাজ হিচাপে আমি ক’ত ব্যৰ্থ হৈছো? শিক্ষাৰ দৰে মৌলিক অধিকাৰৰ বাবে এজন যুৱকে নিজৰ অংগ বিক্ৰী কৰিবলগীয়া হোৱাটোৱে আমাৰ সমাজ ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ