--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উত্তৰ প্ৰদেশৰ আগ্ৰাত এগৰাকী মহিলাই তেওঁৰ প্ৰেমিকৰ সৈতে মিলি নিজ স্বামীক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

ডিজিটেল ডেস্কঃ চিনেমাৰ কাহিনীৰ দৰেই বাস্তৱতো এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল এদল অপৰাধীয়ে। 


উত্তৰ প্ৰদেশৰ আগ্ৰাত এগৰাকী মহিলাই তেওঁৰ প্ৰেমিকৰ সৈতে মিলি নিজ স্বামীক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। লোকেন্দ্ৰ নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰি আৰক্ষীয়ে তেওঁৰ পত্নী, প্ৰেমিক মহেশ আৰু আন এজন সহযোগী ধৰ্মবীৰক গ্ৰেপ্তাৰ কৰিছে।


আৰক্ষীৰ সূত্ৰ অনুসৰি, লোকেন্দ্ৰৰ পত্নীৰ সৈতে মহেশ নামৰ এজন যুৱকৰ দীৰ্ঘদিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। এই সম্পৰ্কৰ মাজত কাঁইট হৈ পৰা স্বামী লোকেন্দ্ৰক পথৰ পৰা আঁতৰাই পঠিয়াবলৈ পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি এক নিৰ্মম পৰিকল্পনা ৰচনা কৰে।


অভিযুক্তসকলে স্বীকাৰ কৰা মতে, জনপ্ৰিয় অপৰাধমূলক ছবি 'দৃশ্যম' চাই তেওঁলোকে কেনেকৈ প্ৰমাণ নষ্ট কৰিব পাৰি তাৰ বুদ্ধি উলিয়াইছিল। পৰিকল্পনা অনুসৰি প্ৰথমে লোকেন্দ্ৰক প্ৰচুৰ পৰিমাণে সুৰা খুৱাই নিচাসক্ত কৰা হৈছিল। তাৰ পিছত ডিঙি চেপি তেওঁক হত্যা কৰা হয়। মৃতদেহৰ চিনাক্তকৰণ অসম্ভৱ কৰিবলৈ তেওঁলোকে মৃতদেহটোৰ ওপৰত পেট্ৰ’ল আৰু সুৰা ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল।


এটা QR ক’ড আৰু কাগজৰ টুকুৰাই ফাদিল কৰিলে ৰহস্য


সঁইয়া অঞ্চলৰ এটা পথাৰত লোকেন্দ্ৰৰ আধাপোৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে কোনো বিশেষ ক্লু বিচাৰি পোৱা নাছিল। কিন্তু ঘটনাস্থলীত পৰি থকা এটা সুৰাৰ খালী বটল আৰু এটুকুৰা কাগজৰ টুকুৰাই তদন্তৰ মোৰ সলাই দিয়ে।


১/ সুৰাৰ বটল: আৰক্ষীয়ে বটলটোত থকা QR ক’ড স্কেন কৰি গম পায় যে সেইটো এটা নিৰ্দিষ্ট দোকানৰ পৰা কিনা হৈছিল। দোকানখনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাত মহেশ আৰু ধৰ্মবীৰক সুৰা কিনি থকা দেখা যায়।


২/ কাগজৰ টুকুৰা: আনহাতে, ঘটনাস্থলীত পোৱা কাগজৰ টুকুৰাটো এজন ফল বিক্ৰেতাৰ বুলি চিনাক্ত কৰা হয়। তেওঁ নিশ্চিত কৰে যে সেই কাগজখনত তেওঁ অভিযুক্তক ফল মেৰিয়াই দিছিল।


এই সৰু সৰু সূত্ৰবোৰৰ সহায় লৈয়েই আৰক্ষীয়ে অভিযুক্ত মহেশক আটক কৰে আৰু জেৰাৰ অন্তত গোটেই হত্যাকাণ্ডৰ কাহিনী পোহৰলৈ আহে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত তিনিওজনকে আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ