--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : বৰ্তমান ইংলেণ্ড ভ্ৰমণত ব্যস্ত হৈ আছে টীম ইণ্ডিয়া। য’ত দলটোৱে ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ পঞ্চমখন মেচত পৰাস্ত হৈছে। কিন্তু ২০২১ চনত আৰম্ভ হোৱা ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাটো ২-২ ব্যৱধানত সমাপ্ত হয়৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত টীম ইণ্ডিয়া পৰাস্ত হ’লেও বিস্ফোৰক বেটছমেন ঋষভ পন্থে নিজৰ খেলেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়। সেয়েহে তেওঁ খেলৰ এই অভিনৱ শৈলীৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত।

 ক্ৰিকেটৰ উপৰি ২৪ বছৰীয়া ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্থ বৰ্তমান বিলাসী জীৱনৰ বাবে চৰ্চাত আছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ জানিলে আপুনিও হ’ব আচৰিত। মাত্ৰ ২৪ বছৰ বয়সত ঋষভ পন্থে ইতিমধ্যে টীম ইণ্ডিয়াত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে।

 শেহতীয়াকৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত তেওঁক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ তেওঁ নিজৰ বিলাসী জীৱনশৈলীৰ বাবে শিৰোনাম দখল কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২০২১ চনত ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ আছিল ৩৯ কোটি টকাৰ মালিক। য'ত এতিয়া ঋষভ পন্থৰ মুঠ সম্পদ প্ৰায় ৬৬.৫০ কোটি টকা। কোটি কোটি টকাৰ উপৰি উত্তৰাখণ্ডৰ হৰিদ্বাৰত ঋষভ পন্থৰ এটা বিলাসী ঘৰ আছে। ইয়াৰ উপৰি বৰ্তমান সময়ৰ কেইবাখনো বিলাসী গাড়ী আছে। ঋষভ পন্থৰ গাড়ীৰ সংগ্ৰহ যথেষ্ট দৰ্শনীয় আৰু মূল্যৰ কোটি কোটি টকা। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰা গাড়ীসমূহৰ ভিতৰত আছে অ’ডি এ৮, মাৰ্চিডিজ আৰু ফৰ্ড, যাৰ মূল্য ক্ৰমে ১.৬ কোটি, ২ কোটি আৰু ৯৫ লাখ টকা।

 এই মুহূৰ্তত বেটৰ সৈতে ঋষভ পন্থৰ এটা ডাঙৰ ছন্দ আছে। ইংলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট মেচত নিজকে প্ৰমাণ কৰিলে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। ভাৰতৰ আটাইতকৈ ভয়াৱহ বেটিং দুৰ্যোগৰ সন্মুখীন হৈ তেওঁ প্ৰথম ইনিংছত অপৰাজিত ১৪৬ আৰু দ্বিতীয় ইনিংছত ৫৭ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিবলৈ বৰ্তমান আছে ঋষভ পন্থ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু