--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা সময় আছিল, ক্ৰিকেট বিশ্বত নিজৰ দমনীয় প্ৰদৰ্শনেৰে ৰাজত্ব কৰিছিল কোহলীয়ে। অনুৰাগীৰ পৰা ক্ৰিকেট বিশেষজ্ঞলৈকে সকলোৰে চকুত ধৰা দিছিল শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগৰ একমাত্ৰ সম্ভাব্য তাৰকা ৰূপে। এই সম্ভাৱনীয়তা কঢ়িয়াই সঠিকভাৱেই কেৰিয়াৰত আগবাঢ়িছিল কোহলী। নিজকে প্ৰতিষ্ঠা কৰিছিল ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে। কিন্তু হঠাতেই যেন ছন্দ পতন ঘটিল কোহলীৰ। দীঘলীয়া ইনিংছৰ বাবে বিপক্ষৰ মূৰৰ কামোৰণি হৈ পৰা খেলুৱৈগৰাকীৰ বেটত নহা হ’ল ৰান। ক্ৰিকেটৰ জগতখনত কোহলীৰ এই দীঘলীয়া ফৰ্মহীনতা অভাৱনীয়। এই ফৰ্মহীনতাৰে প্ৰভাৱ পৰিল সদ্যঘোষিত টেষ্ট ৰেংকিঙত।

যোৱা দুটা বছৰতকৈ অধিক সময় ধৰি আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত শতক শূন্য হৈ থকা কোহলী শেহতীয়া টেষ্ট ৰেংকিঙত শীৰ্ষ দহটা স্থানৰ পৰা বাহিৰ হৈছে। সুদীৰ্ঘ ছটা বছৰৰ মূৰত কোহলীৰ কেৰিয়াৰত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। মঙ্গলবাৰে সমাপ্ত হোৱা ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা এজবাষ্টন টেষ্টৰ পিছত আইচিচি টেষ্ট ৰেংকিঙত যথেষ্ট পৰিৱৰ্তন ঘটিছে। টেষ্টখনত ইংলেণ্ডৰ জয়ৰ নায়ক জনী বেয়াৰষ্ট’ৱে অভিনৱ উত্থান ঘটাই ৰেংকিঙৰ শীৰ্ষ দহত প্ৰৱেশ কৰিছে।

সম্প্ৰতি দুৰ্দান্ত ফৰ্মত থকা বেয়াৰষ্ট’ৱে ১১ টা স্থান আগুৱাই ৰেংকিঙৰ ১০ তম স্থানত উপনীত হৈছে। বৰ্তমানৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চিজনত ছয়টা শতকসহ বেয়াৰষ্ট'ৱে ৫৫.৩৬ গড়ে ১২১৮ ৰাণ সংগ্ৰহ কৰিছে। শেহতীয়া তিনিখন টেষ্টত তাৰকাগৰাকীয়ে খেলিছে চাৰিটাকৈ শতকীয় ইনিংছ।

আনহাতে শৃংখলাটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱা ইংলেণ্ডৰে জ’ ৰুটে নিজৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। এজবাষ্টনত ইংলেণ্ডৰ অভিলেখ সৃষ্টিকাৰী ৰান অনুসৰণত অপৰাজিত শতকীয় ইনিংছৰ পিছত ৰুটে টেষ্ট ক্ৰিকেটত নিজৰ সৰ্বোচ্চ ৰেটিং পইণ্ট (৯২৩) লাভ কৰিছে।
 
বৰ্তমান নিজৰ কেৰিয়াৰৰ আটাইতকৈ দুৰ্বল ফৰ্মত থকা বিৰাট কোহলী সদ্যসমাপ্ত টেষ্টখনতো চূড়ান্ত ৰূপত বিফল হয়। টেষ্টখনৰ দুয়োটা ইনিংছত ক্ৰমে মাত্ৰ ১১ আৰু ২০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা কোহলী ১৩ নং স্থানলৈ অৱনমিত হৈছে। উল্লেখ্য যে সাম্প্ৰতিক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকী ২০১৬ চনৰ পাছত প্ৰথমবাৰৰ বাবে শীৰ্ষ দহৰ বাহিৰ হৈছে।

ইফালে টেষ্টত নিজৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰখা ভাৰতৰ উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টৰ ৰেংকিঙত উত্থান ঘটিছে। এজবাষ্টন টেষ্টত প্ৰথম ইনিংছত ১৪৬ ৰানৰ শতকীয় ইনিংছ আৰু দ্বিতীয় ইনিংছত ৫৭ ৰানৰ অৰ্ধশতকীয় ইনিংছটোৰ পাছত পণ্ট কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৫ম স্থানত উপনীত হৈছে।

পণ্টৰ বিপৰীতে শীৰ্ষ দহত থকা আনগৰাকী ভাৰতীয় বেটাৰ হৈছে ৰোহিত শৰ্মা। অৱশ্যে ক’ভিডৰ বাবে টেষ্টখনৰ পৰা বাদ পৰা ৰোহিত শৰ্মাৰ এটা স্থানৰ অৱনতি ঘটিছে। নতুনকৈ প্ৰকাশিত ৰেংকিঙত ৰোহিত শৰ্মা নৱম স্থানত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ