--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড পৰিস্থিতিয়েই হওঁক বা আন কাৰণতেই বিশ্বৰ বহু ধনী ব্যক্তিয়ে প্ৰতি ঘণ্টাত হেৰুৱাই কোটি কোটি টকা। আচৰিত কথাটো হ’ল আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে এদিনত ৯.৮  বিলিয়ন ডলাৰ (প্ৰায় ৮০,০০০ কোটি টকা) হেৰুৱাইছে। আনহাতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে প্ৰতি ২৪ ঘণ্টাত লোকচানৰ সন্মুখীন হৈছে  ৮.৩৫  বিলিয়ন ডলাৰ (প্ৰায় ৭০.০০০ কোটি টকা)ৰ।  শেহতীয়াকৈ  ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি বিশ্বৰ ধনী লোকসকলে বৃহৎ পৰিমাণৰ সম্পদ হেৰুওৱা দেখা গৈছে।

অৱশ্যে ইয়াৰ বিপৰীতে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু গৌতম আদানি হৈছে বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ ১০ৰ  তালিকাৰ মাত্ৰ দুজন বিলিয়নেয়াৰ যিয়ে  কোনো  সম্পদ হেৰুৱাবলগীয়া হোৱা নাই। এই দুগৰাকী ভাৰতীয় ব্যক্তিৰ সম্পদ দিনৰ দিনে বৃদ্ধিহে পাইছে।দেৱালীৰ ভিতৰত  ৫জি সেৱা আৰম্ভ কৰিবলৈ সাজু হোৱা আম্বানীয়ে ১.২৩ বিলিয়ন ডলাৰ (৯,৭৭৫ কোটি টকা)  প্ৰতিদিনে লাভহে কৰিছে। আনহাতে বৰ্তমান বিশ্বৰ তৃতীয় ধনী ব্যক্তি আদানীয়ে ১.৫৮ বিলিয়ন ডলাৰ (১২,৫৫৬ কোটি টকা) প্ৰতি ২৪ ঘণ্টাত অৰ্জন কৰি আহিছে।  

আম্বানী আৰু আদানীক বাদ দি ৱাৰেন বাফেট, বিল গেটছ, লেৰী পেজ, বাৰ্ণাৰ্ড আৰ্নাল্ট আৰু ছেৰ্গেই ব্ৰিনকে ধৰি শীৰ্ষ ১০ জনৰ  তালিকাৰ অন্যান্য বিলিয়নেয়াৰসকলে ২৪ ঘণ্টাত  সম্পদৰ লোকচান ভৰি আহিছে।

জুলাই মাহত ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে বেজোছে  ৬৩ বিলিয়ন ডলাৰ হেৰুৱাইছিল আনহাতে ২০২২ চনৰ প্ৰথমাৰ্ধত মাস্কৰ সম্পত্তি প্ৰায় ৬২ বিলিয়ন ডলাৰ হ্ৰাস পাইছিল। সমীক্ষা অনুসৰি চলিত বৰ্ষৰ প্ৰথমাৰ্ধত বিশ্বৰ ৫০০ জন ধনী ব্যক্তিয়ে ১.৪ ট্ৰিলিয়ন ডলাৰ হেৰুৱাইছে। 

কিন্তু কি যাদুৰ বলত আম্বানী , আদানীৰ দৰে ব্যক্তিসকলে লোকচান ভৰাৰ সলনি দৈনিক কোটি কোটি টকা চন্দুকত ভৰাবলৈ সক্ষম হৈছে সেয়া বহুতৰে বাবে সাঁথৰ হৈ পৰিছে। একাংশই মন্তব্য কৰা অনুসৰি ভাৰতত সামগ্ৰী আৰু সেৱাৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাৰ প্ৰত্যক্ষ সুফল এই দুগৰাকী ধনী ব্যক্তিয়ে ভোগ কৰিবলৈ সক্ষম হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ