--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড পৰিস্থিতিয়েই হওঁক বা আন কাৰণতেই বিশ্বৰ বহু ধনী ব্যক্তিয়ে প্ৰতি ঘণ্টাত হেৰুৱাই কোটি কোটি টকা। আচৰিত কথাটো হ’ল আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে এদিনত ৯.৮  বিলিয়ন ডলাৰ (প্ৰায় ৮০,০০০ কোটি টকা) হেৰুৱাইছে। আনহাতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে প্ৰতি ২৪ ঘণ্টাত লোকচানৰ সন্মুখীন হৈছে  ৮.৩৫  বিলিয়ন ডলাৰ (প্ৰায় ৭০.০০০ কোটি টকা)ৰ।  শেহতীয়াকৈ  ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি বিশ্বৰ ধনী লোকসকলে বৃহৎ পৰিমাণৰ সম্পদ হেৰুওৱা দেখা গৈছে।

অৱশ্যে ইয়াৰ বিপৰীতে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু গৌতম আদানি হৈছে বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ ১০ৰ  তালিকাৰ মাত্ৰ দুজন বিলিয়নেয়াৰ যিয়ে  কোনো  সম্পদ হেৰুৱাবলগীয়া হোৱা নাই। এই দুগৰাকী ভাৰতীয় ব্যক্তিৰ সম্পদ দিনৰ দিনে বৃদ্ধিহে পাইছে।দেৱালীৰ ভিতৰত  ৫জি সেৱা আৰম্ভ কৰিবলৈ সাজু হোৱা আম্বানীয়ে ১.২৩ বিলিয়ন ডলাৰ (৯,৭৭৫ কোটি টকা)  প্ৰতিদিনে লাভহে কৰিছে। আনহাতে বৰ্তমান বিশ্বৰ তৃতীয় ধনী ব্যক্তি আদানীয়ে ১.৫৮ বিলিয়ন ডলাৰ (১২,৫৫৬ কোটি টকা) প্ৰতি ২৪ ঘণ্টাত অৰ্জন কৰি আহিছে।  

আম্বানী আৰু আদানীক বাদ দি ৱাৰেন বাফেট, বিল গেটছ, লেৰী পেজ, বাৰ্ণাৰ্ড আৰ্নাল্ট আৰু ছেৰ্গেই ব্ৰিনকে ধৰি শীৰ্ষ ১০ জনৰ  তালিকাৰ অন্যান্য বিলিয়নেয়াৰসকলে ২৪ ঘণ্টাত  সম্পদৰ লোকচান ভৰি আহিছে।

জুলাই মাহত ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে বেজোছে  ৬৩ বিলিয়ন ডলাৰ হেৰুৱাইছিল আনহাতে ২০২২ চনৰ প্ৰথমাৰ্ধত মাস্কৰ সম্পত্তি প্ৰায় ৬২ বিলিয়ন ডলাৰ হ্ৰাস পাইছিল। সমীক্ষা অনুসৰি চলিত বৰ্ষৰ প্ৰথমাৰ্ধত বিশ্বৰ ৫০০ জন ধনী ব্যক্তিয়ে ১.৪ ট্ৰিলিয়ন ডলাৰ হেৰুৱাইছে। 

কিন্তু কি যাদুৰ বলত আম্বানী , আদানীৰ দৰে ব্যক্তিসকলে লোকচান ভৰাৰ সলনি দৈনিক কোটি কোটি টকা চন্দুকত ভৰাবলৈ সক্ষম হৈছে সেয়া বহুতৰে বাবে সাঁথৰ হৈ পৰিছে। একাংশই মন্তব্য কৰা অনুসৰি ভাৰতত সামগ্ৰী আৰু সেৱাৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাৰ প্ৰত্যক্ষ সুফল এই দুগৰাকী ধনী ব্যক্তিয়ে ভোগ কৰিবলৈ সক্ষম হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু