--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যৱসায়িক মহলত ‘অধিগ্ৰহণ’ শব্দটো সুপৰিচিত। বিভিন্ন বৃহৎ কোম্পানীয়ে সৰু সৰু কোম্পানী অধিগ্ৰহণ কৰি নিজৰ ব্যৱসায়িক কাৰ্য্যকলাপ শক্তিশালী কৰে। দেশৰ দুই কোটিপতি গৌতম আদানী আৰু মুকেশ আম্বানীয়ে বৰ্তমান এই একে পথৰে যাত্ৰী।  বিভিন্ন কোম্পানীয়ে অধিগ্ৰহণৰ পথত আগবাঢ়িছে, নিজৰ মূল ব্যৱসায় বৃদ্ধি কৰিবলৈ। কিছুদিন পূৰ্বে আমেৰিকাৰ কোম্পানী চেনশ্বকক ৰিলায়েন্সে অধিগ্ৰহণ কৰিছিল। আৰু এতিয়া পলিয়ষ্টাৰ ব্যৱসায়ত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ দুটা কোম্পানী ক্ৰয় কৰাৰ পথত ৰিলায়েন্সে আগবাঢ়িছে।

মুকেশ আম্বানীৰ এয়া এক বিশেষ পদক্ষেপ। পলিষ্টাৰ ব্যৱসায়ত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ দুটা ডাঙৰ কোম্পানী অধিগ্ৰহণ কৰাৰ পথত ৰিলায়েন্সে আগবাঢ়িছে। এই দুটা কোম্পানীৰ নাম হৈছে শুভলক্ষ্মী পলিয়েষ্টাৰ আৰু শুভলক্ষ্মী পলিটেক্স। এই অধিগ্ৰহণত ব্যয় হৈছে প্ৰায় ১৬০০ কোটি টকা।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ নেতা মুকেশ আম্বানীয়ে পুনৰ দুটা কোম্পানী অধিগ্ৰহণ কৰাৰ পথত আগবাঢ়িছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে নিজৰ পলিষ্টাৰ ব্যৱসায় শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে, শুভলক্ষ্মী পলিটেক্স আৰু শুভলক্ষ্মী পলিষ্টাৰক ১৫৯২ কোটি টকাত কিনিবলৈ গৈ আছে। ব্যৱসায়িক ভাষাত ভাল ‘অধিগ্ৰহণ’ কৰিবলৈ আগবাঢ়িছে। এই অধিগ্ৰহণৰ বাবে মুঠ ব্যয় হ’ব ১৫৯২ কোটি টকা। ৰিলায়েন্সৰ এই সিদ্ধান্তৰ ফলত আপাততঃ এক ব্যাপক আলোচনা আৰম্ভ হৈছে।

যোৱা বিত্তীয় বৰ্ষত এই দুয়োটা কোম্পানীয়ে কিছু লোকচানৰ সন্মুখীন হৈছিল। যোৱা বছৰ শুভলক্ষ্মী পলিষ্টাৰৰ মুঠ লাভ আছিল ১৭৬৮ টকা। আনহাতে, শুভলক্ষ্মী পলিটেক্সৰ মুঠ লাভ হৈছে ২৬৭ কোটি টকা। ২০২০ চনত মুঠ লাভ আছিল ২৭০৩ কোটি টকা। এয়া আছিল শুভলক্ষ্মী পলিষ্টাৰৰ লাভৰ হাৰ। আনহাতে, শুভলক্ষ্মী পলিটেক্সৰ মুঠ সম্পত্তি আছিল ৩৩৮ কোটি টকা। এই হিচাপ অনুসৰি এবছৰত দুয়োটা কোম্পানীয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে বুলি বুজা গৈছে। প্ৰশ্ন উত্থাপন হয় যে সেই দুটা কোম্পানীয়ে ক্ষতিপূৰণ আদায় দিবলৈ ব্যৱসায়টো ৰিলায়েন্সৰ হাতত তুলি দিব বিচাৰিছে‌ নেকি? 

আনহাতে ৰিলায়েন্সৰ কোনটো কোম্পানীয়ে দুয়োটা সংগঠনৰ দায়িত্ব লাভ কৰিছে? সূত্ৰ অনুসৰি, কোম্পানী দুটাৰ দায়িত্ব ৰিলায়েন্স পেট্ৰলিয়াম ৰিটেইলৰ হাতত লোৱা হৈছে। জানিব পৰা মতে ৰিলায়েন্সৰ এই কোম্পানীটোৱেও অতি সোনকালে নিজৰ নাম সলনি কৰি ৰিলায়েন্স পলিষ্টাৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement