--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বতৰ বিজ্ঞানীসকলে এইবুলি আশংকা প্রকাশ কৰিছে যে এই বছৰৰ শেষৰ ফালে প্রশান্ত মহাসাগৰত সাগৰীয় সোঁত এল নিনোৰ সৃষ্টি হ'লে ২০২৭ বৰ্ষত বিশ্বৰ তাপমাত্রা অভিলেখ হাৰত বৃদ্ধি পাব পাৰে।

ডিজিটেল ডেস্ক : বিশ্বৰ বাবে অহা বছৰ বতৰে এক নতুন প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল প্রশান্ত মহাসাগৰত এল নিনোৰ পুনৰ উৎপত্তিৰ সম্ভাৱনা। ইয়াৰ ফলত অহা বছৰ সমগ্র বিশ্ব প্রচণ্ড গ্রীষ্ম প্রৱাহৰ কবলত পৰাৰ আশংকা কৰা হৈছে।


বতৰ বিজ্ঞানীসকলে এইবুলি আশংকা প্রকাশ কৰিছে যে এই বছৰৰ শেষৰ ফালে প্রশান্ত মহাসাগৰত সাগৰীয় সোঁত এল নিনোৰ সৃষ্টি হ'লে ২০২৭ বৰ্ষত বিশ্বৰ তাপমাত্রা অভিলেখ হাৰত বৃদ্ধি পাব পাৰে। যদি সেয়ে হয় তেতিয়া ২০২৭ বর্ষটো বিগত তিনিটা দশকৰ ভিতৰত আটাইতকৈ গৰম বর্ষ হ'ব। 


বতৰ বিজ্ঞানীসকলৰ বাবে উদ্বেগৰ বিষয়টো হ'ল যোৱা তিনিটা বছৰ ইতিমধ্যে আটাইতকৈ গৰম বর্ষ আছিল। তেনে অৱস্থাত বিশ্বৰ তাপমাত্রা পুনৰ বৃদ্ধি পালে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। দ্য গার্ডিয়ানত প্রকাশ পোৱা এটা বাতৰিত কোৱা হৈছে যে বতৰ বিজ্ঞান সংস্থা/সংগঠন তথা বতৰ বিজ্ঞানীসকলে চলিত বছৰৰ শেষৰফালে প্রশান্ত মহাসাগৰত এল নিনোৰ উৎপত্তি হোৱাৰ সম্ভাৱনা আছে বুলি প্রকাশ কৰিছে। এই ঘটনাই ২০২৭ বৰ্ষত বিশ্বৰ তাপমাত্রা বৃদ্ধিয়ে অভিলেখৰ সৃষ্টি কৰিব আৰু সমগ্র বিশ্বতে ইয়াৰ গুৰুতৰ প্রভাৱ পৰিব। বিশেষজ্ঞসকলে বাতৰিকাকতখনক কয় যে এতিয়াই নিশ্চিতভাৱে এই বিষয়ে কোৱাটো বহুত আগতীয়া হ'ব। বর্তমান চলিত বছৰতে এল নিনোৰ উৎপত্তি হ'ব বুলি নিশ্চিতভাৱে দাবী কৰিব নোৱাৰি, কিন্তু প্রশান্ত মহাসাগৰৰ পৃষ্ঠভাগত তাপমাত্রা বৃদ্ধিৰ যি ইংগিত পোৱা গৈছে তাৰ পৰা ক'ব পাৰি যে চলিত বছৰৰ শেষৰফালে সাগৰীয় সোঁত এল নিনোৰ উৎপত্তি হ'ব পাৰে। আমেৰিকাৰ নেশ্যনেল ওছেনিক এণ্ড এটম'স্ফেয়েৰি্ক এডমিনিষ্ট্ৰেশ্যন আৰু অষ্ট্ৰেলিয়াৰ ব্যুৰ' অব্ মেটেৰ'লজীয়ে কয় যে জলবায়ু মডেলে এল নিনো উৎপত্তি হোৱাৰ সম্ভাৱনাৰ সতর্কবাণী শুনাইছে। উল্লেখযোগ্য যে প্রশান্ত মহাসাগৰৰ সমুদ্রপৃষ্ঠৰ তাপমাত্ৰাৰ চক্রৰ সৈতে সমগ্র বিশ্বব চৰম বতৰৰ ঘটনাসমূহৰ সৈতে সম্পর্ক আছে। বিষুৱীয় প্রশান্ত মহাসাগৰৰ পূব অংশত স্বাভাৱিক অবস্থাতকৈ অধিক গৰম পানী জমা হৈ আমেৰিকা মহাদেশৰ উপকূললৈকে বৈ যায় আৰু ইয়াকে এল নিনো বুলি কোৱা হয়। 


এল নিনোৱে সমগ্র বিশ্বৰ তাপমাত্রাত প্রভাৱ পেলায়। অষ্ট্ৰেলিয়াৰ মেটেৰ'লজিকেল ব্যুৰ'ৰ মতে, একাংশ মডেলৰ মতে, জুনৰ পৰাই এল নিনোৰ প্রৱাহ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আন একাংশ বতৰ বিজ্ঞানীৰ মতে চলিত বছৰৰ শেষৰ ফালে এল নিনোৰ উৎপত্তি হোৱাৰ সম্ভাৱনা ৫০%হে আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ