--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ দেশ ভাৰতত যেতিয়াই কোনো মন্ত্ৰীৰ কনভয় বাহিৰলৈ ওলাই আহে তেতিয়াই আৰক্ষীৰ এস্কৰ্ট বাহন এখনো লগতে আগবাঢ়ি যায়। চহৰৰ ৰাস্তা-ঘাট মুকলি কৰি দিয়ে যাতে নিৰাপত্তাৰ কোনো ত্ৰুটি নহয়। কিন্তু আজি আমি আপোনালোকক এনে এখন দেশৰ কথা ক’বলৈ ওলাইছো, য’ত ৰাষ্ট্ৰপতিগৰাকীক কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ ৰাজপথত মুকলিকৈ ঘূৰি ফুৰা দেখা যায়। 

কেৱল এয়াই নহয়, তেওঁ নিজৰ দেশৰ প্ৰতিজন নাগৰিকক স্বীকৃতি দিয়ে আৰু তেওঁলোককো লগ পায়। এই দেশৰ নাম মল’ছিয়া, যিটো এটা মাইক্ৰ’নেচন।

আচলতে মল’ছিয়া বিশ্বৰ অন্যতম সৰু দেশ, মুঠ মাটিকালি ১১.৩ একৰ ৷ ই নেভাদাৰ ডেটন চহৰৰ ভিতৰত অৱস্থিত ৷ উল্লেখ্য যে, ১৯৭৭ চনত মল’ছিয়া প্ৰতিষ্ঠা হৈছিল ৷ এই দেশৰ জনসংখ্যা মাত্ৰ ৩৮ জন কিন্তু বৰ্তমান এই মাত্ৰ ৩ গৰাকী লোকেহে বসবাস কৰে ক’বলৈ গ’লে বৰ্তমান এই ঠাইত মাত্ৰ তিনিটা কুকুৰ আৰু তিনিগৰাকী লোকেহে বাস কৰে ৷ যদিও ৰিপাব্লিক অৱ মল’ছিয়াই নিজকে দেশ বুলি কয়, তথাপিও ৰাষ্ট্ৰসংঘই ইয়াক এতিয়াও এই ক্ষেত্ৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কাৰ্ছন চহৰৰ পৰা প্ৰায় ত্ৰিশ মিনিটৰ ড্ৰাইভত অৱস্থিত মল’ছিয়া ৰিপাব্লিক এক মাইক্ৰ’নেচন হিচাপে পৰিচিত ৷

আমেৰিকাৰ নেভাদাত অৱস্থিত এই দেশখনৰ নিজস্ব আইন, পৰম্পৰা আনকি বেলেগ মুদ্ৰাও আছে। উল্লেখ্য যে ১৯৭৭ চনত কেভিন বাউ আৰু তেওঁৰ এজন বন্ধুৰ মনত এখন সুকীয়া দেশ গঢ়ি তোলাৰ ধাৰণা আহিছিল। এনে পৰিস্থিতিত দুয়োজনে মিলি মল’ছিয়াক মাইক্ৰ’নেচন হিচাপে প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰ পৰা এতিয়ালৈকে কেভিন এই সৰু দেশখনৰ ৰাষ্ট্ৰপতি (মল’ছিয়াৰ ৰাষ্ট্ৰপতি)। তাত তেওঁ নিজকে একনায়কত্ববাদী বুলি ঘোষণা কৰিছে, আনহাতে তেওঁৰ পত্নীয়ে মল’ছিয়াৰ ফাৰ্ষ্ট লেডীৰ মৰ্যাদা লাভ কৰিছে।

কেভিনৰ বন্ধুৱে, যাৰ সৈতে তেওঁ ক্ষুদ্ৰ জাতি মল’ছিয়া গঠনৰ ধাৰণাটো কল্পনা কৰিছিল, তেওঁ অলপ সময়ৰ পিছতে এই ধাৰণাটো পৰিত্যাগ কৰিছিল। কিন্তু এই ধাৰণাটো কেভিনৰ মনত আবদ্ধ হৈ থাকিল আৰু তেওঁ নিজৰ চখটো কৰি থাকিল। ইয়াত বাস কৰা বেছিভাগ নাগৰিকেই এই দেশৰ সীমান্তৰ আশে-পাশে বাস কৰা কেভিনৰ আত্মীয়। কিন্তু এই দেশখনে এতিয়াও বিশ্বৰ কোনো চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰা নাই। এই সৰু দেশখনত দোকান, পুথিভঁৰাল, শ্মশান আদিৰ বাহিৰেও আন বহুতো সা-সুবিধা উপলব্ধ। এই অনন্য দেশখন ভ্ৰমণ কৰিবলৈ বহু লোক আহি থাকে। কিন্তু প্ৰৱেশ কৰিবলৈ পৰ্যটকসকলে পাছপ’ৰ্টত ষ্টাম্প লগাব লাগে।

যোৱা ৪০ বছৰ ধৰি কেভিনে পৰ্যটকক নিজৰ সৰু দেশখন ভ্ৰমণ কৰায়। এই ভ্ৰমণ মুঠ ২ ঘণ্টাৰ। ভ্ৰমণ কৰিবলৈ অহা মানুহে কয় যে এনে বন্ধুত্বপূৰ্ণ একনায়কত্ববাদীক খুব কমেইহে দেখা যায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু