--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ দেশ ভাৰতত যেতিয়াই কোনো মন্ত্ৰীৰ কনভয় বাহিৰলৈ ওলাই আহে তেতিয়াই আৰক্ষীৰ এস্কৰ্ট বাহন এখনো লগতে আগবাঢ়ি যায়। চহৰৰ ৰাস্তা-ঘাট মুকলি কৰি দিয়ে যাতে নিৰাপত্তাৰ কোনো ত্ৰুটি নহয়। কিন্তু আজি আমি আপোনালোকক এনে এখন দেশৰ কথা ক’বলৈ ওলাইছো, য’ত ৰাষ্ট্ৰপতিগৰাকীক কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ ৰাজপথত মুকলিকৈ ঘূৰি ফুৰা দেখা যায়। 

কেৱল এয়াই নহয়, তেওঁ নিজৰ দেশৰ প্ৰতিজন নাগৰিকক স্বীকৃতি দিয়ে আৰু তেওঁলোককো লগ পায়। এই দেশৰ নাম মল’ছিয়া, যিটো এটা মাইক্ৰ’নেচন।

আচলতে মল’ছিয়া বিশ্বৰ অন্যতম সৰু দেশ, মুঠ মাটিকালি ১১.৩ একৰ ৷ ই নেভাদাৰ ডেটন চহৰৰ ভিতৰত অৱস্থিত ৷ উল্লেখ্য যে, ১৯৭৭ চনত মল’ছিয়া প্ৰতিষ্ঠা হৈছিল ৷ এই দেশৰ জনসংখ্যা মাত্ৰ ৩৮ জন কিন্তু বৰ্তমান এই মাত্ৰ ৩ গৰাকী লোকেহে বসবাস কৰে ক’বলৈ গ’লে বৰ্তমান এই ঠাইত মাত্ৰ তিনিটা কুকুৰ আৰু তিনিগৰাকী লোকেহে বাস কৰে ৷ যদিও ৰিপাব্লিক অৱ মল’ছিয়াই নিজকে দেশ বুলি কয়, তথাপিও ৰাষ্ট্ৰসংঘই ইয়াক এতিয়াও এই ক্ষেত্ৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কাৰ্ছন চহৰৰ পৰা প্ৰায় ত্ৰিশ মিনিটৰ ড্ৰাইভত অৱস্থিত মল’ছিয়া ৰিপাব্লিক এক মাইক্ৰ’নেচন হিচাপে পৰিচিত ৷

আমেৰিকাৰ নেভাদাত অৱস্থিত এই দেশখনৰ নিজস্ব আইন, পৰম্পৰা আনকি বেলেগ মুদ্ৰাও আছে। উল্লেখ্য যে ১৯৭৭ চনত কেভিন বাউ আৰু তেওঁৰ এজন বন্ধুৰ মনত এখন সুকীয়া দেশ গঢ়ি তোলাৰ ধাৰণা আহিছিল। এনে পৰিস্থিতিত দুয়োজনে মিলি মল’ছিয়াক মাইক্ৰ’নেচন হিচাপে প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰ পৰা এতিয়ালৈকে কেভিন এই সৰু দেশখনৰ ৰাষ্ট্ৰপতি (মল’ছিয়াৰ ৰাষ্ট্ৰপতি)। তাত তেওঁ নিজকে একনায়কত্ববাদী বুলি ঘোষণা কৰিছে, আনহাতে তেওঁৰ পত্নীয়ে মল’ছিয়াৰ ফাৰ্ষ্ট লেডীৰ মৰ্যাদা লাভ কৰিছে।

কেভিনৰ বন্ধুৱে, যাৰ সৈতে তেওঁ ক্ষুদ্ৰ জাতি মল’ছিয়া গঠনৰ ধাৰণাটো কল্পনা কৰিছিল, তেওঁ অলপ সময়ৰ পিছতে এই ধাৰণাটো পৰিত্যাগ কৰিছিল। কিন্তু এই ধাৰণাটো কেভিনৰ মনত আবদ্ধ হৈ থাকিল আৰু তেওঁ নিজৰ চখটো কৰি থাকিল। ইয়াত বাস কৰা বেছিভাগ নাগৰিকেই এই দেশৰ সীমান্তৰ আশে-পাশে বাস কৰা কেভিনৰ আত্মীয়। কিন্তু এই দেশখনে এতিয়াও বিশ্বৰ কোনো চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰা নাই। এই সৰু দেশখনত দোকান, পুথিভঁৰাল, শ্মশান আদিৰ বাহিৰেও আন বহুতো সা-সুবিধা উপলব্ধ। এই অনন্য দেশখন ভ্ৰমণ কৰিবলৈ বহু লোক আহি থাকে। কিন্তু প্ৰৱেশ কৰিবলৈ পৰ্যটকসকলে পাছপ’ৰ্টত ষ্টাম্প লগাব লাগে।

যোৱা ৪০ বছৰ ধৰি কেভিনে পৰ্যটকক নিজৰ সৰু দেশখন ভ্ৰমণ কৰায়। এই ভ্ৰমণ মুঠ ২ ঘণ্টাৰ। ভ্ৰমণ কৰিবলৈ অহা মানুহে কয় যে এনে বন্ধুত্বপূৰ্ণ একনায়কত্ববাদীক খুব কমেইহে দেখা যায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ