--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰে আজিৰ দিনটোত পালন কৰা হয় ধৰিত্ৰী ঘণ্টা৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই ‘ধৰিত্ৰী ঘণ্টা’। উল্লেখযোগ্য যে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষৰ শনিবাৰে ‘ধৰিত্ৰী ঘণ্টা’ পালন কৰা হয়। 

এই দিনটোত স্থানীয় সময় অনুসৰি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হয়। এই ধৰিত্ৰী ঘণ্টা ৱৰ্ল্ড ৱাইড ফাণ্ডৰ উদ্যোগত পালন কৰা হৈ আহিছে৷ ১৯০খনতকৈও অধিক দেশত পালন কৰা আৰ্থ আৱাৰ, এই বছৰ ‘সকলোৰে বাবে পানী’ শীৰ্ষক বিষয়বস্তুৰ অধীনত পালন কৰা হ'ব৷

আৰ্থ আৱাৰৰ উদ্দেশ্য হৈছে বহনক্ষম জীৱন-যাপনৰ প্ৰতি অধিক দায়িত্ববোধৰ সৃষ্টি কৰা। একেদৰে এইবাৰ ২২ মাৰ্চ শনিবাৰে অৰ্থাৎ আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ বিশ্বজুৰি পালন কৰা হ’ব ‘ধৰিত্ৰী ঘণ্টা’। য’ত কোৱা হৈছে- ‘পৃথিৱীৰ কল্যাণৰ বাবে আপুনি দিয়ক ৬০ মিনিট। এই উপলক্ষে ৰাজ্য চৰকাৰে ‘ধৰিত্ৰী ঘণ্টা’ পালনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা