--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰে আজিৰ দিনটোত পালন কৰা হয় ধৰিত্ৰী ঘণ্টা৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই ‘ধৰিত্ৰী ঘণ্টা’। উল্লেখযোগ্য যে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষৰ শনিবাৰে ‘ধৰিত্ৰী ঘণ্টা’ পালন কৰা হয়। 

এই দিনটোত স্থানীয় সময় অনুসৰি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হয়। এই ধৰিত্ৰী ঘণ্টা ৱৰ্ল্ড ৱাইড ফাণ্ডৰ উদ্যোগত পালন কৰা হৈ আহিছে৷ ১৯০খনতকৈও অধিক দেশত পালন কৰা আৰ্থ আৱাৰ, এই বছৰ ‘সকলোৰে বাবে পানী’ শীৰ্ষক বিষয়বস্তুৰ অধীনত পালন কৰা হ'ব৷

আৰ্থ আৱাৰৰ উদ্দেশ্য হৈছে বহনক্ষম জীৱন-যাপনৰ প্ৰতি অধিক দায়িত্ববোধৰ সৃষ্টি কৰা। একেদৰে এইবাৰ ২২ মাৰ্চ শনিবাৰে অৰ্থাৎ আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ বিশ্বজুৰি পালন কৰা হ’ব ‘ধৰিত্ৰী ঘণ্টা’। য’ত কোৱা হৈছে- ‘পৃথিৱীৰ কল্যাণৰ বাবে আপুনি দিয়ক ৬০ মিনিট। এই উপলক্ষে ৰাজ্য চৰকাৰে ‘ধৰিত্ৰী ঘণ্টা’ পালনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ