--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজধানী ঢাকাত সেনাৰ টহলত পৰিস্থিতি উত্তাল হৈ পৰিছে। এই পদক্ষেপে দেশখনত ইতিমধ্যে চলি থকা ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰিছে। নৱগঠিত নেশ্যনেল চিটিজেন পাৰ্টিয়ে এই পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ সেনাক দোষাৰোপ কৰি সেনাই ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

যোৱা কেইমাহমানত এন চি পিৰ বিশিষ্ট নেতাগৰাকীয়ে মহম্মদ ইউনুছৰ পৰা সমৰ্থন লাভ কৰিছিল। অৱশ্যে একেখিনি নেতাই সেনাক "ৰাজনৈতিক হস্তক্ষেপ"ৰ অভিযোগ উত্থাপন কৰিছে। এন চি পিৰ বিশিষ্ট নেতা হাছনাত আব্দুল্লাই সংবাদমেলত কয় যে আগন্তুক নিৰ্বাচনত আৱামী লীগক অংশগ্ৰহণৰ অনুমতি দিয়াৰ বাবে সেনাবাহিনীৰ প্ৰস্তাৱটো আচলতে ৰাজনৈতিক হস্তক্ষেপৰ উদাহৰণ। তেওঁ স্পষ্টভাৱে কৈছিল যে "মুক্ত বাংলাদেশত সামৰিক হস্তক্ষেপ গ্ৰহণযোগ্য নহ'ব।"

প্ৰতিবাদী সমাৱেশত এন চি পি সমৰ্থকে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ জামানৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল। এই সমাৱেশসমূহত শ্বেখ হাছিনা আৰু তেওঁৰ সমৰ্থকসকলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰা হৈছে। যদিও সেনাই বিশ্ববিদ্যালয় চৌহদলৈ যোৱা নাছিল, তথাপিও ৰাজধানীত তেওঁলোকৰ টহল অব্যাহত আছে, যাৰ বাবে পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰিছে।

হাছনাত আব্দুল্লাই নিজৰ ফেচবুক পোষ্টত দাবী কৰিছে যে আৱামী লীগক পুনৰ ক্ষমতালৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ কয় যে ১১ মাৰ্চত "সামৰিক" কেণ্টনমেণ্টত এটা অফাৰ দিয়া হৈছিল, যিটো তেওঁক গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

যোৱা বছৰৰ আগষ্ট মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত শ্বেখ হাছিনাৰ ১৬ বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছতে অধ্যাপক যয়ুনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। 

ইউনুছে তেওঁৰ প্ৰাক্তন এছ এ ডিৰ তিনিজন নেতাক নৱগঠিত এন চি পিৰ গুৰুত্বপূৰ্ণ পদতো নিযুক্তি দিছিল। এই সময়ছোৱাত ৰাজনৈতিক অস্থিৰতাই দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈও বহু প্ৰশ্নৰ উত্থাপন কৰিছে, য’ত নিকা আৰু মুক্ত নিৰ্বাচনৰ দাবীয়ে গতি লাভ কৰিছে।

ইয়াৰ মাজতে বৈতুল মুকাৰৰাম মছজিদৰ সমীপত কেইবাটাও ইছলামিক সংগঠনে আয়োজন কৰা ধাৰাবাহিক প্ৰতিবাদী সমদলৰ পিছতে সমগ্ৰ ঢাকাত বাংলাদেশ সেনাই অভিযান তীব্ৰতৰ কৰি তুলিছে। শুকুৰবাৰে পেলেষ্টাইনত ইজৰাইলৰ কাৰ্যকলাপ আৰু ভাৰতত মুছলমানৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰে।

সম্ভাৱ্য হিংসাৰ আগজাননী দি সেনাকে ধৰি আইন প্ৰয়োগকাৰী সংস্থাই জুমাৰ নামাজৰ পূৰ্বে মছজিদ অঞ্চল আৰু ইয়াৰ আশে-পাশে নিজৰ উপস্থিতি বৃদ্ধি কৰে। আৰক্ষী আৰু সেনা দুয়োজনেই মছজিদৰ প্ৰৱেশদ্বাৰত তালাচী চলায়, আনহাতে নাইটিংগেল ছেক্সনত সীমান্তৰক্ষী বাংলাদেশৰ সদস্যসকলে নিয়োজিত হৈ থাকে। ইয়াৰ উপৰিও সমগ্ৰ ঢাকাৰ বিভিন্ন ৰাজপথ আৰু আলিবাটত সেনাৰ টহল বৃদ্ধি পোৱা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ