--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দৈয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু বি ১২ৰ অভাৱত হোৱা সমস্যা যেনে মুখৰ ঘাঁ আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰে।

ডিজিটেল ডেস্ক: আমাৰ শৰীৰটো বহুতো পুষ্টিকৰ পদাৰ্থৰে গঠিত। যিকোনো পুষ্টিকৰ উপাদানৰ অভাৱত অসংখ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰে অন্যতম গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান হ’ল ভিটামিন বি ১২। ভাৰতত বিশেষকৈ নিৰামিষভোজীৰ মাজত ভিটামিন বি ১২ৰ অভাৱ অতি সাধাৰণ। কাৰণ নিৰামিষভোজীৰ খাদ্য বেছিভাগেই উদ্ভিদ ভিত্তিক, আনহাতে ভিটামিন বি ১২ বেছিকৈ পশু খাদ্যত পোৱা যায়।


গতিকে, যদি আপুনি আমিষ খাদ্য নাখায় আৰু ভিটামিন বি ১২ৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে তেন্তে এই খবৰ আপোনাৰ বাবে। আজি আমি ক’ম তিনিবিধ নিৰামিষ খাদ্যৰ বিষয়ে যিয়ে আপোনাক ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে। জানো আহক...


১/ গাখীৰ: এগিলাচ গৰুৰ গাখীৰত প্ৰায় ১.১ মাইক্ৰ’গ্ৰাম ভিটামিন বি ১২ থাকে, যিয়ে এজন প্ৰাপ্তবয়স্কৰ বাবে দৈনিক খোৱাৰ পৰামৰ্শ দিয়া ২.৪ মাইক্ৰ’গ্ৰামৰ প্ৰায় ৪৫% যোগান ধৰে। ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰাৰ বাবে গাখীৰ খোৱাটো অতি সহজ আৰু ফলপ্ৰসূ উপায় বুলি গণ্য কৰা হয়। গৱেষণাৰ মতে গাখীৰত থকা ভিটামিন বি ১২ শৰীৰে সহজে শোষণ কৰে। তদুপৰি গাখীৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়, কিয়নো ই তেওঁলোকক প্ৰাকৃতিকভাৱে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে আৰু অতিৰিক্ত পৰিপূৰক খাদ্যৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে।


২/ দৈ: কম চৰ্বিযুক্ত দৈৰ এটা চাৰ্ভিঙত প্ৰায় ০.৬ৰ পৰা ১.০ মাইক্ৰ’গ্ৰাম ভিটামিন বি১২ থাকে। ইয়াত থকা উপকাৰী বেক্টেৰিয়াই আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰে, যাৰ ফলত বি ১২ শোষণ উন্নত হয়। দৈয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু বি ১২ৰ অভাৱত হোৱা সমস্যা যেনে মুখৰ ঘাঁ আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰে।


৩/ পনীৰ: ঘৰতে সতেজ গাখীৰৰ পৰা তৈয়াৰী ১০০ গ্ৰাম পানীৰত প্ৰায় ০.৭–০.৮ মাইক্ৰ’গ্ৰাম ভিটামিন বি১২ থাকে। এই পৰিমাণে আপোনাৰ দৈনিক প্ৰয়োজনীয়তাৰ প্ৰায় এক তৃতীয়াংশ পূৰণ কৰে। পানীৰত ১৮–২০ গ্ৰাম প্ৰটিনো থাকে। ভিটামিন বি ১২ৰ মাত্ৰা বৃদ্ধি কৰিবলৈ সপ্তাহত ৩–৪ বাৰ পনীৰ খোৱাটো বাঞ্ছনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ