--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে কোলাত দুবছৰীয়া সন্তানক লৈ নুৰ আলম আলীৰ ঘৰত নিজৰ ছোৱালীক বিচাৰি যাওঁতে বহুতো তৰ্ক-বিতৰ্কত লিপ্ত হয় নুৰ আলম আলীৰ পৰিয়ালে।

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান হৰিশিঙা আৰক্ষী আৰক্ষী থানাৰ অন্তৰ্গত ওদালগুৰিৰ কুণ্ডৰবিল৷ হিন্দুৰ পৰিচয়ৰে মুছলমান যুৱকে অপহৰণ কৰি পলুৱাই নিলে খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলাক৷ প্ৰেমৰ জালত পেলাই পলুৱাই নিয়ে দুবছৰীয়া কন্যা সন্তানৰ মাতৃ গৰাকীক। 


উল্লেখযোগ্য যে তামুলপুৰ জিলাৰ শুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঙালীপাৰাৰ ময়নুল আলীৰ পুত্ৰ নুৰ আলম আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে লাভ জেহাদ সংঘটিত কৰাৰ অভিযোগ৷ ইতিমধ্যে বোৱাৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ তুলি নুৰ আলম আলী নামৰ যুৱকজনৰ বিৰুদ্ধে প্ৰথমে হৰিশিঙা আৰক্ষী থানাৰ কাষ চাপে মহিলাগৰাকীৰ পিতৃ-মাতৃ। পিছলৈ পুনৰ শুৱাগপুৰ আৰক্ষী থানাৰ কাষ চাপিছে মহিলা গৰাকীৰ পিতৃ-মাতৃ। 


লাভ জেহাদৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো কিন্তু এতিয়া বিষয়টোত শুৱাগপুৰ আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ওলোটাই ভূক্তভোগীকহে বিভিন্ন দাবি-ধমকিৰে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। ইফালে মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে কোলাত দুবছৰীয়া সন্তানক লৈ নুৰ আলম আলীৰ ঘৰত নিজৰ ছোৱালীক বিচাৰি যাওঁতে বহুতো তৰ্ক-বিতৰ্কত লিপ্ত হয় নুৰ আলম আলীৰ পৰিয়ালে। 


গুৱাহাটীৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত নুৰ আলম আলী নামৰ যুৱকজনে কুণ্ডৰবিলৰ খ্ৰীষ্টান বিবাহিত মহিলাগৰাকীক অপহৰণ কৰাৰ অভিযোগ উঠাৰ পাছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশেষত উপায়হীন হৈ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ঘটনা সন্দৰ্ভত। লাভ জেহাদৰ বিৰুদ্ধে সততে সৰৱ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু