--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত দুৰ্নীতি বিৰোধী গণ-বিক্ষোভৰ ফলত পূৰ্বৰ চৰকাৰৰ পতন হোৱাৰ পাছত অনুষ্ঠিত নিৰ্বাচনত বলেনৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি (RSP)-য়ে বিপুল বিজয় সাব্যস্ত কৰিছে।

ডিজিটেল ডেস্ক: নেপালৰ ৰাজনীতিত এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰি ৩৫ বছৰীয়া জনপ্ৰিয় ৰেপাৰ তথা নেতা বলেন্দ্ৰ শ্বাহে (বলেন) আজি দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত দুৰ্নীতি বিৰোধী গণ-বিক্ষোভৰ ফলত পূৰ্বৰ চৰকাৰৰ পতন হোৱাৰ পাছত অনুষ্ঠিত নিৰ্বাচনত বলেনৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি (RSP)-য়ে বিপুল বিজয় সাব্যস্ত কৰিছে।



শুকুৰবাৰে কাঠমাণ্ডুৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পৌডেলৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ কৰে। নিৰ্বাচনত ২৭৫ জনীয়া সংসদত তেওঁৰ দল RSP-য়ে ১৮২ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে।


প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ মাত্ৰ এদিন পূৰ্বে বালেন শ্বাহে ছ’চিয়েল মিডিয়াত এটা নতুন ৰেপ গীত মুকলি কৰি দেশজুৰি চৰ্চা লাভ কৰিছে। 'জয় মহাকালী' শীৰ্ষক এই গীতটোত তেওঁ নেপালৰ শক্তি আৰু একতাৰ জয়গান গাইছে। গীতটোৰ কথাবোৰে দেশৰ জনসাধাৰণক একত্ৰিত হ’বলৈ আহ্বান জনাইছে।


এক নতুন ইতিহাস



কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ বলেন্দ্ৰ শ্বাহ নেপালৰ ইতিহাসত দক্ষিণৰ সমভূমি অঞ্চলৰ (মাধেশী সম্প্ৰদায়) পৰা প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী ব্যক্তি। দেশখনত দীৰ্ঘদিন ধৰি চলি থকা নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে যি জনজাগৰণ আৰম্ভ হৈছিল, তাৰ সুফল হিচাপেই বলেনৰ এই উত্থানক দেখা গৈছে। যদিও তেওঁ প্ৰত্যক্ষভাৱে প্ৰতিবাদত নামি পৰা নাছিল, তথাপিও যুৱ প্ৰজন্মৰ তেওঁ আছিল নয়নৰ মণি।


প্ৰত্যাহ্বান আৰু আন্তঃৰাষ্ট্ৰীয় সঁহাৰি


নেপালৰ ৰাজনৈতিক অস্থিৰতা এক ডাঙৰ প্ৰত্যাহ্বান, য’ত ১৯৯০ চনৰ পৰা এতিয়ালৈকে ৩২ খন চৰকাৰ সলনি হৈছে। বলেন শ্বাহৰ শপত গ্ৰহণৰ পাছতে চুবুৰীয়া দেশ চীনে তেওঁক অভিনন্দন জনাইছে আৰু নেপালৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে।


এতিয়া এজন ৰেপাৰৰ পৰা দেশৰ সৰ্বোচ্চ পদবী অলংকৃত কৰা বলেন শ্বাহে কেনেকৈ নেপালৰ অৰ্থনীতি আৰু ৰাজনীতিক এক নতুন গতি প্ৰদান কৰে, সেয়া হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ