--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • য়েমেনৰ ইৰান সমৰ্থিত 'হুথি' বিদ্রোহী বাহিনীয়ে শীঘ্ৰেই ইৰানৰ হৈ মধ্যপ্রাচ্যৰ যুদ্ধখনত অংশ লোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: আমেৰিকাই আক্রমণ অব্যাহত ৰাখিলে আন এক অতি গুৰুত্বপূৰ্ণ জলপথ বন্ধ কৰাৰ ভাবুকি দিছে ইৰানে। বিশ্বৰ সাগৰীয় পৰিবহণ ব্যৱস্থাৰ এটা গুৰুত্বপূর্ণ পথ হৈছে 'বাব আল-মান্দাব' প্রণালী। 


য়েমেনৰ ইৰান সমৰ্থিত 'হুথি' বিদ্রোহী বাহিনীয়ে শীঘ্ৰেই ইৰানৰ হৈ মধ্যপ্রাচ্যৰ যুদ্ধখনত অংশ লোৱাৰ সম্ভাৱনা আছে। যদি হুথি বিদ্রোহী গোট ইৰানৰ সমৰ্থনত যুদ্ধত নামে তেন্তে বাব আল-মান্দাব বা মান্দাব প্রণালী ইৰানে বন্ধ কৰি দিব পাৰে।


আমেৰিকা আৰু ইজৰাইলে আক্রমণ অব্যাহত ৰাখিলে এই প্রণালী শীঘ্রে বন্ধ কৰি দিয়াৰ ভাবুকি দিছে তেহৰানে। 


উল্লেখযোগ্য যে লোহিত সাগৰ আৰু চুয়েজ কেনেলক ভাৰত মহাসাগৰেৰে সংযোগ ঘটাইছে এই মান্দাৰ প্রণালীয়ে। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত এই প্রণালী আন এক গুৰুত্বপূৰ্ণ জলপথ। এই বিশ্বৰ চতুৰ্থ সর্ববৃহৎ জাহাজ পথ মান্দাব প্রণালীৰে বিশ্বৰ এক পঞ্চমাংশ খাৰুৱা তেল আৰু তৰলীকৃত প্রাকৃতিক গেছ পৰিবহণ হয়। হৰমুজ প্রণালীৰ পাছত এতিয়া ইৰানে মান্দাৰ প্রণালীও যদি বন্ধ কৰি দিয়ে তেন্তে সমগ্র বিশ্বই এক ভয়াৱহ সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু