--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম এপেক্স। দৈৰ্ঘ্য আছিল প্ৰায় ১১ ফুট। ডেৰ কোটি বছৰ আগতে পৃথিৱীত ঘূৰি ফুৰিছিল। ২০২২ চনৰ মে’ মাহত আমেৰিকাৰ ক’লৰাড’ৰ পৰা উদ্ধাৰ কৰা হয় জুৰাছিক যুগৰ বিশাল ডাইনোছৰৰ কংকাল। এইবাৰ অভিলেখ দামত বিক্ৰী হ’ল কংকালটো। এই নিলামত আমেৰিকাৰ উদ্যোগপতি কেনেথ গ্ৰীফিনে ৩৭৩ কোটি টকাতকৈও অধিক টকাত ক্ৰয় কৰিছিল এপেক্সক। ইয়াৰ আগতে কেতিয়াও কোনো জীৱাশ্মই নিলামত ইমান মূল্যত বিক্ৰী হোৱা নাছিল। নিউয়ৰ্কৰ নিলাম প্ৰতিষ্ঠান সাদাভিৰ উদ্যোগত এই নিলামৰ আয়োজন কৰা হয়।

প্ৰথম অৱস্থাত ভবা হৈছিল যে এই ষ্টেগোছ’ৰাছ জীৱাশ্মৰ মূল্য ৬০ লাখ ডলাৰলৈকে হ’ব পাৰে। এপেক্সৰ সৈতে ১৫ মিনিটৰ নিলামত আন ছটা জীৱাশ্ম পোৱা গৈছিল। কিন্তু এপেক্সে আধা ডজন প্ৰতিদ্বন্দ্বীক নক আউট কৰি শ্ৰেষ্ঠৰ শ্ৰেষ্ঠৰ খিতাপ দখল কৰে। নিলামত ই ৪৪.৬ মিলিয়ন ডলাৰ লাভ কৰিছিল, যিটো ভাৰতীয় মুদ্ৰাত ৩৭৩ কোটি টকাতকৈও অধিক। নিলামৰ পিছত গ্ৰীফিনে কয় যে, “এপেক্সৰ জন্ম আমেৰিকাত হৈছিল, এতিয়াৰ পৰা ই আমেৰিকাত থাকিব।”

১৯৯৭ চনত ছু নামৰ ডাইনোছৰৰ জীৱাশ্ম ৮২ মিলিয়ন ডলাৰত নিলাম কৰা হয়। এতিয়ালৈকে সেইটোৱেই আছিল অভিলেখ। এপেক্সে সেই অভিলেখ ভংগ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক