--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম এপেক্স। দৈৰ্ঘ্য আছিল প্ৰায় ১১ ফুট। ডেৰ কোটি বছৰ আগতে পৃথিৱীত ঘূৰি ফুৰিছিল। ২০২২ চনৰ মে’ মাহত আমেৰিকাৰ ক’লৰাড’ৰ পৰা উদ্ধাৰ কৰা হয় জুৰাছিক যুগৰ বিশাল ডাইনোছৰৰ কংকাল। এইবাৰ অভিলেখ দামত বিক্ৰী হ’ল কংকালটো। এই নিলামত আমেৰিকাৰ উদ্যোগপতি কেনেথ গ্ৰীফিনে ৩৭৩ কোটি টকাতকৈও অধিক টকাত ক্ৰয় কৰিছিল এপেক্সক। ইয়াৰ আগতে কেতিয়াও কোনো জীৱাশ্মই নিলামত ইমান মূল্যত বিক্ৰী হোৱা নাছিল। নিউয়ৰ্কৰ নিলাম প্ৰতিষ্ঠান সাদাভিৰ উদ্যোগত এই নিলামৰ আয়োজন কৰা হয়।

প্ৰথম অৱস্থাত ভবা হৈছিল যে এই ষ্টেগোছ’ৰাছ জীৱাশ্মৰ মূল্য ৬০ লাখ ডলাৰলৈকে হ’ব পাৰে। এপেক্সৰ সৈতে ১৫ মিনিটৰ নিলামত আন ছটা জীৱাশ্ম পোৱা গৈছিল। কিন্তু এপেক্সে আধা ডজন প্ৰতিদ্বন্দ্বীক নক আউট কৰি শ্ৰেষ্ঠৰ শ্ৰেষ্ঠৰ খিতাপ দখল কৰে। নিলামত ই ৪৪.৬ মিলিয়ন ডলাৰ লাভ কৰিছিল, যিটো ভাৰতীয় মুদ্ৰাত ৩৭৩ কোটি টকাতকৈও অধিক। নিলামৰ পিছত গ্ৰীফিনে কয় যে, “এপেক্সৰ জন্ম আমেৰিকাত হৈছিল, এতিয়াৰ পৰা ই আমেৰিকাত থাকিব।”

১৯৯৭ চনত ছু নামৰ ডাইনোছৰৰ জীৱাশ্ম ৮২ মিলিয়ন ডলাৰত নিলাম কৰা হয়। এতিয়ালৈকে সেইটোৱেই আছিল অভিলেখ। এপেক্সে সেই অভিলেখ ভংগ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক