--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইৰানৰ উপর্যুপৰি প্রত্যাক্রমণত কার্যতঃ দর্পচূর্ণ হ'ল মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ। যুদ্ধত আমেৰিকাৰ সামৰিক লোকচানৰ তথ্যই এই কথাকে প্রতিপন্ন কৰে।

ডিজিটেল ডেস্ক : ইৰানক জোকাই লোৱাৰ ফল হাত হাতে পাইছে আমেৰিকাই। ভেনিজুৱেলাৰ দৰে ইৰানকো অতি সহজে নিজৰ অধীনলৈ অনাৰ বাবে ইজৰাইলৰে মিলি যুদ্ধ আৰম্ভ কৰা মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অৱশেষত নিজে সাময়িক যুদ্ধ-বিৰতি ঘোষণা কৰিবলৈ বাধ্য হ'ল। 


ইৰানৰ উপর্যুপৰি প্রত্যাক্রমণত কার্যতঃ দর্পচূর্ণ হ'ল মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ। যুদ্ধত আমেৰিকাৰ সামৰিক লোকচানৰ তথ্যই এই কথাকে প্রতিপন্ন কৰে। শেহতীয়া তথ্য অনুসৰি ইৰানৰে যুদ্ধত আমেৰিকাৰ ৩৯খন যুঁজাৰু বিমান ধ্বংসপ্রাপ্ত হয়। তদুপৰি, আন ১০খন যুঁজাৰু বিমানৰ বিস্তৰ ক্ষতি হয়। মার্কিন প্রসিদ্ধ সাংবাদিক জিম লাপোর্টা আৰু কলম্বিয়াৰ সংবাদ প্রতিষ্ঠান চি বি এছৰ তথ্য অনুসৰি আমেৰিকাৰ পঞ্চম প্রজন্মৰ 'এফ-৩৫ এ' নামৰ যুঁজাৰু বিমান এখনো ইৰানী ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ভূপাতিত হয়। 


মধ্যপ্রাচ্যৰ যুদ্ধখনত ধ্বংসপ্রাপ্ত হোৱা এইখন হৈছে পঞ্চম প্ৰজন্মৰ প্ৰথমখন যুদ্ধ বিমান। ইফালে, আমেৰিকাৰ আন পাঁচখন অতি উন্নত যুঁজাৰু বিমানো ইৰানৰ আক্ৰমণত ধ্বংসপ্রাপ্ত হয়। ইয়াৰে চাৰিখন হৈছে- 'এফ ১৫ ই স্ট্রাইক ঈগল' আৰু এখন 'এ-১০ ৱাৰ্টহোগ'। তদুপৰি, আকাশতে বিপক্ষৰ আক্ৰমণৰ পূৰ্বে সাৱধান কৰিব পৰা আমেৰিকাৰ অত্যাধুনিক 'ই-৩ জি' বিমান এখনো ইৰানে গুলীয়াই ভূপাতিত কৰে। এই বিমানখন ধ্বংস কৰা কাৰ্যক মধ্যপ্রাচ্যৰ যুদ্ধখনত ইৰানৰ অন্যতম বৃহৎ সফলতা বুলি প্রকাশ পাইছে। ইফালে, ইৰানৰ আক্রমণত আমেৰিকাৰ ড্ৰ'নসমূহৰ সৰ্বাধিক ক্ষতি হৈছে। যুদ্ধ-বিৰতিৰ সময়লৈকে আমেৰিকাৰ ধ্বংসপ্রাপ্ত হোৱা যুদ্ধাস্ত্ৰৰ ৬০% হৈছে ড্র'ন। ইয়াৰ ভিতৰত আছে শেহতীয়া অত্যাধুনিক ২৪ এম কিউ-৯ এ ৰিপাৰ ড্ৰ'নো। 


ইফালে, মধ্যপ্রাচ্যৰ যুদ্ধখনত এসেকা পোৱাৰ পাছতো দম্ভ এৰা নাই ড'নাল্ড ট্রাম্পে। নিউয়ক প'ষ্টৰে এটা সাক্ষাৎকাৰত ট্রাম্পে কয় যে যদি পাকিস্তানত হোৱা আলোচনাত চুক্তি সন্দর্ভত কোনো সমাধান-সূত্র নোলায় তেন্তে আমেৰিকা পুনৰ আক্ৰমণৰ বাবে সাজু হৈ আছে। আমেৰিকাৰ যুঁজাৰু জাহাজসমূহ অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে পুনৰ সাজু কৰি তোলা হৈছে। যদি আলোচনা প্রক্রিয়াত সুফল পোৱা নাযায় তেন্তে আমেৰিকাই এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰিব বুলিও ট্রাম্পে কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ