--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জর্জিভাই প্রকাশ কৰিছে যে মধ্যপ্রাচ্যৰ যুদ্ধই বিশ্বজুৰি মুদ্রাস্ফীতি বৃদ্ধি কৰাৰ লগতে গোলকীয় বিকাশ অতি লেহেম কৰি তুলিব।

ডিজিটেল ডেস্ক : আমেৰিকা-ইৰানৰ যুদ্ধই বিশ্বৰ অর্থনীতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) পৰিচালন সঞ্চালক ক্রিষ্টালিনা জৰ্জিভাৰ মন্তব্যই যুদ্ধৰ ফলত বিশ্বৰ অৰ্থনীতিত সৃষ্ট নেতিবাচক প্রভাৱক প্রতিফলিত কৰিছে। 


জর্জিভাই প্রকাশ কৰিছে যে মধ্যপ্রাচ্যৰ যুদ্ধই বিশ্বজুৰি মুদ্রাস্ফীতি বৃদ্ধি কৰাৰ লগতে গোলকীয় বিকাশ অতি লেহেম কৰি তুলিব। তেওঁ কয় যে আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধখন সোনকালে শেষ হ'লেও গোলকীয় অর্থনৈতিক বিকাশ ধীৰ হৈয়ে থাকিব। 


সংবাদ প্রতিষ্ঠান 'ৰয়টাৰ্ছ'ৰ আগত তেওঁ এই কথা প্ৰকাশ কৰাৰ লগতে কয় যে বিশ্ব অর্থনৈতিক আউটলুকত ১৪ এপ্রিলত আই এম এফে আনুষ্ঠানিকভাৱে সংশোধিত তথ্য প্রকাশ কৰিব। উল্লেখযোগ্য যে যুদ্ধৰ ফলত গোলকীয় তেল যোগান ১৩ শতাংশ হ্রাস পাইছে। গেছৰ যোগানো বাধাগ্রস্ত হৈছে। যোগান শৃংখলা সম্পূৰ্ণৰূপে ব্যাহত হৈছে। যাৰ পৰিণতিত সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে। ইৰানে হৰমুজ প্রণালী বন্ধ কৰি ৰখাৰ ফলতে বিশ্ব অর্থনীতিত নেতিবাচক প্রভাৱ পৰিছে।


উৎসঃ দৈনিক জনমভূমি 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ