--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন দুৰ্বৃত্তই বন্দুকেৰে আক্ৰমণ কৰাত এজন যুৱক আহত হয়। পিছত উত্তেজিত ৰাইজে দুৰ্বৃত্তকেইজনক লপাথপা দিয়ে আৰু আৰক্ষীক খবৰ দিয়ে।

ডিজিটেল ডেস্ক: গোসাইগাঁৱৰ বল্লামগুৰি গাঁৱৰ পৰা যোৱা নিশা আৰক্ষীয়ে চাৰিজন সন্দেহজনক ছুপাৰী কিলাৰক মাৰণাস্ত্ৰসহ আটক কৰে। জানিব পৰা মতে, দুৰ্বৃত্তৰ দলটোৱে বল্লামগুৰি গাঁৱত মাৰণাস্ত্ৰ লৈ মুক্তভাৱে বিচৰণ কৰি আছিল। প্ৰথমতে স্থানীয় লোকে তেওঁলোকক গৰু চোৰৰ দল বুলি সন্দেহ কৰিছিল। কিন্তু তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ দেখা পাই ৰাইজে চাৰিওজনক আটক কৰি ধৰি ৰাখে।


এই সময়ছোৱাত ৰাইজ আৰু দুৰ্বৃত্তৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, এজন দুৰ্বৃত্তই বন্দুকেৰে আক্ৰমণ কৰাত এজন যুৱক আহত হয়। পিছত উত্তেজিত ৰাইজে দুৰ্বৃত্তকেইজনক লপাথপা দিয়ে আৰু আৰক্ষীক খবৰ দিয়ে।


গোসাইগাঁও আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ১৫ দিন পূৰ্বেই তথ্য লাভ কৰিছিল যে বহিঃৰাজ্যৰ এটা ছুপাৰী কিলাৰৰ দলে অসমত প্ৰৱেশ কৰি অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা আছে। সেই অনুসৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। অৱশেষত যোৱা নিশা স্থানীয় ৰাইজৰ সজাগতাৰ ফলত তেওঁলোকৰ পৰিকল্পনা বিফল হয়।


আৰক্ষীয়ে ধৃতসকলৰ পৰা সজীৱ গুলিসহ এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিছে। ধৃত চাৰিজনক উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ ধৰমবীৰ গৌতম, বিকাশ চৌধুৰী, সূৰজ গৌতম আৰু নিজামিছ আলী বুলি চিনাক্ত কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু