--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন দুৰ্বৃত্তই বন্দুকেৰে আক্ৰমণ কৰাত এজন যুৱক আহত হয়। পিছত উত্তেজিত ৰাইজে দুৰ্বৃত্তকেইজনক লপাথপা দিয়ে আৰু আৰক্ষীক খবৰ দিয়ে।

ডিজিটেল ডেস্ক: গোসাইগাঁৱৰ বল্লামগুৰি গাঁৱৰ পৰা যোৱা নিশা আৰক্ষীয়ে চাৰিজন সন্দেহজনক ছুপাৰী কিলাৰক মাৰণাস্ত্ৰসহ আটক কৰে। জানিব পৰা মতে, দুৰ্বৃত্তৰ দলটোৱে বল্লামগুৰি গাঁৱত মাৰণাস্ত্ৰ লৈ মুক্তভাৱে বিচৰণ কৰি আছিল। প্ৰথমতে স্থানীয় লোকে তেওঁলোকক গৰু চোৰৰ দল বুলি সন্দেহ কৰিছিল। কিন্তু তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ দেখা পাই ৰাইজে চাৰিওজনক আটক কৰি ধৰি ৰাখে।


এই সময়ছোৱাত ৰাইজ আৰু দুৰ্বৃত্তৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, এজন দুৰ্বৃত্তই বন্দুকেৰে আক্ৰমণ কৰাত এজন যুৱক আহত হয়। পিছত উত্তেজিত ৰাইজে দুৰ্বৃত্তকেইজনক লপাথপা দিয়ে আৰু আৰক্ষীক খবৰ দিয়ে।


গোসাইগাঁও আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ১৫ দিন পূৰ্বেই তথ্য লাভ কৰিছিল যে বহিঃৰাজ্যৰ এটা ছুপাৰী কিলাৰৰ দলে অসমত প্ৰৱেশ কৰি অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা আছে। সেই অনুসৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। অৱশেষত যোৱা নিশা স্থানীয় ৰাইজৰ সজাগতাৰ ফলত তেওঁলোকৰ পৰিকল্পনা বিফল হয়।


আৰক্ষীয়ে ধৃতসকলৰ পৰা সজীৱ গুলিসহ এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিছে। ধৃত চাৰিজনক উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ ধৰমবীৰ গৌতম, বিকাশ চৌধুৰী, সূৰজ গৌতম আৰু নিজামিছ আলী বুলি চিনাক্ত কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ