--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্বামীৰ কামোৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা চুফিয়া বেগমক চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল ৷ কিন্তু বাবুপট্টীৰ ভাড়াঘৰৰ গৰাকীয়ে আজি পুৱা চুফিয়া বেগমৰ অৱস্থা সংকটজনক দেখি জৰুৰী সেৱাৰ যোগেদি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মহিলাগৰাকীৰ মৃত্যু হয় ৷

ডিজিটেল ডেস্ক: এক শিহৰণকাৰী ঘটনাই জোঁকাৰিছে শিৱসাগৰ ৷ স্বামীৰ কামোৰত পত্নীৰ মৃত্যু হোৱাৰ পাছতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷


শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কক্ষত মৃত্যু হৈছে চুফিয়া বেগম নামৰ মহিলাগৰাকীৰ ৷


পত্নীক কামুৰি আঘাত কৰাৰ কথা স্বীকাৰ কৰিছে স্বামী ইউচুফ আলীয়ে৷ যোৱা ১২ জুলাইৰ নিশা বাবুপট্টীৰ ভাড়াঘৰত স্বামী ইউচুফ আলীয়ে পত্নী চুফিয়া বেগমৰ বাওঁ হাতত কামুৰিছিল ৷


স্বামীৰ কামোৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা চুফিয়া বেগমক চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল ৷ কিন্তু বাবুপট্টীৰ ভাড়াঘৰৰ গৰাকীয়ে আজি পুৱা চুফিয়া বেগমৰ অৱস্থা সংকটজনক দেখি জৰুৰী সেৱাৰ যোগেদি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মহিলাগৰাকীৰ মৃত্যু হয় ৷


কৰ্তব্যৰত চিকিৎসকে চেপ্তিচেমিয়াৰ বাবেই মহিলাগৰাকীৰ বিয়লি ১ বাজি ৪০ মিনিটত মৃত্যু হৈছে বুলি জানিবলৈ দিছে ৷


দুগৰাকী পত্নী বাবুপট্টী আৰু ধাইআলিত ৰখা ইউচুফ আলীয়ে নিজ মুখে এই বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰাৰ বিপৰীতে চুফিয়া বেগমৰ মাতৃ গৃহৰ তৰফৰ পৰা আৰক্ষীক অভিযোগ দাখিল কৰা নাই ৷ ইউচুফ আলীৰ ঘৰ মৰিগাঁৱত। কৰ্মসূত্ৰে থাকে শিৱসাগৰত। 


ইউচুফ আলীয়ে কোৱা অনুসৰি পূৰ্বে তেওঁলোকৰ মাজত কোনো মাৰ-ধৰৰ ঘটনা সংঘটিত হোৱা নাই, ঘটনাটো ঘটাৰ দিনা পত্নীয়ে কিবা কথাত কাজিয়া লাগি তেওঁৰ গালত কামুৰিছিল সেয়ে তেঁৱো খঙৰ ভমকত পত্নীৰ হাতত কামুৰি দিয়ে। মদ্যপান কৰি আছিল বুলিও স্বীকাৰোক্তি দিয়ে ইউচুফে।


শেহতীয়াকৈ আই চি ইউ কক্ষৰ সন্মুখত চিকিৎসালয় সংলগ্ন তহলদাৰী আৰক্ষীৰ দল উপস্থিত হৈছে 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু