--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্বামীৰ কামোৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা চুফিয়া বেগমক চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল ৷ কিন্তু বাবুপট্টীৰ ভাড়াঘৰৰ গৰাকীয়ে আজি পুৱা চুফিয়া বেগমৰ অৱস্থা সংকটজনক দেখি জৰুৰী সেৱাৰ যোগেদি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মহিলাগৰাকীৰ মৃত্যু হয় ৷

ডিজিটেল ডেস্ক: এক শিহৰণকাৰী ঘটনাই জোঁকাৰিছে শিৱসাগৰ ৷ স্বামীৰ কামোৰত পত্নীৰ মৃত্যু হোৱাৰ পাছতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷


শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কক্ষত মৃত্যু হৈছে চুফিয়া বেগম নামৰ মহিলাগৰাকীৰ ৷


পত্নীক কামুৰি আঘাত কৰাৰ কথা স্বীকাৰ কৰিছে স্বামী ইউচুফ আলীয়ে৷ যোৱা ১২ জুলাইৰ নিশা বাবুপট্টীৰ ভাড়াঘৰত স্বামী ইউচুফ আলীয়ে পত্নী চুফিয়া বেগমৰ বাওঁ হাতত কামুৰিছিল ৷


স্বামীৰ কামোৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা চুফিয়া বেগমক চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল ৷ কিন্তু বাবুপট্টীৰ ভাড়াঘৰৰ গৰাকীয়ে আজি পুৱা চুফিয়া বেগমৰ অৱস্থা সংকটজনক দেখি জৰুৰী সেৱাৰ যোগেদি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মহিলাগৰাকীৰ মৃত্যু হয় ৷


কৰ্তব্যৰত চিকিৎসকে চেপ্তিচেমিয়াৰ বাবেই মহিলাগৰাকীৰ বিয়লি ১ বাজি ৪০ মিনিটত মৃত্যু হৈছে বুলি জানিবলৈ দিছে ৷


দুগৰাকী পত্নী বাবুপট্টী আৰু ধাইআলিত ৰখা ইউচুফ আলীয়ে নিজ মুখে এই বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰাৰ বিপৰীতে চুফিয়া বেগমৰ মাতৃ গৃহৰ তৰফৰ পৰা আৰক্ষীক অভিযোগ দাখিল কৰা নাই ৷ ইউচুফ আলীৰ ঘৰ মৰিগাঁৱত। কৰ্মসূত্ৰে থাকে শিৱসাগৰত। 


ইউচুফ আলীয়ে কোৱা অনুসৰি পূৰ্বে তেওঁলোকৰ মাজত কোনো মাৰ-ধৰৰ ঘটনা সংঘটিত হোৱা নাই, ঘটনাটো ঘটাৰ দিনা পত্নীয়ে কিবা কথাত কাজিয়া লাগি তেওঁৰ গালত কামুৰিছিল সেয়ে তেঁৱো খঙৰ ভমকত পত্নীৰ হাতত কামুৰি দিয়ে। মদ্যপান কৰি আছিল বুলিও স্বীকাৰোক্তি দিয়ে ইউচুফে।


শেহতীয়াকৈ আই চি ইউ কক্ষৰ সন্মুখত চিকিৎসালয় সংলগ্ন তহলদাৰী আৰক্ষীৰ দল উপস্থিত হৈছে 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ