--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাই কেইবাখনো দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে অতি সোনকালে ৪১খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ৪১খন দেশৰ তালিকাত অন্তৰ্ভুক্ত আছে চুবুৰীয়া দেশ পাকিস্তানো।

আনহাতে এই ৪১খন দেশৰ তালিকা তিনিটা ভিন্ন গোটত বিভক্ত কৰা হৈছে। ইয়াৰে প্ৰথমটো গোটত থকা দেশকেইখনৰ ভিতৰত আছে আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়াৰ দৰে ১০খন দেশৰ নাম। এই দেশসমূহৰ নাগৰিকৰ ভিছা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। দ্বিতীয়টো গোটত থকা দেশকেইখন হৈছে ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডান। এই দেশসমূহে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ’ব যদিও কিছুমান ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে।আনহাতে তৃতীয়টো গোটত বেলাৰুছ, পাকিস্তান আৰু তুৰ্কমেনিস্তানৰ দৰে দেশকে ধৰি ২৬খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহৰ নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক