--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাই কেইবাখনো দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে অতি সোনকালে ৪১খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ৪১খন দেশৰ তালিকাত অন্তৰ্ভুক্ত আছে চুবুৰীয়া দেশ পাকিস্তানো।

আনহাতে এই ৪১খন দেশৰ তালিকা তিনিটা ভিন্ন গোটত বিভক্ত কৰা হৈছে। ইয়াৰে প্ৰথমটো গোটত থকা দেশকেইখনৰ ভিতৰত আছে আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়াৰ দৰে ১০খন দেশৰ নাম। এই দেশসমূহৰ নাগৰিকৰ ভিছা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। দ্বিতীয়টো গোটত থকা দেশকেইখন হৈছে ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডান। এই দেশসমূহে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ’ব যদিও কিছুমান ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে।আনহাতে তৃতীয়টো গোটত বেলাৰুছ, পাকিস্তান আৰু তুৰ্কমেনিস্তানৰ দৰে দেশকে ধৰি ২৬খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহৰ নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ