--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুদিনৰ মূৰত এদিনীয়া ফৰ্মেটলৈ ঘূৰি আহিল মহম্মদ ছামী। নাগপুৰত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম অভাৰত বলিং কৰে মহম্মদ ছামীয়ে। ইংৰাজ বেটছমেনসকলে এই অভাৰত ৰান সংগ্ৰহ কৰিবলৈ ব্যৰ্থ হয়। এইদৰে মহম্মদ শ্বামীয়ে মেডেন অভাৰেৰে আৰম্ভণি কৰে।

ভাৰতৰ হৈ প্ৰথম অভাৰত বলিং কৰে মহম্মদ ছামীয়ে। একে সময়তে ইংলেণ্ডৰ অ’পেনাৰ ফিল ছল্ট ষ্ট্ৰাইক ৰেটত আছিল। মহম্মদ ছামীৰ একেৰাহে ৬টা বলত ৰান কৰিবলৈ ব্যৰ্থ হয় ফিল ছল্ট।

মহম্মদ ছামীয়ে প্ৰথম স্পেলত ৪ অভাৰত বলিং কৰে। য’ত তেওঁ ১ মেডেনৰ সৈতে ১৯ ৰান দিছিল। যদিও মহম্মদ ছামীয়ে সফলতা লাভ কৰা নাছিল, তথাপিও ইংৰাজ বেটছমেনক অশান্তি দিবলৈ তেওঁ নিশ্চিতভাৱে সফল হৈছিল।

উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ডৰ ৩খন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল নাগপুৰত অনুষ্ঠিত হৈছে। এই মেচখনত ইংৰাজ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ পূৰ্বে টি-২০ শৃংখলাত ইংলেণ্ডক ৪-১ত পৰাস্ত কৰিছিল ভাৰতে। অৱশ্যে এতিয়া দুয়োটা দলে এদিনীয়া ফৰ্মেটত মুখামুখি হৈছে। ইয়াৰ পিছত দুয়োটা দলে চেম্পিয়নছ ট্ৰফীলৈ ৰাওনা হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ