--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ আমন্ত্রণ লাভ কৰিলে বৰুণ চক্রৱর্তীয়ে। ইংলিছ বাহিনীৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান পোৱা বৰুণক চেম্পিয়নছ ট্রফীৰ আগেয়ে ৫০ অ'ভাৰৰ ক্ৰিকেটত প্রত্যক্ষ কৰিব খোজে প্রশিক্ষক গৌতম গম্ভীৰে। 

বৰুণক দলভুক্ত কৰাৰ বিষয়ে সদৰী কৰে সহঃঅধিনায়ক শুভমন গীলে। ইয়াৰ পূর্বে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫জনীয়া দলত নাছিল বৰুণৰ নাম। নাগপুৰলৈ মাতি পঠিওৱা হৈছে বৰুণক। কলকাতা নাইট ৰাইডাৰ্ছৰ স্পীনাৰ বৰুণক মঙলবাৰে অনুশীলনত নমা দেখা যায়। 

নেটত তেওঁ বিৰাট কোহলী, ৰোহিত শর্মা আৰু ঋষভ পণ্টৰ বিৰুদ্ধে বলিং কৰা দেখা পোৱা গ'ল। বৰুণক কি কাৰণত দললৈ আমন্ত্রণ জনোৱা হ'ল সেয়া জানিব পৰা হোৱা নাছিল। দলত ৰবীন্দ্র জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱ থকা সত্ত্বেও বৰুণক অন্তর্ভুক্ত কৰা হয়। অৱশ্যে অনুশীলনৰ পাছত গীলে ৰাজহুৱা কৰে বৰুণৰ অন্তর্ভুক্তিৰ বিষয়ে। 

পৰৱৰ্তী সময়ত বি চি চি আয়ে বৰুণক দলভুক্ত কৰাৰ বিষয়ে নিশ্চিত কৰে। উল্লেখযোগ্য যে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাত বৰুণে দখল কৰিছিল ১৪টা উইকেট। উন্নত প্রদর্শন দাঙি ধৰাৰ বাবেই বৰুণে দলত স্থান পাবলৈ সক্ষম হয়।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ