--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছে আজি এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অংশ লয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, সুস্মিতা দেৱ, আব্দুল খালেক আদি নেতাসকল। সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে জিতেন্দ্ৰ সিঙে।

আৰু পঢ়িব পাৰিব : ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱা ব্যৱসায়ী চাৰিদিনে সন্ধানহীন

বিজেপিয়ে ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰে নেতাগৰাকীয়ে। তাৰ বিপৰীতে কংগ্ৰেছে ৰাইজক বিচাৰিছে ৫টা গেৰেণ্টী দিয়াৰ কথা প্ৰকাশ কৰে। নিৰ্বাচন উপলক্ষে কংগ্ৰেছে ৰাইজৰ বাবে প্ৰস্তুত কৰা ৫টা গেৰেণ্টীৰ প্ৰথমটো গেৰেণ্টী ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ‘৫লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টী’ দিয়ে সভাপতি বৰাই। ইয়াৰ আঁত ধৰি দেৱব্ৰত শইকীয়া কয়, গঠন কৰা হ’ব ‘নিয়োগ সৃষ্টি মন্ত্ৰণালয়’।

আৰু পঢ়িব পাৰিব : বাইক ৰাইডাৰৰ বাবে সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলতো হ’ব Motocross Track

সংবাদমেলখনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, কেৱল ভুৱা প্ৰতিশ্ৰুতিৰে, কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ কংগ্ৰেছে এই ‘গেৰেণ্টী’ দিয়া নাই। আনগৰাকী সাংসদ গৌৰৱ গগৈয়ে ডেৰ মাহৰ পাছতে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰি নিয়োগৰ সমস্যা সমাধান কৰা হ’ব বুলি সদৰী কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বছৰি ১লাখকৈ ৫বছৰত ৫লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ