--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছে আজি এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অংশ লয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, সুস্মিতা দেৱ, আব্দুল খালেক আদি নেতাসকল। সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে জিতেন্দ্ৰ সিঙে।

আৰু পঢ়িব পাৰিব : ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱা ব্যৱসায়ী চাৰিদিনে সন্ধানহীন

বিজেপিয়ে ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰে নেতাগৰাকীয়ে। তাৰ বিপৰীতে কংগ্ৰেছে ৰাইজক বিচাৰিছে ৫টা গেৰেণ্টী দিয়াৰ কথা প্ৰকাশ কৰে। নিৰ্বাচন উপলক্ষে কংগ্ৰেছে ৰাইজৰ বাবে প্ৰস্তুত কৰা ৫টা গেৰেণ্টীৰ প্ৰথমটো গেৰেণ্টী ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ‘৫লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টী’ দিয়ে সভাপতি বৰাই। ইয়াৰ আঁত ধৰি দেৱব্ৰত শইকীয়া কয়, গঠন কৰা হ’ব ‘নিয়োগ সৃষ্টি মন্ত্ৰণালয়’।

আৰু পঢ়িব পাৰিব : বাইক ৰাইডাৰৰ বাবে সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলতো হ’ব Motocross Track

সংবাদমেলখনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, কেৱল ভুৱা প্ৰতিশ্ৰুতিৰে, কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ কংগ্ৰেছে এই ‘গেৰেণ্টী’ দিয়া নাই। আনগৰাকী সাংসদ গৌৰৱ গগৈয়ে ডেৰ মাহৰ পাছতে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰি নিয়োগৰ সমস্যা সমাধান কৰা হ’ব বুলি সদৰী কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বছৰি ১লাখকৈ ৫বছৰত ৫লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা