--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্মম, নৃশংস। দেশৰ কৃষক আন্দোলনৰ মূল কেন্দ্ৰ সিংঘু সীমান্তত শুকুৰবাৰে উদ্ধাৰ হোৱা এটা মৃতদেহে দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। এখন হাত কটা মৃতদেহটো ওলোমাই থোৱা হৈছিল ৰাজপথত থকা এটা আৰক্ষীৰ বেৰিকেডত। তেজে তুমৰলি এই মৃতদেহটো দৃষ্টিগোচৰ হোৱাৰ লগে লগে নৃশংসতা আৰু বিভৎস বৰ্বৰতাই সকলোৰে নাড়ী পাক খুৱাই পেলাইছিল। শেহতীয়াকৈ এই হত্যাকাণ্ডৰ আঁৰৰ ভালেমান তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, হত্যাকাণ্ডৰ বলি হোৱা লখবীৰ সিং নামৰ লোকজন আছিল হাৰিয়ানাৰ টৰ্ণ-টৰন জিলাৰ চেমা কালান গাঁৱৰ বাসিন্দা। জেপত মাত্ৰ পঞ্চাশ টকা লৈ ঘৰৰ পৰা ওলাই আহিছিল শ্ৰমিক হিচাপে জীৱন-নিৰ্বাহ কৰা লোকজন। তাৰ পাছতে সকলোৰে পৰা সংযোগ বিচ্ছিন্ন হৈ পৰা লোকজনৰ মৃতদেহ এক অসহনীয় বৰ্বৰতাৰ নিৰ্দশন বহন কৰা অৱস্থাত উদ্ধাৰ হয় হাৰিয়ানাৰ শনিপাত জিলাৰ কুন্দিলত।

মৃতদেহ
pragnews

যিখন ঠাই কৃষি আইনবিৰোধী প্ৰতিবাদী কৃষকৰ অন্যতম কেন্দ্ৰ। তেওঁৰ এখন কটা হাত তেজে তুমৰলি অৱস্থাত মাটিত পৰি আছিল। প্ৰচণ্ড যন্ত্ৰণাত কোঙা হৈ পৰিছিল শৰীৰ। এখন ভৰিও আছিল কটা ৰূপত। কিন্তু কোনে আৰু কিয় হত্যা কৰিছিল লখবীৰ সিং নামৰ এই শ্ৰমিকজনক। ঘৰৰ পৰা মাত্ৰ পঞ্চাশ টকা লৈ ওলাই অহা লোকজনে কিদৰে আহি হাৰিয়ানা-দিল্লী সীমান্ত পইছিলহি এনে বহু প্ৰশ্নৰ উদ্ৰেগ ঘটিছিল সেই সময়ত। এতিয়া এনে বহু প্ৰশ্নৰ উত্তৰ পোৱা গৈছে।


লখবীৰক হত্যা কৰা বুলি দাবী কৰি ‘নিহংগ’ নামৰ শিখ সংগঠনটোৰ এজন সদস্য সৰৱজিৎ সিঙে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰি ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে। তেওঁক আদালতত হাজিৰ কৰি পুনৰ জিম্মাত বিচাৰিব ক্ৰাইম ব্ৰাঞ্চে। কেইদিনমান ধৰি সিংঘু সীমান্তৰ ‘নিহংগ’ৰ এটা শিবিৰৰ কাষত অৱস্থান কৰি থকা লখবীৰে ‘নিহংগ’ৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ‘সৰ্বলোহ গ্ৰন্থ’ক অৱমাননা কৰাৰ অভিযোগত তেওঁক নিৰ্মম শাস্তি বিহা হৈছিল। তেওঁৰ বাওঁহাতখন কাটি পেলাই থোৱা হৈছিল পথত। তাৰ পাছতে অতি পীড়াদায়ক মৃত্যুক আকোঁৱালি লয় লোকজনে। পাছত তেওঁৰ মৃতদেহ ওলোমাই থোৱা হয় আৰক্ষীৰ এটা বেৰিকেডত। হত্যাৰ বলি হোৱা লখবীৰৰ ভগ্নী ৰাজ কৌৰে তেওঁৰ দুৰ্ভাগ্যজনক পৰিণতিৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পত্নী আৰু তিনিটা নাবালক সন্তানক এৰি থৈ যোৱা লখবীৰৰ ৮. ১০ আৰপ ১২ বছৰীয়া সন্তানকেইটিৰ দায়িত্ব কোনে ল’ব বুলিও তেওঁ প্ৰশ্ন কৰে। উল্লেখ্য যে, লখবীৰক পত্নীয়ে এৰি থৈ গৈছিল আৰু তেওঁ ভগ্নীৰ সৈতে বসবাস কৰিছিল। ঘৰৰপৰা ১৫ কিলোমিটাৰ আঁতৰৰ চাব্বললৈ যাম বুলি ভনীয়েকৰ পৰা ৫০ টকা খুজি নিয়া লোকজনক কোনে দিল্লীলৈকে লৈ গৈছিল তাক লৈও প্ৰশ্ন তুলিছে ৰাজ কৌৰে।


এইখিনিতে প্ৰশ্ন হয় চৰম বৰ্বৰতাৰ পৰিচয় দিয়া কি এই ‘নিহংগ’?
নিহংগ হৈছে শিখ যোদ্ধাৰ এটা সংগঠন। নীলা পোচাক, প্ৰাচীন অস্ত্ৰ যেনে, তৰোৱাল, ছুৰী আৰু সুসজ্জিত পাগুৰি পৰিধান কৰাটো তেওঁলোকৰ পৰিচয়। তেওঁলোকক ভয়-ভীতিহীন তথা অতি আৱেগবৰ্জিত চৰিত্ৰৰ যোদ্ধা বুলি চিহ্নিত কৰি অহা হৈছে। যাক যন্ত্ৰণা বা আৰাম একোৱেই বিচলিত কৰিব নোৱাৰে। বিশেষ প্ৰশিক্ষণৰ মাজেৰে তেওঁলোকে নিজকে পূৰ্ণ যোদ্ধা হিচাপে গঢ়ি তোলে বুলি বিভিন্নজন বুৰঞ্জীবিদে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক