--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বন্দী জীৱনেই হৈ পৰিছে শ্বাহৰুখ পুত্ৰ আৰিয়ান পৰিচয়। কয়দী নম্বৰ এন ৯৬৫ কাৰাবন্দী আৰিয়ান। মুম্বাই সত্ৰ আদালতে ইতিমধ্যে আৰিয়ানৰ জামিন আবেদনৰ ৰায় স্থগিত ৰাখিছে। অৰ্থাৎ শ্বাহৰুখৰ পুত্ৰই ২০ অক্টোবৰলৈকে কাৰাগাৰত থাকিব লাগিব। এনে হতাশাজনক সংবাদে স্বাভাৱিকতে ব্যথিত কৰি তুলিছে শ্বাহৰুখ পত্নী গৌৰী খানক। পুত্ৰ মুখলৈ চাই হিয়া ঢাকুৰি কান্দিছে মাতৃ গৌৰীয়ে।

দূৰৈৰ পৰাই সাক্ষাত্‍ কৰিছে পুত্ৰক। ক’ৰ’নাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰৰ বন্দীসকলক তেওঁলোকৰ পৰিয়ালৰ সৈতে সাক্ষাত্‍ৰ অনুমতি দিয়া নাই কৰ্তৃপক্ষই। অৱশ্যে বন্দীসকলে মাহত দুই বা তিনিবাৰ ভিডিঅ' কলযোগে পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিব পাৰে। আৰিয়ান ৰ ক্ষেত্ৰতো একে নিয়মেই বলবত্‍ কৰিছে আদালতে। আৰিয়ানে ভিডিঅ' কলত মাতৃৰ সৈতে কথা পাতে। জানিবলৈ পোৱা মতে, আৰিয়ানে ভিডিঅ’ কলটোত পিতৃ শ্বাহৰূখ আৰু মাতৃ গৌৰী খানৰ সৈতে ১০ মিনিট সময় কথা পাতে। গৌৰীয়ে পুত্ৰৰ শেতা পৰা মুখখন দেখি দুখ প্ৰকাশ কৰে। কাৰাগাৰত কি ঘটিছে? আৰিয়ানক কেনেদৰে ব্যৱহাৰ কৰা হৈছে? কাৰাগাৰৰ খাদ্যত সমস্যা পাইছে নেকি প্ৰিয় পুত্ৰই? জানিবলৈ বিচাৰিছিল মাতৃ গৌৰীয়ে।

অভিভাৱকৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ সময়ত উচুপি উঠে আৰিয়ান। উল্লেখ্য যে, ভাৰতৰ প্ৰভাৱশালী অধিবক্তা সতীশ মানশিণ্ডে আৰিয়ানৰ জামিনৰ শুনানি শৃংখলাত বিফল হৈছে। এনচিবিৰ যুক্তিৰে সতীষ মানশিন্দে মোকাবিলা কৰিবলৈ সক্ষম নহয় সতীশ বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাও দেখা গৈছে। স্মৰ্তব্য যে, ২৩ বছৰীয়া ষ্টাৰকিড আৰিয়ানৰ হোৱাটছএপৰ অনুসন্ধানত আন্তৰ্জাতিক ড্ৰাগ চক্ৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি দাবী এনচিবিৰ। আৰিয়ানৰ জামিন প্ৰক্ৰিয়া এক অনিশ্চয়তাৰ দিশেই গতি কৰা দেখিবলৈ পোৱা গৈছে। বুধবাৰে আৰিয়ান কাণ্ডৰ শুনানিয়ে কি গুৰুত্ব বহন কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

২০ অক্টোবৰত পুনৰ জামিনৰ শুনানি আছে আৰিয়ান খানৰ। উল্লেখ্য যে কাৰাগাৰৰ কেণ্টিনত খাদ্য খাবলৈ পৰিয়ালৰ ফালৰ পৰা ৪,৫০০ টকা আৰিয়ানলৈ মণি অৰ্ডাৰ কৰি পঠাইছে পৰিয়ালৰ লোকে। কাৰাগাৰৰ নিয়ম অনুসৰি এজন কয়দীক এটা মাহত পৰিয়ালৰ লোকে কেৱল মাত্ৰ ৪,৫০০ টকা পঠিয়াব পাৰিব। তাতকৈ এক টকাও বেছি দিব নোৱাৰিব। কাৰাগাৰৰ নিয়ম মানিয়েই ৪,৫০০ টকা আৰিয়ানলৈ পঠাইছে শ্বাহৰুখ খানে। উল্লেখ্য যে আৰিয়ানৰ ভৱিষ্যতৰ চিন্তান খাৱন-শোৱন নাইকিয়া হৈছে শ্বাহৰুখ-গৌৰীৰ। মানসিক ভাৱে ভাগি পৰিছে দুয়ো। ছলমান খান, কৰণ জোহৰ, প্ৰীতি জিণ্টাৰ দৰে অনেক চেলিব্ৰেটীয়ে এতিয়া মানসিক শক্তি যোগাবলৈ শ্বাহৰুখ-গৌৰীৰ বাসভৱন 'মন্নত'লৈ অহা যোৱা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে