--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বন্দী জীৱনেই হৈ পৰিছে শ্বাহৰুখ পুত্ৰ আৰিয়ান পৰিচয়। কয়দী নম্বৰ এন ৯৬৫ কাৰাবন্দী আৰিয়ান। মুম্বাই সত্ৰ আদালতে ইতিমধ্যে আৰিয়ানৰ জামিন আবেদনৰ ৰায় স্থগিত ৰাখিছে। অৰ্থাৎ শ্বাহৰুখৰ পুত্ৰই ২০ অক্টোবৰলৈকে কাৰাগাৰত থাকিব লাগিব। এনে হতাশাজনক সংবাদে স্বাভাৱিকতে ব্যথিত কৰি তুলিছে শ্বাহৰুখ পত্নী গৌৰী খানক। পুত্ৰ মুখলৈ চাই হিয়া ঢাকুৰি কান্দিছে মাতৃ গৌৰীয়ে।

দূৰৈৰ পৰাই সাক্ষাত্‍ কৰিছে পুত্ৰক। ক’ৰ’নাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰৰ বন্দীসকলক তেওঁলোকৰ পৰিয়ালৰ সৈতে সাক্ষাত্‍ৰ অনুমতি দিয়া নাই কৰ্তৃপক্ষই। অৱশ্যে বন্দীসকলে মাহত দুই বা তিনিবাৰ ভিডিঅ' কলযোগে পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিব পাৰে। আৰিয়ান ৰ ক্ষেত্ৰতো একে নিয়মেই বলবত্‍ কৰিছে আদালতে। আৰিয়ানে ভিডিঅ' কলত মাতৃৰ সৈতে কথা পাতে। জানিবলৈ পোৱা মতে, আৰিয়ানে ভিডিঅ’ কলটোত পিতৃ শ্বাহৰূখ আৰু মাতৃ গৌৰী খানৰ সৈতে ১০ মিনিট সময় কথা পাতে। গৌৰীয়ে পুত্ৰৰ শেতা পৰা মুখখন দেখি দুখ প্ৰকাশ কৰে। কাৰাগাৰত কি ঘটিছে? আৰিয়ানক কেনেদৰে ব্যৱহাৰ কৰা হৈছে? কাৰাগাৰৰ খাদ্যত সমস্যা পাইছে নেকি প্ৰিয় পুত্ৰই? জানিবলৈ বিচাৰিছিল মাতৃ গৌৰীয়ে।

অভিভাৱকৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ সময়ত উচুপি উঠে আৰিয়ান। উল্লেখ্য যে, ভাৰতৰ প্ৰভাৱশালী অধিবক্তা সতীশ মানশিণ্ডে আৰিয়ানৰ জামিনৰ শুনানি শৃংখলাত বিফল হৈছে। এনচিবিৰ যুক্তিৰে সতীষ মানশিন্দে মোকাবিলা কৰিবলৈ সক্ষম নহয় সতীশ বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাও দেখা গৈছে। স্মৰ্তব্য যে, ২৩ বছৰীয়া ষ্টাৰকিড আৰিয়ানৰ হোৱাটছএপৰ অনুসন্ধানত আন্তৰ্জাতিক ড্ৰাগ চক্ৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি দাবী এনচিবিৰ। আৰিয়ানৰ জামিন প্ৰক্ৰিয়া এক অনিশ্চয়তাৰ দিশেই গতি কৰা দেখিবলৈ পোৱা গৈছে। বুধবাৰে আৰিয়ান কাণ্ডৰ শুনানিয়ে কি গুৰুত্ব বহন কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

২০ অক্টোবৰত পুনৰ জামিনৰ শুনানি আছে আৰিয়ান খানৰ। উল্লেখ্য যে কাৰাগাৰৰ কেণ্টিনত খাদ্য খাবলৈ পৰিয়ালৰ ফালৰ পৰা ৪,৫০০ টকা আৰিয়ানলৈ মণি অৰ্ডাৰ কৰি পঠাইছে পৰিয়ালৰ লোকে। কাৰাগাৰৰ নিয়ম অনুসৰি এজন কয়দীক এটা মাহত পৰিয়ালৰ লোকে কেৱল মাত্ৰ ৪,৫০০ টকা পঠিয়াব পাৰিব। তাতকৈ এক টকাও বেছি দিব নোৱাৰিব। কাৰাগাৰৰ নিয়ম মানিয়েই ৪,৫০০ টকা আৰিয়ানলৈ পঠাইছে শ্বাহৰুখ খানে। উল্লেখ্য যে আৰিয়ানৰ ভৱিষ্যতৰ চিন্তান খাৱন-শোৱন নাইকিয়া হৈছে শ্বাহৰুখ-গৌৰীৰ। মানসিক ভাৱে ভাগি পৰিছে দুয়ো। ছলমান খান, কৰণ জোহৰ, প্ৰীতি জিণ্টাৰ দৰে অনেক চেলিব্ৰেটীয়ে এতিয়া মানসিক শক্তি যোগাবলৈ শ্বাহৰুখ-গৌৰীৰ বাসভৱন 'মন্নত'লৈ অহা যোৱা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক