--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটি সন্তান জন্ম হোৱাৰ সময়ত পিতৃ-মাতৃৰ মুখত বিৰিঙি উঠে হাঁহিৰ জিলিকনি। কিন্তু সন্তানটি জন্ম হৈয়ে যদি মৃত্যুক সাবটে তেন্তে সেই বেদনা কিমান যন্ত্ৰণাদায়ক সেয়া কেৱল ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে। এক অতিকে কৰুণতম ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ কানপুৰত। হাস্পতালতেই অতি কৰুণ মৃত্যুক সাবটে এটি নৱজাতকে। মুবিন নামৰ এজন ব্যক্তিয়ে হাছিনা নামৰ পত্নীক লৈ কানপুৰৰ হেলট হাস্পতাললৈ আহে। হাছিনা আছিল ৮ মাহৰ গৰ্ভৱতী। জ্বৰৰ বাবেহে হাস্পতালত ভৰ্তি হব আহিছিল হাছিনা। কিন্তু সেই সময়তে প্ৰসৱ বেদনা আৰম্ভ হয় হাছিনাৰ। কোনো চিকিৎসক-নাৰ্চে গুৰু্ত্ব নিদিলে প্ৰসৱ বেদনাত ভুগি থকা মহিলাগৰাকীক।

সেই সময়তে গৰ্ভৱতী মহিলাগৰাকীয়ে পস্ৰাৱ কৰিবলৈ শৌচাগাৰত সোমাওতেই সন্তান এটি প্ৰসৱ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ নৱজাতকটি শৌচাগাৰৰ গাঁতত পৰি যায়। হাছিনাৰ চিঞৰ শুনি মুবিনে তেনে অৱস্থাতে লগে লগে সন্তানটিৰ ভৰি এখন থাপ মাৰি ধৰে যদিও মূৰটো লাগি ধৰাত তাৰ পৰা উদ্ধাৰ কৰিবলৈ বিফল হয়। শৌচাগাৰ ভাঙি নৱজাতকটি উদ্ধাৰ কৰা হয় যদিও তেতিয়ালৈ মৃত্যুমুখত পৰিছিল দেৱশিশুটি।

নিজ সন্তানক হেৰুৱাই শোকত ভাঙি পৰা মুবিন-হাছিনাই হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ তুলি থানাত গোচৰ দিছে। ঘটনাটোৰ সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই ওলোটাই মুবিন-হাছিনাৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে হাছিনাৰ প্ৰসৱ বেদনা হোৱা নাছিল। সাধাৰণ জ্বৰত ভুগি আছিল সেই সময়ত। পূৰ্বতেও হাছিনাৰ দুটা সন্তান প্ৰসৱৰ সময়তে মৃত্যুমুখত পৰিছিল। ঘটনাটোৰ বিৰুদ্ধে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে