--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটি সন্তান জন্ম হোৱাৰ সময়ত পিতৃ-মাতৃৰ মুখত বিৰিঙি উঠে হাঁহিৰ জিলিকনি। কিন্তু সন্তানটি জন্ম হৈয়ে যদি মৃত্যুক সাবটে তেন্তে সেই বেদনা কিমান যন্ত্ৰণাদায়ক সেয়া কেৱল ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে। এক অতিকে কৰুণতম ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ কানপুৰত। হাস্পতালতেই অতি কৰুণ মৃত্যুক সাবটে এটি নৱজাতকে। মুবিন নামৰ এজন ব্যক্তিয়ে হাছিনা নামৰ পত্নীক লৈ কানপুৰৰ হেলট হাস্পতাললৈ আহে। হাছিনা আছিল ৮ মাহৰ গৰ্ভৱতী। জ্বৰৰ বাবেহে হাস্পতালত ভৰ্তি হব আহিছিল হাছিনা। কিন্তু সেই সময়তে প্ৰসৱ বেদনা আৰম্ভ হয় হাছিনাৰ। কোনো চিকিৎসক-নাৰ্চে গুৰু্ত্ব নিদিলে প্ৰসৱ বেদনাত ভুগি থকা মহিলাগৰাকীক।

সেই সময়তে গৰ্ভৱতী মহিলাগৰাকীয়ে পস্ৰাৱ কৰিবলৈ শৌচাগাৰত সোমাওতেই সন্তান এটি প্ৰসৱ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ নৱজাতকটি শৌচাগাৰৰ গাঁতত পৰি যায়। হাছিনাৰ চিঞৰ শুনি মুবিনে তেনে অৱস্থাতে লগে লগে সন্তানটিৰ ভৰি এখন থাপ মাৰি ধৰে যদিও মূৰটো লাগি ধৰাত তাৰ পৰা উদ্ধাৰ কৰিবলৈ বিফল হয়। শৌচাগাৰ ভাঙি নৱজাতকটি উদ্ধাৰ কৰা হয় যদিও তেতিয়ালৈ মৃত্যুমুখত পৰিছিল দেৱশিশুটি।

নিজ সন্তানক হেৰুৱাই শোকত ভাঙি পৰা মুবিন-হাছিনাই হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ তুলি থানাত গোচৰ দিছে। ঘটনাটোৰ সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই ওলোটাই মুবিন-হাছিনাৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে হাছিনাৰ প্ৰসৱ বেদনা হোৱা নাছিল। সাধাৰণ জ্বৰত ভুগি আছিল সেই সময়ত। পূৰ্বতেও হাছিনাৰ দুটা সন্তান প্ৰসৱৰ সময়তে মৃত্যুমুখত পৰিছিল। ঘটনাটোৰ বিৰুদ্ধে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক