--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্যস্ততাপূৰ্ণ জীৱনত অস্বাস্থ্যকৰ আহাৰ আৰু দুৰ্বল জীৱনশৈলীৰ বাবে আজিকালি যথেষ্টসংখ্যক লোক গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে প্ৰায়ে খালী পেটত গেছৰ ঔষধ গ্ৰহণ কৰে, এনে কৰিলে শৰীৰৰ আন অংশৰ ক্ষতি আশংকা বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি প্ৰাকৃতিক পদ্ধতিৰ দ্বাৰা পাকস্থলী গেছৰ পৰা সকাহ পাব পাৰে। সেয়েহে এনে ৬বিধ ফলৰ বিষয়ে জনাৰ দৰকাৰ, যিয়ে আমাক গেছ সমস্যাৰ পৰা তাৎক্ষণিকভাৱে সকাহ দিব পাৰে।

 দৰাচলতে এনে বহুতো ফল আছে, যাৰ ব্যৱহাৰে পেটৰ গেছৰ সমস্যা সহজে আঁতৰ হয়। ই কোষ্ঠকাঠিন্য আৰু অম্লতাৰ পৰাও সুৰক্ষা দিয়ে। বিশেষজ্ঞসকলে কয় যে যদি গেছৰ সমস্যা হয়, আপুনি নেমুজাতীয় ফল খোৱা পৰিহাৰ কৰা উচিত। কিয়নো খালী পেটত নেমুজাতীয় ফল খালে অধিক গেছ হ'ব পাৰে। আনহাতে, গেছ প্ৰতিৰোধ কৰিবলৈ আহাৰ খোৱাৰ লগে লগে পানী খোৱা পৰিহাৰ কৰিব লাগে। ডায়েটিচিয়ান ডাঃ ৰঞ্জনা সিঙৰ পৰামৰ্শ অনুসৰি পাকস্থলীৰ গেছৰ পৰা সকাহ পাবলৈ কোনবোৰ ফল খাব লাগে জানো আহক।

 ১. কলঃ-কেলচিয়াম, আঁহসমৃদ্ধ কল গেছৰ পৰা সকাহ পোৱাত যথেষ্ট উপকাৰী। কলে গেছ আৰু এচিডিটি দুয়োটাতে সকাহ দিয়ে। ইয়াত পোৱা আঁহে গেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

 ২. তৰমুজঃ-পানীসমৃদ্ধ তৰমুজ খোৱাৰ ফলত পাকস্থলীয়ে যথেষ্ট পানী আহৰণ কৰে। তৰমুজত থকা আঁহে খাদ্য হজম হোৱাত সহায় কৰে। যেতিয়া খাদ্য সঠিকভাৱে হজম হয়, গেছৰ কোনো সমস্যা নহয়। যদি আপুনি গেছ বা এচিডিটিৰ সমস্যাত ভুগি থাকে, আপুনি তৰমুজ খালে উপকাৰ পাব।

 ৩. কিৱিঃ-ভিটামিন-‘চি’ৰে সমৃদ্ধ, কিৱিত যথেষ্ট পৰিমাণৰ আঁহ, পটাছিয়াম, কাৰ্বোহাইড্ৰেট থাকে। ই পাকস্থলীত সৃষ্টি হোৱা গেছৰ সমস্যাৰ পৰা অতি সহজে সকাহ দিয়ে।

 ৪. ডিমৰুঃ-বহুতো পুষ্টিৰে সমৃদ্ধ ডিমৰুত মিঠা ৰস থাকে, যি গেছৰ পৰা পৰিত্ৰাণ দিয়ে। যদি আপুনি গেছৰ সমস্যাত অহৰহ ভুগি থাকে, তেনেহ’লে আহাৰত ডিমৰু ফল গ্ৰহণ কৰিব পাৰে।

 ৫. তিয়ঁহঃ-তৰমুজৰ দৰে তিয়ঁহো পানীৰে সমৃদ্ধ। তিয়ঁহ খালে পেটৰ জ্বলা-পোৰা প্ৰশমিত কৰে। তিয়ঁহত যথেষ্ট পৰিমাণে পানী থকাৰ বাবে ই গেছৰ পৰাও পৰিত্ৰাণ দিব পাৰে।

 ৬. ষ্ট্ৰবেৰীঃ-আঁহ, পটাছিয়াম, ভিটামিন-চি, লো আৰু মেগনেছিয়ামসমৃদ্ধ ষ্ট্ৰবেৰীয়েও পাকস্থলীত গেছৰ সৃষ্টি হ'বলৈ নিদিয়ে। ষ্ট্ৰবেৰীত মিঠা ৰসৰ লগতে যথেষ্ট আঁহ থাকে, যি খাদ্য হজম কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু