--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্যস্ততাপূৰ্ণ জীৱনত অস্বাস্থ্যকৰ আহাৰ আৰু দুৰ্বল জীৱনশৈলীৰ বাবে আজিকালি যথেষ্টসংখ্যক লোক গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে প্ৰায়ে খালী পেটত গেছৰ ঔষধ গ্ৰহণ কৰে, এনে কৰিলে শৰীৰৰ আন অংশৰ ক্ষতি আশংকা বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি প্ৰাকৃতিক পদ্ধতিৰ দ্বাৰা পাকস্থলী গেছৰ পৰা সকাহ পাব পাৰে। সেয়েহে এনে ৬বিধ ফলৰ বিষয়ে জনাৰ দৰকাৰ, যিয়ে আমাক গেছ সমস্যাৰ পৰা তাৎক্ষণিকভাৱে সকাহ দিব পাৰে।

 দৰাচলতে এনে বহুতো ফল আছে, যাৰ ব্যৱহাৰে পেটৰ গেছৰ সমস্যা সহজে আঁতৰ হয়। ই কোষ্ঠকাঠিন্য আৰু অম্লতাৰ পৰাও সুৰক্ষা দিয়ে। বিশেষজ্ঞসকলে কয় যে যদি গেছৰ সমস্যা হয়, আপুনি নেমুজাতীয় ফল খোৱা পৰিহাৰ কৰা উচিত। কিয়নো খালী পেটত নেমুজাতীয় ফল খালে অধিক গেছ হ'ব পাৰে। আনহাতে, গেছ প্ৰতিৰোধ কৰিবলৈ আহাৰ খোৱাৰ লগে লগে পানী খোৱা পৰিহাৰ কৰিব লাগে। ডায়েটিচিয়ান ডাঃ ৰঞ্জনা সিঙৰ পৰামৰ্শ অনুসৰি পাকস্থলীৰ গেছৰ পৰা সকাহ পাবলৈ কোনবোৰ ফল খাব লাগে জানো আহক।

 ১. কলঃ-কেলচিয়াম, আঁহসমৃদ্ধ কল গেছৰ পৰা সকাহ পোৱাত যথেষ্ট উপকাৰী। কলে গেছ আৰু এচিডিটি দুয়োটাতে সকাহ দিয়ে। ইয়াত পোৱা আঁহে গেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

 ২. তৰমুজঃ-পানীসমৃদ্ধ তৰমুজ খোৱাৰ ফলত পাকস্থলীয়ে যথেষ্ট পানী আহৰণ কৰে। তৰমুজত থকা আঁহে খাদ্য হজম হোৱাত সহায় কৰে। যেতিয়া খাদ্য সঠিকভাৱে হজম হয়, গেছৰ কোনো সমস্যা নহয়। যদি আপুনি গেছ বা এচিডিটিৰ সমস্যাত ভুগি থাকে, আপুনি তৰমুজ খালে উপকাৰ পাব।

 ৩. কিৱিঃ-ভিটামিন-‘চি’ৰে সমৃদ্ধ, কিৱিত যথেষ্ট পৰিমাণৰ আঁহ, পটাছিয়াম, কাৰ্বোহাইড্ৰেট থাকে। ই পাকস্থলীত সৃষ্টি হোৱা গেছৰ সমস্যাৰ পৰা অতি সহজে সকাহ দিয়ে।

 ৪. ডিমৰুঃ-বহুতো পুষ্টিৰে সমৃদ্ধ ডিমৰুত মিঠা ৰস থাকে, যি গেছৰ পৰা পৰিত্ৰাণ দিয়ে। যদি আপুনি গেছৰ সমস্যাত অহৰহ ভুগি থাকে, তেনেহ’লে আহাৰত ডিমৰু ফল গ্ৰহণ কৰিব পাৰে।

 ৫. তিয়ঁহঃ-তৰমুজৰ দৰে তিয়ঁহো পানীৰে সমৃদ্ধ। তিয়ঁহ খালে পেটৰ জ্বলা-পোৰা প্ৰশমিত কৰে। তিয়ঁহত যথেষ্ট পৰিমাণে পানী থকাৰ বাবে ই গেছৰ পৰাও পৰিত্ৰাণ দিব পাৰে।

 ৬. ষ্ট্ৰবেৰীঃ-আঁহ, পটাছিয়াম, ভিটামিন-চি, লো আৰু মেগনেছিয়ামসমৃদ্ধ ষ্ট্ৰবেৰীয়েও পাকস্থলীত গেছৰ সৃষ্টি হ'বলৈ নিদিয়ে। ষ্ট্ৰবেৰীত মিঠা ৰসৰ লগতে যথেষ্ট আঁহ থাকে, যি খাদ্য হজম কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ