--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যুদ্ধ-বিৰতি ভংগ কৰি ইজৰাইলে গাজাত আক্রমণ চলোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত প্ৰায় ৬০০ পেলেষ্টাইনী লোকক হত্যা কৰিছে। গাজা মিডিয়া অফিচে সদৰী কৰা অনুসৰি, ইজৰাইলে ইয়াৰ বিমান আক্ৰমণ আৰু স্থল আক্ৰমণ গাজাত বৃদ্ধি কৰি থকাৰ ফলত মৃতকৰ সংখ্যা বাঢ়িয়েই আছে। গাজাৰ দক্ষিণৰ চহৰ ৰাফাত ইজৰাইলী সেনাই স্থল আক্রমণ বৃদ্ধি কৰিছে। 

তদুপৰি, পেলেষ্টাইনৰ উত্তৰত থকা বেইট লাহিয়া চহৰতো ইজৰাইলে আক্ৰমণৰ সূচনা কৰিছে। বিগত ১৮ মার্চত ইজৰাইলে গাজাত স্থল আক্ৰমণ আৰম্ভ কৰিছিল। ইফালে, ইজৰাইলৰ তৰফৰ পৰা হামাছক সম্পূৰ্ণৰূপে নির্মূল কৰাৰ হুংকাৰ দিয়া হৈছে। 

শেহতীয়া স্থল আক্ৰমণত ইজৰাইলে গাজাত ২০০ শিশুসহ প্রায় ৬০০ লোকক হত্যা কৰিছে। আনহাতে, টেল আভিভৰ পৰা পোৱা বাতৰি অনুসৰি, হামাছে ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ কল্পে টেল আভিভলৈ তিনিটা ৰকেট নিক্ষেপ কৰি আক্ৰমণৰ সূচনা কৰে। ইজৰাইলে ইয়াৰ দুটা ৰকেটৰ আক্ৰমণ প্রতিহত কৰিছে আৰু এটা ৰকেট পৰিত্যক্ত অঞ্চলত পেলাইছে বুলি সদৰী কৰিছে ৷

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ