--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁলোকে মধ্য আৰু দক্ষিণ গাজাত সঠিকভাৱে স্থান নির্ধাৰণ কৰি স্থল আক্ৰমণ আৰম্ভ কৰিছে। 

যোৱা জানুৱাৰীত যুদ্ধবিৰতি হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ইজৰাইলে বুধবাৰে স্থলভাগৰ পৰা আক্ৰমণ আৰম্ভ কৰে তথা উত্তৰ গাজাক দক্ষিণ গাজাৰ পৰা পৃথক কৰা কৰিডৰ নেতঝাৰিম কৰিডৰ নিজৰ দখললৈ আনে। ইজৰাইলী সেনাই কয় যে এতিয়াৰ পৰা দক্ষিণ গাজাৰ পৰা উত্তৰ গাজাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। 

ইজৰাইলে বিমান আক্রমণেৰে গাজাত চাৰি শতাধিক পেলেষ্টাইনীক হত্যা কৰাৰ পাছতে দেশখনে স্থল আক্ৰমণ আৰম্ভ কৰে। আনহাতে গাজালৈ খাদ্য, ইন্ধন আৰু মানৱীয় যোগান বন্ধ কৰি দিয়া ইজৰাইলে কয় যে হামাছৰ হাতত থকা ৫৯জন পণবন্দীক মুক্তি নিদিয়া তথা অঞ্চলটোত হামাছে নিয়ন্ত্রণ এৰি নিদিয়া পর্যন্ত অভিযান প্ৰবল কৰা হ'ব। 

ইফালে বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰ পুৱালৈকে ইজৰাইলী আক্ৰমণত গাজাত ৮৫জন পেলেষ্টাইনীৰ মৃত্যু হয়। স্থানীয় স্বাস্থ্য বিষয়াসকলে এই কথা জনায়। এই সপ্তাহত ইজৰাইলে কৰা এইটো হৈছে দ্বিতীয় বৃহৎ আক্রমণ। এই আক্রমণ চলে খান ইউনিছ মহানগৰৰ বাহিৰৰ আবাচান আল-কবীৰা গাঁও, উত্তৰ গাজাৰ বেইত লাহিয়া নগৰ আদিত।

উৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ