--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • 'ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট-২০২৬' নতুন দিল্লীত ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আজিৰ এই ঘোষণা-পত্ৰত বিশ্বৰ ৮৮খন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই স্বাক্ষৰ কৰাটো এটা গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই) অৱলম্বনৰ ক্ষেত্রত বিশ্বজনীন সহযোগিতাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰি নতুন দিল্লীৰ এ আই ইম্পেক্ট ছামিটৰ ঘোষণা-পত্ৰত আমেৰিকা, ব্রিটেইন, চীন আৰু ফ্রান্সকে ধৰি বিশ্বৰ ৮৮খন দেশে স্বাক্ষৰ কৰে। শনিবাৰে চৰকাৰী বিষয়াসকলে এই কথা প্রকাশ কৰে। 


'সৰ্বজনৰ বাবে হিত, সৰ্বজনৰ সুখ'-'সকলোৰে বাবে কল্যাণ আৰু সকলোৰে বাবে সুখ' নীতিৰ আধাৰত থকা ঘোষণা-পত্ৰত সমগ্র মানৱ জাতিৰ বাবে সমভাৱেৰে এ আইৰে উপকৃত হোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বাসযোগ্য পৰিকাঠামোৰ সৈতে সকলোৰে বাবে এ আই উপলব্ধ কৰোৱাৰ লগতে দেশসমূহৰ সার্বভৌমত্ব ৰক্ষা আৰু বিভিন্ন অংশীদাৰৰ অংশগ্ৰহণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ দিশো ঘোষণা-পত্ৰখনত উল্লেখ আছে। ঘোষণা-পত্ৰখনত বিশ্বজনীন এ আই সহযোগিতাৰ বাবে সাতটা প্রধান বিষয়বস্তু আছে। এইসমূহত এ আই সম্পদ, অর্থনৈতিক বিকাশ, সামাজিক হিত, সুৰক্ষা আৰু বিশ্বাসযোগ্য এ আই, বিজ্ঞানৰ বাবে এ আই, সামাজিক সবলীকৰণৰ বাবে এ আই, মানৱ বিকাশ, দক্ষ আৰু উদ্ভাৱনশীল এ আই। 


উল্লেখযোগ্য যে 'ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট-২০২৬' নতুন দিল্লীত ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আজিৰ এই ঘোষণা-পত্ৰত বিশ্বৰ ৮৮খন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই স্বাক্ষৰ কৰাটো এটা গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু