--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শেহতীয়া এক প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে লাখ লাখ এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এক অভিলেখ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্কঃ বৰ্তমানৰ ডিজিটেল যুগত চাইবাৰ সুৰক্ষা এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। এই দিশত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি গুগলে তেওঁলোকৰ প্লে ষ্ট’ৰৰ পৰা ক্ষতিকাৰক এপসমূহ আঁতৰাবলৈ এক বৃহৎ অভিযান চলাইছে। 


শেহতীয়া এক প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে লাখ লাখ এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এক অভিলেখ সৃষ্টি কৰিছে।



 ২৬ কোটি ভুৱা ইনষ্টলেচনত বাধা


গুগলৰ সুৰক্ষা ব্যৱস্থাই প্ৰায় ২৬.৬ কোটি (২৬৬ মিলিয়ন) এনে এপ ইনষ্টল হোৱাত বাধা দিছে যিবোৰ ব্যৱহাৰকাৰীৰ বাবে বিপদজনক হ’ব। এই এপবোৰৰ ভিতৰত বেছিভাগেই আছিল ‘ম্যালৱেৰ’ (Malware) যুক্ত, যিবোৰে ফোনৰ পৰা বেংকৰ তথ্য বা ব্যক্তিগত ফটো চুৰি কৰাৰ লক্ষ্য ৰাখিছিল।



এপ আৰু ডেভেলপাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ


গুগলৰ নীতি উলংঘা কৰাৰ অভিযোগত কোম্পানীটোৱে তলত দিয়া ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে:


১৭.৫ লাখ এপ বাতিল: প্ৰায় ১.৭৫ মিলিয়ন এপক প্লে ষ্ট’ৰত প্ৰকাশ হোৱাৰ পৰাই বাধা দিয়া হৈছে।


৮০,০০০ ডেভেলপাৰ নিষিদ্ধ: যিবোৰ ডেভেলপাৰে বাৰে বাৰে ভুৱা এপ নিৰ্মাণ কৰি ব্যৱহাৰকাৰীক প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিছিল, তেনে ৮০ হাজাৰ একাউণ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।



AI আৰু মেচিন লাৰ্নিঙৰ ব্যৱহাৰ


গুগলে এইবাৰ এই অভিযানত অত্যাধুনিক AI আৰু মেচিন লাৰ্নিং সঁজুলি ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত প্ৰায় ২.৫৫ লাখ এপক ব্যৱহাৰকাৰীৰ সংবেদনশীল তথ্য (Sensitive Data) সংগ্ৰহ কৰাৰ পৰা সফলতাৰে বাধা দিয়া হৈছে।


ভুৱা ৰেটিং আৰু ৰিভিউৰ বিৰুদ্ধে যুঁজ


বহু সময়ত ভুৱা ৰেটিং দেখি ব্যৱহাৰকাৰীয়ে ভুল এপ ডাউনলোড কৰে। এই সমস্যা দূৰ কৰিবলৈ গুগলে প্ৰায় ১৬ লাখ ভুৱা ৰেটিং আৰু ৰিভিউ প্লে ষ্ট’ৰৰ পৰা মচি পেলাইছে।


ব্যৱহাৰকাৰীৰ বাবে সৰ্তকতা:


গুগলৰ এই পদক্ষেপৰ পাছতো চাইবাৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে যিকোনো এপ ডাউনলোড কৰাৰ আগতে তাৰ পাৰ্মিছনসমূহ (Permissions) ভালদৰে পৰীক্ষা কৰা উচিত আৰু অপ্ৰয়োজনীয় এপ ফোনত ৰখাৰ পৰা বিৰত থাকিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ