--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ বিহাৰৰ অপহৰণ কাণ্ডসমূহত জড়িত আছিল লালু প্ৰসাদ যাদৱ। এই ভয়ংকৰ অভিযোগ আৰ জে ডিৰ সভাপতি লালু প্ৰসাদ যাদৱৰ খুলশালী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুভাষ যাদৱৰ সুভাষ যাদৱে কয় যে বিহাৰত লালুৰ শাসনৰ সময়ছোৱাত ধন দাবীৰ বাবে অপহৰণত জড়িত দলৰ সৈতে আৰ জে ডিৰ মুৰব্বীজনৰ সম্পৰ্ক আছিল। লালুৰ পত্নী ৰাবৰী দেৱীৰ কনিষ্ঠ ভাতৃ সুভাষ যাদৱে বিহাৰৰ বিভিন্ন সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰে। 

বৰ্তমান সময়ত আৰ জে ডিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰা এসময়ৰ লালুৰ ঘনিষ্ঠ সহযোগী সুভাষ যাদৱে অভিযোগ কৰে যে সেই সময়ত বিহাৰত সংঘটিত হোৱা অপহৰণকাণ্ডৰ বাবে তেওঁকহে অভিযুক্ত কৰা হৈছিল। সুভাষে দাবী কৰে যে ৯০ৰ দশকত বিহাৰত যি অপহৰণ কাণ্ড চলিছিল সেইসমূহৰ প্ৰধান কেন্দ্র আছিল লালু যাদৱৰ বাসগৃহ। 

লালুৰ বিৰুদ্ধে যেনেকৈ পশুখাদ্য কেলেংকাৰীৰ প্ৰমাণ পাই তেওঁক জে'ললৈ প্ৰেৰণ কৰা হৈছিল, তেনেকৈ সুভাষৰ বিৰুদ্ধেও যদি কিবা অভিযোগ প্রমাণিত হৈছিল, তেনেহ'লে তেওঁক কিয় জে'ললৈ প্ৰেৰণ কৰা নহ'ল বুলি সুভাষে প্রশ্ন কৰে। আনহাতে, ৰাবৰীৰ সৈতে একপ্ৰকাৰ সম্পৰ্ক ছেদ কৰা আন এগৰাকী ভাতৃ সাধু যাদৱে সুভাষ যাদৱৰ এই অভিযোগ ভিত্তিহীন বুলি কয়। কোনো বিশেষ ৰাজনৈতিক দলৰে প্ৰৰোচিত হৈ সুভাষে এই অভিযোগ উত্থাপন কৰিছে। সেই সময়ত বিহাৰত সংঘটিত হোৱা সকলো অপৰাধমূলক কার্যত সুভাষ জড়িত বুলি সাধুৱে ওলোটাই অভিযোগ কৰে। উল্লেখযোগ্য যে ৰাবৰী দেৱীৰ এই দুই ভাতৃক বিহাৰৰ এন ডি এ চৰকাৰখনে বিভিন্ন গোচৰত প্ৰায়ে অভিযুক্ত কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ