--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এগৰাকী কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ জোৱাৰ তুলিছে।

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত এক অতি হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। যিটো ঘৰত ১০ এপ্ৰিলত বিয়াৰ সানাই বাজিব লাগিছিল, এতিয়া সেই ঘৰত শোকৰ ছাঁ পৰিছে।


এগৰাকী কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ জোৱাৰ তুলিছে।


ঘটনাৰ বিৱৰণী অনুসৰি, মধ্যপ্ৰদেশৰ এই পৰিয়ালটোত কন্যাৰ বিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছিল। মঙলবাৰে বিয়লি পিতৃগৰাকীয়ে মটৰচাইকেলেৰে আত্মীয়-স্বজনৰ ঘৰত বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিবলৈ ওলাই গৈছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে তেওঁক মোখামুখি খুন্দা মাৰে।


দুৰ্ঘটনাৰ পাছত স্থানীয় লোকে তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা সংকটজনক আছিল আৰু চিকিৎসকে যথেষ্ট চেষ্টা কৰিছিল যদিও দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


১০ এপ্ৰিলত যি গৰাকী কন্যাক পিতৃয়ে সজাই-পৰাই উলিয়াই দিব লাগিছিল, সেইগৰাকী কন্যাৰ বিবাহৰ পূৰ্বেই পিতৃৰ বিয়োগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। বিয়াৰ আনন্দৰ মাজত পৰিয়ালটোৰ মূৰত যেন আকাশ ভাঙি পৰিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰি ঘটনাটোৰ অধিক তদন্ত চলাই আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ