--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এগৰাকী কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ জোৱাৰ তুলিছে।

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত এক অতি হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। যিটো ঘৰত ১০ এপ্ৰিলত বিয়াৰ সানাই বাজিব লাগিছিল, এতিয়া সেই ঘৰত শোকৰ ছাঁ পৰিছে।


এগৰাকী কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ জোৱাৰ তুলিছে।


ঘটনাৰ বিৱৰণী অনুসৰি, মধ্যপ্ৰদেশৰ এই পৰিয়ালটোত কন্যাৰ বিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছিল। মঙলবাৰে বিয়লি পিতৃগৰাকীয়ে মটৰচাইকেলেৰে আত্মীয়-স্বজনৰ ঘৰত বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিবলৈ ওলাই গৈছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে তেওঁক মোখামুখি খুন্দা মাৰে।


দুৰ্ঘটনাৰ পাছত স্থানীয় লোকে তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা সংকটজনক আছিল আৰু চিকিৎসকে যথেষ্ট চেষ্টা কৰিছিল যদিও দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


১০ এপ্ৰিলত যি গৰাকী কন্যাক পিতৃয়ে সজাই-পৰাই উলিয়াই দিব লাগিছিল, সেইগৰাকী কন্যাৰ বিবাহৰ পূৰ্বেই পিতৃৰ বিয়োগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। বিয়াৰ আনন্দৰ মাজত পৰিয়ালটোৰ মূৰত যেন আকাশ ভাঙি পৰিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰি ঘটনাটোৰ অধিক তদন্ত চলাই আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু