--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি মঙলবাৰ হোৱাৰ হেতুকে পুৱাৰে পৰা মন্দিৰটোত ভক্তৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছিল। হাজাৰ হাজাৰ ভক্তই মা শীতলাৰ দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে মন্দিৰৰ গেট খোলাৰ লগে লগে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।

ডিজিটেল ডেস্কঃ বিহাৰৰ নালন্দা জিলাৰ এখন প্ৰসিদ্ধ মন্দিৰত আজি পুৱা এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।


দীপনগৰ থানা এলেকাৰ অন্তৰ্গত মাঘৰা গাঁৱৰ শীতল মাতা মন্দিৰত পূজাৰ বাবে অহা ভক্তৰ মাজত হোৱা তীব্ৰ হতাহতিৰ ফলত কমেও ৮ গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে।


আজি মঙলবাৰ হোৱাৰ হেতুকে পুৱাৰে পৰা মন্দিৰটোত ভক্তৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছিল। হাজাৰ হাজাৰ ভক্তই মা শীতলাৰ দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে মন্দিৰৰ গেট খোলাৰ লগে লগে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।


প্ৰত্যক্ষদৰ্শীৰ মতে, আগতীয়াকৈ দৰ্শন কৰাৰ প্ৰতিযোগিতাত লিপ্ত হোৱা একাংশ লোকে হেঁচা-হেঁচি কৰে । ইয়াৰ ফলত বহু মহিলা আৰু শিশু মাটিত বাগৰি পৰে আৰু আনৰ ভৰিৰ তলত পিষ্ট হয়।


বৰ্তমানলৈকে ৮ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ২০ জনতকৈও অধিক ভক্ত আহত হৈছে। তেওঁলোকক স্থানীয় হাস্পতাল আৰু বিহাৰ শ্বৰীফৰ সদৰ হাস্পতালত ভৰ্তি কৰা হৈছে। একাংশৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।


ঘটনাৰ খবৰ পোৱাৰ পাছতে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ লগতে বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে স্থানীয় ৰাইজে মন্দিৰ পৰিচালনা সমিতি আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো সু-ব্যৱস্থা বা পৰ্যাপ্ত আৰক্ষী বাহিনী নিয়োগ কৰা হোৱা নাছিল।


প্ৰশাসনে জনায় যে, "ঘটনাটো অতি দুৰ্ভাগ্যজনক। আমি বৰ্তমান আহতসকলৰ চিকিৎসা আৰু ভিৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছো। সমগ্ৰ ঘটনাৰ এটা উচ্চস্তৰীয় তদন্ত কৰা হ'ব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু