--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি মঙলবাৰ হোৱাৰ হেতুকে পুৱাৰে পৰা মন্দিৰটোত ভক্তৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছিল। হাজাৰ হাজাৰ ভক্তই মা শীতলাৰ দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে মন্দিৰৰ গেট খোলাৰ লগে লগে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।

ডিজিটেল ডেস্কঃ বিহাৰৰ নালন্দা জিলাৰ এখন প্ৰসিদ্ধ মন্দিৰত আজি পুৱা এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।


দীপনগৰ থানা এলেকাৰ অন্তৰ্গত মাঘৰা গাঁৱৰ শীতল মাতা মন্দিৰত পূজাৰ বাবে অহা ভক্তৰ মাজত হোৱা তীব্ৰ হতাহতিৰ ফলত কমেও ৮ গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে।


আজি মঙলবাৰ হোৱাৰ হেতুকে পুৱাৰে পৰা মন্দিৰটোত ভক্তৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছিল। হাজাৰ হাজাৰ ভক্তই মা শীতলাৰ দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে মন্দিৰৰ গেট খোলাৰ লগে লগে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।


প্ৰত্যক্ষদৰ্শীৰ মতে, আগতীয়াকৈ দৰ্শন কৰাৰ প্ৰতিযোগিতাত লিপ্ত হোৱা একাংশ লোকে হেঁচা-হেঁচি কৰে । ইয়াৰ ফলত বহু মহিলা আৰু শিশু মাটিত বাগৰি পৰে আৰু আনৰ ভৰিৰ তলত পিষ্ট হয়।


বৰ্তমানলৈকে ৮ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ২০ জনতকৈও অধিক ভক্ত আহত হৈছে। তেওঁলোকক স্থানীয় হাস্পতাল আৰু বিহাৰ শ্বৰীফৰ সদৰ হাস্পতালত ভৰ্তি কৰা হৈছে। একাংশৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।


ঘটনাৰ খবৰ পোৱাৰ পাছতে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ লগতে বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে স্থানীয় ৰাইজে মন্দিৰ পৰিচালনা সমিতি আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো সু-ব্যৱস্থা বা পৰ্যাপ্ত আৰক্ষী বাহিনী নিয়োগ কৰা হোৱা নাছিল।


প্ৰশাসনে জনায় যে, "ঘটনাটো অতি দুৰ্ভাগ্যজনক। আমি বৰ্তমান আহতসকলৰ চিকিৎসা আৰু ভিৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছো। সমগ্ৰ ঘটনাৰ এটা উচ্চস্তৰীয় তদন্ত কৰা হ'ব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ