--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাছিয়াৰ মহাকাশ বিজ্ঞানীসকলে এ আইৰ জৰিয়তে চলোৱা এক অভিযানত চন্দ্ৰৰ বুকুত ১৯৬৬ চনতে সন্ধানহীন হোৱা লুনা-৯ মহাকাশ যানখনৰ সন্ধান লাভ কৰিছে।

ডিজিটেল ডেস্ক : প্রায় ছয় দশক পূর্বে মহাকাশত সন্ধানহীন হোৱা মহাকাশ যান এখনৰ সন্ধান উলিয়ালে কৃত্রিম বুদ্ধিমত্তাই (এ আই)। প্রযুক্তি বিদ্যাৰ শেহতীয়া উদ্ভাৱন তথা বিজ্ঞানৰ নৱতম সৃষ্টি এ আইৰ পৰিসৰ পৃথিৱীতে সীমাবদ্ধ থকা নাই। ই সমগ্র বিশ্বব্রহ্মাণ্ডকে সামৰি লোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। 


 ৰাছিয়াৰ মহাকাশ বিজ্ঞানীসকলে এ আইৰ জৰিয়তে চলোৱা এক অভিযানত চন্দ্ৰৰ বুকুত ১৯৬৬ চনতে সন্ধানহীন হোৱা লুনা-৯ মহাকাশ যানখনৰ সন্ধান লাভ কৰিছে। উল্লেখযোগ্য যে ১৯৬৬ চনৰ ৩ ফেব্ৰুৱাৰীত অধুনালুপ্ত ছোভিয়েট ৰাছিয়াৰ মহাকাশ যানখনে চন্দ্ৰত অৱতৰণ কৰিছিল। চন্দ্ৰৰ ভূ পৃষ্ঠত আলোকচিত্র সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা প্ৰথমখন মানৱবিহীন মহাকাশযান আছিল লুনা-৯। 


 

কিন্তু অৱতৰণৰ কেইদিনমানৰ পাছতে পৃথিৱীৰে সংযোগ বিচ্ছিন্ন হৈ পৰে। ক্ষুদ্ৰাকৃতিৰ মহাকাশ যানসমূহ বৃহৎ কক্ষপথত চিনাক্তকৰণৰ সঠিক ব্যৱস্থা সেই সময়ত নথকাত যানখন বিচাৰি পোৱা নগ'ল। কিন্তু বিজ্ঞানৰ শেহতীয়া বিস্ময় এ আইৰ জৰিয়তে সেয়া সম্ভৱ হৈ উঠিল। অৱশেষত চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীলৈ আলোকচিত্ৰ প্ৰেৰণ কৰা ক্ষুদ্ৰ মহাকাশ যানখনৰ সন্ধান পালে বিজ্ঞানীসকলে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু