--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হায়দৰাবাদৰ হাইটেক্স প্রদর্শনী কেন্দ্রত আয়োজন কৰা এক অনুষ্ঠানত বাহনখনৰ তিনিটাকৈ মডেল মুকলি কৰা হয়।

ডিজিটেল ডেস্ক : ভাৰতৰ ইলেক্ট্রিক বাণিজ্যিক বাহন নির্মাতা মহিন্দ্রা এণ্ড মহিন্দ্রা লাষ্ট মাইল মবিলিটী লিমিটেডে নতুন যুগৰ সূচনা কৰি অলপতে তেওঁলোকৰ এতিয়ালৈকে আটাইতকৈ উন্নত ইলেক্ট্রিক তিনিচকীয়া বাহন 'মহিন্দ্রা উড়ো' উন্মোচন কৰে। 


হায়দৰাবাদৰ হাইটেক্স প্রদর্শনী কেন্দ্রত আয়োজন কৰা এক অনুষ্ঠানত বাহনখনৰ তিনিটাকৈ মডেল মুকলি কৰা হয়। মুকলি অনুষ্ঠানত উপস্থিত থাকি মহিন্দ্রা লাষ্ট মাইল মবিলিটী লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া সুমন মিশ্রই কয় যে মহিন্দ্রা লাষ্ট মাইল মবিলিটীত আমাৰ উদ্দেশ্য হৈছে গ্রাহকৰ জীৱন অর্থপূর্ণভাৱে উন্নত কৰাৰ বাবে অন্তিম মাইল পৰিবহণক বৈদ্যুতিক কৰি তোলা। 


এই শুভাৰম্ভণিৰ জৰিয়তে আমি সেই দিশত এক নির্ণায়ক পদক্ষেপ লৈছো। গ্রাহকৰ গভীৰ অন্তদৃষ্টিৰ ওপৰত ভিত্তি কৰি তৃণমূল পর্যায়ৰ পৰা মহিন্দ্রা উড়োক সুৰক্ষা, আৰাম, ডিজাইন আৰু প্রদর্শনেৰে একত্রিত কৰা হৈছে। উল্লেখযোগ্য যে মহিন্দ্রাৰ অটো এণ্ড ফার্ম ছেক্টৰ, এম এণ্ড এম লিমিটেডৰ মুখ্য ডিজাইন আৰু ক্রিয়েটিভ অফিচাৰ প্রতাপ বসু আৰু মহিন্দ্রা ইণ্ডিয়া ডিজাইন ষ্টুডিঅ'ৰ দলটোৱে বাহনখনৰ ডিজাইন কৰিছে। মহিন্দ্রাৰ জহিৰাবাদস্থিত অত্যধুনিক উৎপাদন কাৰখানাত নির্মাণ কৰা এই বাহনখনৰ ভিতৰত চালক আৰু যাত্রীৰ আৰামৰ কথা মনত ৰাখি এৰ্গনমিকভাৱে ডিজাইন কৰা আসন প্রদান কৰা হৈছে। 


মহিন্দ্রা উড়োত ৰিজেনেৰেটিভ ব্রেকিঙো সন্নিৱিষ্ট কৰা হৈছে যিয়ে ছেগমেণ্ট প্রথম ৰিভাৰ্ছ থ্ৰ'টলৰ সৈতে মিলি ব্রেক স্পর্শ নকৰাকৈয়ে নিৰৱচ্ছিন্ন গতি নিয়ন্ত্রণ প্রদান কৰিব। আনহাতে, এই বাহনখন ক্রয় কৰা গ্রাহকসকলক মহিন্দ্রাৰ উড়ো নেক্সট আঁচনিত পঞ্জীয়ন কৰাৰ লগতে বাহনৰ গৰাকীক ২০ লাখ টকাৰ আকস্মিক বীমা, বিত্তীয় পৰামর্শ আৰু বহুতো সুবিধা প্রদান কৰা হ'ব। 


বাহনখনৰ ৬ বছৰৰ বাবে ৱাৰেণ্টী থাকিব। লক্ষণীয়ভাৱে মহিন্দ্রা উড়ো বাহনখনৰ প্ৰাৰম্ভিক মূল্য ৩,৮৪,২৯৯ (এক্স-শ্ব'ৰূম) টকা যদিও সীমিত সময়ৰ বাবে ৩,৫৮,৯৯৯ টকাত গ্রাহকক বাহনখন ক্রয় কৰাৰ সুবিধা প্রদান কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ