--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বালিগাঁও অঞ্চলৰ পৰা নাট্যাভিনয়, নাট-পৰিচালক হিচাপে সাংস্কৃতিক জগতত খোজ থৈ চিনেমা, ধাৰাবাহিকৰ উপৰি ভ্ৰাম্যমাণ জগতত নাট ৰচনা আৰু পৰিচালনাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্রিয়তা অৰ্জন কৰিছিল।

ডিজিটেল ডেস্কঃ অসমৰ নাট্যজগতৰ উপৰি চিনেমা জগতৰ পৰিচিত নাম চিত্ৰৰঞ্জন পৰাশৰ(মামু)ৰ আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটে। 


অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ‘বিন্দাছ’ ধাৰাবাহিক পৰিচালনাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা পৰাশৰে কলেজীয়া শিক্ষা গ্ৰহণ কৰা অৱস্থাৰ পৰাই অসমৰ বিভিন্ন মঞ্চত অভিনয় আৰু পাছলৈ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বিগত কিছুদিনৰ পৰা হঠাৎ অসুস্থ হৈ পৰা জনপ্ৰিয় পৰিচালক চিত্ৰৰঞ্জন পৰাশৰ চিকিৎসাধীন হৈ আছিল। 


বালিগাঁও দিচৈকোষত জন্মগ্ৰহণ কৰা পৰাশৰ প্রবীণ অভিনেতা প্রয়াত অৰুণ শৰ্মাৰ পুত্ৰ আছিল। বালিগাঁও অঞ্চলৰ পৰা নাট্যভিনয়, নাট-পৰিচালক হিচাপে সাংস্কৃতিক জগতত খোজ থৈ চিনেমা, ধাৰাবাহিকৰ উপৰি ভ্ৰাম্যমাণ জগতত নাট ৰচনা আৰু পৰিচালনাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্রিয়তা অৰ্জন কৰিছিল। 


ইয়াৰ উপৰি অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল ‘প্ৰাগ নিউজ’, ৰেঙনিত আয়োজিত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত পৰাশৰে ওতঃপ্ৰোতভাৱে জড়িত থাকি অনুষ্ঠান পৰিচালনা কৰিছিল। অসমৰ জনপ্ৰিয় বহুকেইটা চেটেলাইট চেনেলৰ ভগ্নী অনুষ্ঠানত সাংস্কৃতিক দিশত দক্ষতা প্ৰতিপন্ন কৰা চিত্ৰৰঞ্জন পৰাশৰৰ বহুগুণ সম্পন্ন প্ৰতিভাৰ অধিকাৰী আছিল। 


আজি তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সাংস্কৃতিক জগতৰ বহু ব্যক্তিয়ে শোক প্রকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদজা জ্ঞাপন কৰে। জনপ্রিয় অভিনেতাজনে মাতৃ, পত্নীৰ লগতে ভাতৃ আৰু বহু আত্মীয়ক এৰি যায়। তেওঁৰ মৃত্যুত বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, বালিগাঁও মাতৃ মন্দিৰ, দিচৈকোষ অঞ্চলৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠানে শোক প্রকাশ কৰিছে। তেওঁৰ মৃত্যুত সাংস্কৃতিক জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলী, ঘোষক ৰঞ্জন শৰ্মা, বাদ্যযন্ত্ৰী সমৰজ্যোতি শৰ্মা(দীপু), অমৰজ্যোতি শৰ্মা(দাদু), সম্পর্কীয় জয়ন্ত শর্মাকে ধৰি বহু ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু