--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বালিগাঁও অঞ্চলৰ পৰা নাট্যাভিনয়, নাট-পৰিচালক হিচাপে সাংস্কৃতিক জগতত খোজ থৈ চিনেমা, ধাৰাবাহিকৰ উপৰি ভ্ৰাম্যমাণ জগতত নাট ৰচনা আৰু পৰিচালনাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্রিয়তা অৰ্জন কৰিছিল।

ডিজিটেল ডেস্কঃ অসমৰ নাট্যজগতৰ উপৰি চিনেমা জগতৰ পৰিচিত নাম চিত্ৰৰঞ্জন পৰাশৰ(মামু)ৰ আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটে। 


অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ‘বিন্দাছ’ ধাৰাবাহিক পৰিচালনাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা পৰাশৰে কলেজীয়া শিক্ষা গ্ৰহণ কৰা অৱস্থাৰ পৰাই অসমৰ বিভিন্ন মঞ্চত অভিনয় আৰু পাছলৈ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বিগত কিছুদিনৰ পৰা হঠাৎ অসুস্থ হৈ পৰা জনপ্ৰিয় পৰিচালক চিত্ৰৰঞ্জন পৰাশৰ চিকিৎসাধীন হৈ আছিল। 


বালিগাঁও দিচৈকোষত জন্মগ্ৰহণ কৰা পৰাশৰ প্রবীণ অভিনেতা প্রয়াত অৰুণ শৰ্মাৰ পুত্ৰ আছিল। বালিগাঁও অঞ্চলৰ পৰা নাট্যভিনয়, নাট-পৰিচালক হিচাপে সাংস্কৃতিক জগতত খোজ থৈ চিনেমা, ধাৰাবাহিকৰ উপৰি ভ্ৰাম্যমাণ জগতত নাট ৰচনা আৰু পৰিচালনাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্রিয়তা অৰ্জন কৰিছিল। 


ইয়াৰ উপৰি অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল ‘প্ৰাগ নিউজ’, ৰেঙনিত আয়োজিত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত পৰাশৰে ওতঃপ্ৰোতভাৱে জড়িত থাকি অনুষ্ঠান পৰিচালনা কৰিছিল। অসমৰ জনপ্ৰিয় বহুকেইটা চেটেলাইট চেনেলৰ ভগ্নী অনুষ্ঠানত সাংস্কৃতিক দিশত দক্ষতা প্ৰতিপন্ন কৰা চিত্ৰৰঞ্জন পৰাশৰৰ বহুগুণ সম্পন্ন প্ৰতিভাৰ অধিকাৰী আছিল। 


আজি তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সাংস্কৃতিক জগতৰ বহু ব্যক্তিয়ে শোক প্রকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদজা জ্ঞাপন কৰে। জনপ্রিয় অভিনেতাজনে মাতৃ, পত্নীৰ লগতে ভাতৃ আৰু বহু আত্মীয়ক এৰি যায়। তেওঁৰ মৃত্যুত বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, বালিগাঁও মাতৃ মন্দিৰ, দিচৈকোষ অঞ্চলৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠানে শোক প্রকাশ কৰিছে। তেওঁৰ মৃত্যুত সাংস্কৃতিক জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলী, ঘোষক ৰঞ্জন শৰ্মা, বাদ্যযন্ত্ৰী সমৰজ্যোতি শৰ্মা(দীপু), অমৰজ্যোতি শৰ্মা(দাদু), সম্পর্কীয় জয়ন্ত শর্মাকে ধৰি বহু ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ