--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিশেষ দিনটোত অনুৰাগী আৰু সতীৰ্থ শিল্পীসকলৰ শুভেচ্ছাৰে ওপচি পৰিছে ছ'চিয়েল মিডিয়া।

ডিজিটেল ডেস্কঃ বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ আজি ৫৭ সংখ্যক জন্মদিন।


এই বিশেষ দিনটোত অনুৰাগী আৰু সতীৰ্থ শিল্পীসকলৰ শুভেচ্ছাৰে ওপচি পৰিছে ছ'চিয়েল মিডিয়া। কিন্তু সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পত্নী কাজলৰ এক আমোদজনক পোষ্ট।


অজয় দেৱগন আৰু কাজলৰ যুটীটো তেওঁলোকৰ ধেমলেীয়া সম্পৰ্কৰ বাবে জনাজাত। স্বামীৰ জন্মদিনত কোনো আবেগিক বা ৰোমান্টিক মেছেজ দিয়াৰ পৰিৱৰ্তে অজয়ৰ বয়সক লৈ ধেমালি কৰিবলৈহে পছন্দ কৰিলে কাজলে ।


অজয়ৰ এখন ফটো শ্বেয়াৰ কৰি কাজলে ইনষ্টাগ্ৰামত লিখে,"এনে এটা সময় আহে যেতিয়া কেকৰ ওপৰত থকা মমবাতিবোৰ চেলিব্ৰেচনতকৈ ফায়াৰ হেজাৰ্ড (Fire Hazard) বা জুইৰ বিপদ যেনহে বেছি লাগে। মোৰ ধাৰণা তোমাৰ সেইটো সময় আহি পালেহি! তথাপিও জন্মদিনৰ শুভকামনা। আশা কৰোঁ তুমি সদায় কেক খাই থাকিবলৈ পোৱা।"


অক্ষয় কুমাৰ আৰু ৰোহিত শ্বেট্টীৰ শুভেচ্ছা


কেৱল কাজলেই নহয়, অজয়ৰ দীৰ্ঘদিনীয়া বন্ধু অক্ষয় কুমাৰেও এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। আগন্তুক ছবি 'গোলমাল ৫'-ৰ দৃশ্যগ্ৰহণৰ এখন ফটো শ্বেয়াৰ কৰি অক্ষয়ে লিখে, "বন্ধুত্ব ইমান পুৰণি যে আমাৰ মৰম থাকিবই। জন্মদিনৰ বহুত বহুত শুভকামনা।"


আনহাতে, পৰিচালক ৰোহিত শ্বেট্টীয়ে ৯০ৰ দশকৰ পৰা বৰ্তমানলৈ তেওঁলোকৰ বন্ধুত্বৰ এটা ভিডিঅ' কোলাজ শ্বেয়াৰ কৰি অজয়ক এজন 'একচন হিৰো' আৰু 'ককাইদেউ' বুলি সম্বোধন কৰে।


আহি আছে 'গোলমাল ৫'


অজয় দেৱগনক অতি সোনকালে ৰোহিত শ্বেট্টীৰ সফল ছিকুৱেল 'গোলমাল ৫'-ত দেখা পোৱা যাব। এই ছবিখনত আৰ্শদ ৱাৰ্ছী, তুষাৰ কাপুৰ, শ্ৰেয়াছ তলপড়ে আৰু কুণাল দেশমুৰ লগতে এক বিশেষ চৰিত্ৰত অক্ষয় কুমাৰকো দেখা যাব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ