--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিশেষ দিনটোত অনুৰাগী আৰু সতীৰ্থ শিল্পীসকলৰ শুভেচ্ছাৰে ওপচি পৰিছে ছ'চিয়েল মিডিয়া।

ডিজিটেল ডেস্কঃ বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ আজি ৫৭ সংখ্যক জন্মদিন।


এই বিশেষ দিনটোত অনুৰাগী আৰু সতীৰ্থ শিল্পীসকলৰ শুভেচ্ছাৰে ওপচি পৰিছে ছ'চিয়েল মিডিয়া। কিন্তু সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পত্নী কাজলৰ এক আমোদজনক পোষ্ট।


অজয় দেৱগন আৰু কাজলৰ যুটীটো তেওঁলোকৰ ধেমলেীয়া সম্পৰ্কৰ বাবে জনাজাত। স্বামীৰ জন্মদিনত কোনো আবেগিক বা ৰোমান্টিক মেছেজ দিয়াৰ পৰিৱৰ্তে অজয়ৰ বয়সক লৈ ধেমালি কৰিবলৈহে পছন্দ কৰিলে কাজলে ।


অজয়ৰ এখন ফটো শ্বেয়াৰ কৰি কাজলে ইনষ্টাগ্ৰামত লিখে,"এনে এটা সময় আহে যেতিয়া কেকৰ ওপৰত থকা মমবাতিবোৰ চেলিব্ৰেচনতকৈ ফায়াৰ হেজাৰ্ড (Fire Hazard) বা জুইৰ বিপদ যেনহে বেছি লাগে। মোৰ ধাৰণা তোমাৰ সেইটো সময় আহি পালেহি! তথাপিও জন্মদিনৰ শুভকামনা। আশা কৰোঁ তুমি সদায় কেক খাই থাকিবলৈ পোৱা।"


অক্ষয় কুমাৰ আৰু ৰোহিত শ্বেট্টীৰ শুভেচ্ছা


কেৱল কাজলেই নহয়, অজয়ৰ দীৰ্ঘদিনীয়া বন্ধু অক্ষয় কুমাৰেও এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। আগন্তুক ছবি 'গোলমাল ৫'-ৰ দৃশ্যগ্ৰহণৰ এখন ফটো শ্বেয়াৰ কৰি অক্ষয়ে লিখে, "বন্ধুত্ব ইমান পুৰণি যে আমাৰ মৰম থাকিবই। জন্মদিনৰ বহুত বহুত শুভকামনা।"


আনহাতে, পৰিচালক ৰোহিত শ্বেট্টীয়ে ৯০ৰ দশকৰ পৰা বৰ্তমানলৈ তেওঁলোকৰ বন্ধুত্বৰ এটা ভিডিঅ' কোলাজ শ্বেয়াৰ কৰি অজয়ক এজন 'একচন হিৰো' আৰু 'ককাইদেউ' বুলি সম্বোধন কৰে।


আহি আছে 'গোলমাল ৫'


অজয় দেৱগনক অতি সোনকালে ৰোহিত শ্বেট্টীৰ সফল ছিকুৱেল 'গোলমাল ৫'-ত দেখা পোৱা যাব। এই ছবিখনত আৰ্শদ ৱাৰ্ছী, তুষাৰ কাপুৰ, শ্ৰেয়াছ তলপড়ে আৰু কুণাল দেশমুৰ লগতে এক বিশেষ চৰিত্ৰত অক্ষয় কুমাৰকো দেখা যাব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু