--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রশান্ত মহাসাগৰৰ পৃষ্ঠভাগত ঘটিবলৈ আৰম্ভ কৰা শেহতীয়া ঘটনাৱলীয়ে অনাগত মাহবোৰত ভাৰতৰ বাবে কঠিন প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। যোৱা মাহত বিশ্বৰ মহাসাগৰসমূহৰ গড় তাপমাত্রা ২১ ডিগ্রী চেলছিয়াছ আছিল।

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধক লৈ সমগ্ৰ বিশ্বতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে আন এক অশনি সংকেত কঢ়িয়াই আনিছে এল নিনোৱে। এল নিনোৰ প্ৰভাৱে অনাগত পাঁচ মাহত আমাৰ দেশত এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত আনকি দেশত আকালৰো সৃষ্টি হ'ব পাৰে বুলি আশংকা প্রকাশ কৰা হৈছে। 


প্রশান্ত মহাসাগৰৰ পৃষ্ঠভাগত ঘটিবলৈ আৰম্ভ কৰা শেহতীয়া ঘটনাৱলীয়ে অনাগত মাহবোৰত ভাৰতৰ বাবে কঠিন প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। যোৱা মাহত বিশ্বৰ মহাসাগৰসমূহৰ গড় তাপমাত্রা ২১ ডিগ্রী চেলছিয়াছ আছিল। অৱশ্যে ২০২৪ চনৰ অভিলেখ ভংগ কৰাতকৈ সামন্য কম। কিন্তু এপ্ৰিলত সমুদ্রপৃষ্ঠৰ তাপমাত্রা ইতিহাসৰ দ্বিতীয় আটাইতকৈ উষ্ণ আছিল। সমুদ্রপৃষ্ঠক বর্ধিত তাপমাত্রাই কেৱল ভাৰতেই নহয়, বিশ্বত প্রচণ্ড গৰম, আকাল, ক্ষুধা, খৰাং তথা ৰোগৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। 


কপাৰনিকাছ ক্লাইমেট চেঞ্জ ছাৰ্ভিচৰ শেহতীয়া তথ্যৰ আধাৰত 'হিন্দুস্তান টাইমছ'-এ প্রকাশ কৰা বাতৰি মতে, প্রশান্ত মহাসাগৰৰ মধ্য আৰু পূব অংশ, আমেৰিকা-মেক্সিকোৰ পশ্চিম উপকূললৈকে সাগৰৰ পানী পূৰ্বতকৈ অধিক গৰম হৈছে। ই অধিক উষ্ণ এল নিনোৰ শক্তিশালী উৎপত্তিৰ প্ৰমাণ দিছে। সাধাৰণতে এই জলাবায়ু পেটার্ন প্রতি ২-৭বছৰত সৃষ্টি হয় আৰু ৯-১২ মাহলৈ থাকে। কিন্তু এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি আশংকা কৰা হৈছে। বতৰ বিজ্ঞানীসকলে কয় যে মে'ৰ পৰা জুলাইৰ ভিতৰত সমগ্ৰ ভাৰতত বাৰিষা আহে আৰু এই সময়ছোৱাতে এল নিনো সম্পূর্ণৰূপে উৎপত্তি হোৱাৰ সম্ভাৱনা আছে। এইবাৰৰ এল নিনো ইতিহাসৰ আটাইতকৈ শক্তিশালী হোৱাৰো আশংকা প্রকাশ কৰা হৈছে। প্রশান্ত মহাসাগৰৰ গৰম পানীৰ প্ৰৱাহৰ প্ৰভাৱ ভাৰততো পৰিবই, ইয়াৰ লগতে সমগ্ৰ বিশ্বৰ বতৰ প্ৰণালী শোচনীয় কৰি তুলিব। 


ভাৰতত ইয়াৰ অতি শোচনীয় প্ৰভাৱ পৰিব। বাৰিষাৰ বতৰত প্ৰচণ্ড গৰম, গ্রীষ্ম প্রৱাহে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু বৰষুণ কম হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত দেশৰ কৃষি খণ্ডই তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। এতিয়ালৈকে উত্তৰ-পশ্চিম ভাৰতত কম গৰম পৰাৰ লগতে পাতলীয়া বৰষুণ আৰু ধুমুহাও দেখা পোৱা গৈছে, কিন্তু লাহে লাহে এল নিনো চৰম পৰ্যায় পোৱাৰ লগে লগে পৰিস্থিতি সলনি হৈ পৰিব। প্রচণ্ড গৰম, কম বৰষুণ তথা খৰাঙৰ বাবে আকাল তথা ক্ষুধাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব। বতৰ বিজ্ঞানীসকলৰ মতে, উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতত গৰমৰ প্রকোপ বৃদ্ধি পাব। দিনৰ তাপমাত্রা ৪৫-৪৮ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাব। নগৰীয়া অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ প্রকোপ বৃদ্ধি পাব। ইয়াৰ ফলত বিশেষকৈ বৃদ্ধ আৰু শিশুসকলৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱাৰ আশংকা আছে। 


উল্লেখযোগ্য যে এল নিনোৱে সাধাৰণতে ভাৰতত বৰষুণৰ পৰিমাণ হ্রাস কৰে। যদি এইবাৰ ইয়াৰ প্ৰভাৱ শক্তিশালী হয় তেতিয়া জুন-ছেপ্টেম্বৰৰ সময়ছোৱাত দেশত বৰষুণৰ পৰিমাণ ১০-২০% হ্রাস পাব। ইয়াৰ ফলত ধান, মাকৈ, ছয়াবিন তথা কপাহৰ উৎপাদন হ্রাস পাব পাৰে। পানীৰ অভাৱে জলসিঞ্চনত প্ৰভাৱ পেলাব। ইয়াৰ ফলত ক্ষুদ্র আৰু প্ৰান্তীয় কৃষকসকল আটাইতকৈ বেছি প্ৰভাৱিত হ'ব। ইফালে, বংগোপসাগৰ আৰু আৰব সাগৰৰ পানী যদি স্বাভাৱিকতকৈ অধিক গৰম হয় তেতিয়া নিম্নচাপ তথা ঘূর্ণী বতাহৰ সম্ভাৱনাও বৃদ্ধি পাব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ