--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত কাম কৰি কিউৰেটৰ আৰু গ্ৰাউণ্ডমেনে পিটচসমূহ উচ্চতম মানদণ্ডত প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিছিল ।

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল আয়োজনে অসম ক্ৰিকেট সন্থাৰ গ্ৰাউণ্ড ষ্টাফৰ নিৰৱ অথচ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তুলিছে । তাৰেই পৰিপ্ৰেক্ষিতত সন্থাই আজি সংশ্লিষ্টসকললৈ ২৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ।


প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত কাম কৰি কিউৰেটৰ আৰু গ্ৰাউণ্ডমেনে পিটচসমূহ উচ্চতম মানদণ্ডত প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিছিল । মেচসমূহৰ সুকলম সমাপনৰ পথত তেওঁলোকৰ প্ৰচেষ্টা আছিল অন্যতম কেন্দ্ৰবিন্দু আৰু তেনেদৰেই ৰাষ্ট্ৰীয় মঞ্চত এই স্থানৰ ক্ৰমবৰ্ধমান সুনাম বজাই ৰখাত ই সহায় কৰিছিল । তেওঁলোকৰ অৱদানৰ এক স্বীকৃতি স্বৰূপে সন্থাই কিউৰেটৰ আৰু গ্ৰাউণ্ড মেনৰ বাবে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।


সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসে সমগ্ৰ দলটোৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাক প্ৰশংসা কৰি মেচসমূহৰ নিৰৱচ্ছিন্ন আয়োজনত তেওঁলোকৰ নিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰে । তেওঁলোকে লগতে উল্লেখ কৰে যে গ্ৰাউণ্ড ষ্টাফসকলৰ কাম কেতিয়াবা বহুতৰ চকুত নপৰে যদিও তেওঁলোকৰ ভূমিকা হয় মেৰুদণ্ডৰ দৰে ।


অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ