--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত কাম কৰি কিউৰেটৰ আৰু গ্ৰাউণ্ডমেনে পিটচসমূহ উচ্চতম মানদণ্ডত প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিছিল ।

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল আয়োজনে অসম ক্ৰিকেট সন্থাৰ গ্ৰাউণ্ড ষ্টাফৰ নিৰৱ অথচ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তুলিছে । তাৰেই পৰিপ্ৰেক্ষিতত সন্থাই আজি সংশ্লিষ্টসকললৈ ২৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ।


প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত কাম কৰি কিউৰেটৰ আৰু গ্ৰাউণ্ডমেনে পিটচসমূহ উচ্চতম মানদণ্ডত প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিছিল । মেচসমূহৰ সুকলম সমাপনৰ পথত তেওঁলোকৰ প্ৰচেষ্টা আছিল অন্যতম কেন্দ্ৰবিন্দু আৰু তেনেদৰেই ৰাষ্ট্ৰীয় মঞ্চত এই স্থানৰ ক্ৰমবৰ্ধমান সুনাম বজাই ৰখাত ই সহায় কৰিছিল । তেওঁলোকৰ অৱদানৰ এক স্বীকৃতি স্বৰূপে সন্থাই কিউৰেটৰ আৰু গ্ৰাউণ্ড মেনৰ বাবে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।


সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসে সমগ্ৰ দলটোৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাক প্ৰশংসা কৰি মেচসমূহৰ নিৰৱচ্ছিন্ন আয়োজনত তেওঁলোকৰ নিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰে । তেওঁলোকে লগতে উল্লেখ কৰে যে গ্ৰাউণ্ড ষ্টাফসকলৰ কাম কেতিয়াবা বহুতৰ চকুত নপৰে যদিও তেওঁলোকৰ ভূমিকা হয় মেৰুদণ্ডৰ দৰে ।


অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু