--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতত ফিফা বিশ্ব কাপৰ টিভি আৰু ডিজিটেল মিডিয়া স্বত্ব এতিয়াও বিক্রী হোৱা নাই। আন কথাত ভাৰতীয় ফটবল অনুৰাগীয়ে বিশ্ব কাপৰ মেচৰ পোনপটীয়া সম্প্ৰচাৰ দেখা পাব নে নাই সেইটো এতিয়াও নিশ্চিত নহয়।

ডিজিটেল ডেস্ক: ফিফা বিশ্ব কাপলৈ মাজত আৰু মাত্র কেইটামান দিন বাকী আছে। ভাৰতীয় সময় অনুসৰি অহা ১২ জুনৰ পৰা আমেৰিকা, মেক্সিকো কানাডত বিশ্ব কাপ আৰম্ভ হ'ব, কিন্তু ফুটবলৰ এই সর্ববৃহৎ উৎসৱৰ পোনপটীয়া সম্প্ৰচাৰ ভাৰতীয় ফুটবল প্রেমীয়ে দেখা পাব নে নাই তাক লৈ উৎকণ্ঠা এতিয়াও অব্যাহত আছে। 


ভাৰতত ফিফা বিশ্ব কাপৰ টিভি আৰু ডিজিটেল মিডিয়া স্বত্ব এতিয়াও বিক্রী হোৱা নাই। আন কথাত ভাৰতীয় ফটবল অনুৰাগীয়ে বিশ্ব কাপৰ মেচৰ পোনপটীয়া সম্প্ৰচাৰ দেখা পাব নে নাই সেইটো এতিয়াও নিশ্চিত নহয়। 


উল্লেখযোগ্য যে বিশ্ব কাপ ফুটবলৰ সম্প্ৰচাৰৰ স্বত্ব বিক্ৰী যোৱা বছৰ জুনতে আৰম্ভ হৈছিল। ফিফাই পোনপটীয়া সম্প্ৰচাৰৰ মূল্য প্রথমতে ১০ কোটি ডলাৰ (প্রায় ৯৩০ কোটি টকা) ধাৰ্য কৰিছিল। কিন্তু ভাৰতৰ বাবে সম্প্ৰচাৰৰ স্বত্ব ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। এনে অৱস্থাত ফিফাই সম্প্ৰচাৰৰ স্বত্বৰ মূল্য হ্রাস কৰি ৩.৫ কোটি ডলাৰ কৰে। ইয়াৰ পাছতো এতিয়ালৈকে কোনো ব্রডকাষ্টাৰ আগবাঢ়ি অহা নাই। 


এইবাৰৰ পৰিস্থিতি ২০২২ চনৰ কাটাৰ বিশ্ব কাপতকৈ সম্পূর্ণ সুকীয়া। সেইবাৰ ভায়াকম-১৮-এ সম্প্ৰচাৰৰ স্বত্ব লাভৰ বাবে প্রায় ৬.২ কোটি টকা খৰচ কৰিছিল। এইবাৰ প্রতিযোগিতাখন উত্তৰ আমেৰিকাত অনুষ্ঠিত হ'ব আৰু ভাৰতৰ সৈতে সময়ৰ ব্যৱধান যথেষ্ট বেছি। প্রতিযোগিতাৰ মেচসমূহ ভাৰতত নিশা ১২ বজাৰ পৰা পুৱা সাত বজাত দেখা পোৱা যাব। সময়ৰ এই ব্যৱধানে ভাৰতত খেলৰ দৰ্শকক প্ৰভাৱিত কৰাৰ আশংকা কৰা হৈছে। 


আনহাতে, ভাৰতত বিজ্ঞাপনৰ বজাৰো সিমান শক্তিশালী নহয়। ইফালে, লে, 'ৰিয়েল-মনী গেমিং' ভাৰতত নিষিদ্ধ কৰাৰ ফলত Sponsorshipৰ বাজেট আৰু অধিক হ্রাস কৰিলে। ইফালে ষ্টাৰ ইণ্ডিয়া আৰু ভায়াকম-১৮ চামিল হৈ নতুন কোম্পানী জিয় 'ষ্টাৰ গঠন হয়। কিন্তু জিয় 'ষ্টাৰৰ মূল্য হ'ল প্রায় ২.৫ কোটি ডলাৰ। কোম্পানীটোৰ মূল্য ফিফাই বান্ধি দিয়া সীমাতকৈ যথেষ্ট কম। উল্লেখযোগ্য যে ২০২২ চনত ফিফা বিশ্ব কাপৰ ভাৰতত ডিজিটেল দৰ্শকৰ সংখ্যা আছিল ১ কোটি। আনহাতে, ৩.২ কোটি লোকে আর্জেন্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল মেচখন চাইছিল। আন কথাত ভাৰতত ফুটবলৰ এখন ডাঙৰ বজাৰ আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ফিফা আৰু জিয় ষ্টাৰৰ মাজত চুক্তি হোৱাৰ সম্ভাৱনা আছে। আন দুটা কোম্পানীও আগবাঢ়ি অহাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। যদি কোনো আগবাঢ়ি নাহে, তেতিয়া ফিফা+ত মেচৰ স্ট্রিমিং কৰা হ'ব। 


উল্লেখযোগ্য যে ভাৰতত পোনপটীয়া সম্প্ৰচাৰৰ অধিকাংশ বাজেট ক্রিকেটত ব্যয় কৰা হয়। ফলত ফুটবললৈ কম বাজেটহে থাকে। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু ভাৰতীয় ফুটবল প্রেমীয়ে কোনো এক সমাধান ওলাব বুলি আশা কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ