--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে, এই নতুন কেম্পাছটো হায়দৰাবাদৰ কাৰ্যালয়ৰ পিছতেই এছিয়াৰ ভিতৰত এমাজনৰ দ্বিতীয় বৃহত্তম কাৰ্যালয় হিচাপে পৰিগণিত হৈছে।

ডিজিটেল ডেস্কঃ বিশ্বৰ আগশাৰীৰ ই-কমাৰ্চ প্ৰতিষ্ঠান এমাজনে ভাৰতত নিজৰ ভেটি অধিক শক্তিশালী কৰি বাংগালোৰত মুকলি কৰিছে ইয়াৰ নতুন আৰু অত্যাধুনিক কাৰ্যালয়। 


উল্লেখযোগ্য যে, এই নতুন কেম্পাছটো হায়দৰাবাদৰ কাৰ্যালয়ৰ পিছতেই এছিয়াৰ ভিতৰত এমাজনৰ দ্বিতীয় বৃহত্তম কাৰ্যালয় হিচাপে পৰিগণিত হৈছে।


কাৰ্যালয়ৰ বিশেষত্বসমূহ:


এই বৃহৎ কেম্পাছটো উত্তৰ বাংগালোৰত নিৰ্মাণ কৰা হৈছে, যিটো কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিচেই ওচৰত অৱস্থিত। প্ৰায় ১১ লাখ বৰ্গফুট এলেকা সামৰি লোৱা এই কাৰ্যালয়টো ১২ মহলীয়া। ইয়াৰ মুঠ মাটিকালি প্ৰায় ৫ একৰ।



এই নতুন কেন্দ্ৰটোত একেলগে ৭,০০০ তকৈ অধিক কৰ্মচাৰীয়ে কাম কৰিব পাৰিব। ইয়াত বিশেষকৈ এমাজনৰ টেকন’লজী, পেমেণ্টছ আৰু গ্ৰাহক সেৱাৰ সৈতে জড়িত বিভাগসমূহ পৰিচালিত হ’ব।


কৰ্ণাটক চৰকাৰৰ উদ্যোগ মন্ত্ৰী এম.বি. পাটিলে এই নতুন কেম্পাছটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনৰ সময়ত তেওঁ উল্লেখ কৰে যে এনেধৰণৰ বিনিয়োগে বাংগালোৰক বিশ্বৰ এক অন্যতম টেক-হাব (Tech-Hub) হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।


এমাজন ইণ্ডিয়াৰ কান্ট্ৰী মেনেজাৰ সমীৰ কুমাৰে কয় যে, "ভাৰত আমাৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ। এই নতুন কাৰ্যালয়টোৱে আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু ভাৰতীয় প্ৰতিভাক ব্যৱহাৰ কৰাৰ আমাৰ লক্ষ্যক সূচাইছে।"


মন কৰিবলগীয়া যে এমাজনৰ বিশ্বৰ ভিতৰতে বৃহত্তম কাৰ্যালয়টো ইতিমধ্যে ভাৰতৰ হায়দৰাবাদত আছে। এতিয়া বাংগালোৰত এই দ্বিতীয় বৃহৎ কেন্দ্ৰটো মুকলি হোৱাৰ লগে লগে এছিয়াৰ ভিতৰত এমাজনৰ শীৰ্ষ দুয়োটা কাৰ্যালয়ৰ ঠিকনা এতিয়া ভাৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ