--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কোম্পানীটোৱে আগন্তুক মাহটোত আৰু বহুসংখ্যক কৰ্মচাৰীক কৰ্মচ্যুত কৰাৰ আশংকা আছে। কৰ্মচাৰীসকলে ভাৰতীয় সময় মতে, ৩১ মার্চ মঙলবাৰে পুৱা ৬ বজাত ইনবক্সত চাকৰিৰ পৰা অব্যাহতিৰ পত্ৰ লাভ কৰে।

ডিজিটেল ডেস্ক : বিশ্বৰ সবাতোকৈ চহকী ব্যৱসায়ীৰ ভিতৰত ষষ্ঠ স্থানত থকা লেৰী এলিছনৰ প্ৰযুক্তি কোম্পানী অ'ৰেকলে বিশ্বজুৰি প্ৰায় ৩০ হাজাৰ কৰ্মচাৰীক কৰ্মচ্যুত কৰিছে। এয়া হৈছে বিশ্বজুৰি কোম্পানীটোত থকা মুঠ কৰ্মচাৰীৰ ১৮ শতাংশ। এইসকলৰ ভিতৰত ভাৰতৰ ১২ হাজাৰ কৰ্মচাৰীও আছে। 


কোম্পানীটোৱে আগন্তুক মাহটোত আৰু বহুসংখ্যক কৰ্মচাৰীক কৰ্মচ্যুত কৰাৰ আশংকা আছে। কৰ্মচাৰীসকলে ভাৰতীয় সময় মতে, ৩১ মার্চ মঙলবাৰে পুৱা ৬ বজাত ইনবক্সত চাকৰিৰ পৰা অব্যাহতিৰ পত্ৰ লাভ কৰে। তাত লিখা আছিল যে উক্ত দিনাই তেওঁলোকৰ শেষ কর্মদিন। কিছু সময়ৰ পাছতে কৰ্মচাৰীসকলৰ ছিষ্টেম এক্সেছ বন্ধ কৰি দিয়া হয়। কোম্পানীটোৱে এতিয়ালৈকে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কাৰণ জনোৱা নাই। 


কৰ্মচাৰীলৈ পত্ৰত লিখা হৈছে-'আমি আপোনাৰ চাকৰিৰ সৈতে জড়িত এটা জৰুৰী আৰু কঠিন বার্তা দিবলৈ বিচাৰিছোঁ। কোম্পানীৰ বৰ্তমানৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিষ্ঠানত কৰা বৃহৎ সালসলনিৰ পৰিপ্ৰেক্ষিতত আপোনাৰ পদ অন্ত পেলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। সেয়ে আজি আপোনাৰ কামৰ অন্তিম দিন। আমি আপোনাৰ অৱদান, শ্ৰম আৰু কামৰ বাবে ধন্যবাদ জনাইছোঁ। 


অব্যাহতিৰ সৈতে জড়িত পত্ৰত স্বাক্ষৰ কৰাৰ পাছত আপুনি 'ছেভেৰেন্স পেকেজ' (চাকৰি শেষ হোৱাৰ পাছত লাভ কৰা ধন) পোৱাৰ যোগ্য হ'ব, যি কোম্পানীৰ চৰ্ত অনুসৰি হ'ব।'


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ