--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কোম্পানীটোৱে আগন্তুক মাহটোত আৰু বহুসংখ্যক কৰ্মচাৰীক কৰ্মচ্যুত কৰাৰ আশংকা আছে। কৰ্মচাৰীসকলে ভাৰতীয় সময় মতে, ৩১ মার্চ মঙলবাৰে পুৱা ৬ বজাত ইনবক্সত চাকৰিৰ পৰা অব্যাহতিৰ পত্ৰ লাভ কৰে।

ডিজিটেল ডেস্ক : বিশ্বৰ সবাতোকৈ চহকী ব্যৱসায়ীৰ ভিতৰত ষষ্ঠ স্থানত থকা লেৰী এলিছনৰ প্ৰযুক্তি কোম্পানী অ'ৰেকলে বিশ্বজুৰি প্ৰায় ৩০ হাজাৰ কৰ্মচাৰীক কৰ্মচ্যুত কৰিছে। এয়া হৈছে বিশ্বজুৰি কোম্পানীটোত থকা মুঠ কৰ্মচাৰীৰ ১৮ শতাংশ। এইসকলৰ ভিতৰত ভাৰতৰ ১২ হাজাৰ কৰ্মচাৰীও আছে। 


কোম্পানীটোৱে আগন্তুক মাহটোত আৰু বহুসংখ্যক কৰ্মচাৰীক কৰ্মচ্যুত কৰাৰ আশংকা আছে। কৰ্মচাৰীসকলে ভাৰতীয় সময় মতে, ৩১ মার্চ মঙলবাৰে পুৱা ৬ বজাত ইনবক্সত চাকৰিৰ পৰা অব্যাহতিৰ পত্ৰ লাভ কৰে। তাত লিখা আছিল যে উক্ত দিনাই তেওঁলোকৰ শেষ কর্মদিন। কিছু সময়ৰ পাছতে কৰ্মচাৰীসকলৰ ছিষ্টেম এক্সেছ বন্ধ কৰি দিয়া হয়। কোম্পানীটোৱে এতিয়ালৈকে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কাৰণ জনোৱা নাই। 


কৰ্মচাৰীলৈ পত্ৰত লিখা হৈছে-'আমি আপোনাৰ চাকৰিৰ সৈতে জড়িত এটা জৰুৰী আৰু কঠিন বার্তা দিবলৈ বিচাৰিছোঁ। কোম্পানীৰ বৰ্তমানৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিষ্ঠানত কৰা বৃহৎ সালসলনিৰ পৰিপ্ৰেক্ষিতত আপোনাৰ পদ অন্ত পেলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। সেয়ে আজি আপোনাৰ কামৰ অন্তিম দিন। আমি আপোনাৰ অৱদান, শ্ৰম আৰু কামৰ বাবে ধন্যবাদ জনাইছোঁ। 


অব্যাহতিৰ সৈতে জড়িত পত্ৰত স্বাক্ষৰ কৰাৰ পাছত আপুনি 'ছেভেৰেন্স পেকেজ' (চাকৰি শেষ হোৱাৰ পাছত লাভ কৰা ধন) পোৱাৰ যোগ্য হ'ব, যি কোম্পানীৰ চৰ্ত অনুসৰি হ'ব।'


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু