--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়মে আনুষ্ঠানিকভাৱে শনিবাৰে এই ৰ'ডমেপখন মুকলি কৰে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাই (এ আই) ২০৩০ চনৰ ভিতৰত ভাৰতত ৪ মিলিয়ন নতুন চাকৰিৰ সৃষ্টি কৰিব। এ আই অর্থনীতিত চাকৰি সৃষ্টিৰ বাবে ৰ'ডমেপ শীর্ষক এখন ব্যাপক প্রতিবেদন প্রকাশ কৰি নিটি আয়োগে এইদৰে মন্তব্য কৰে। 


প্রতিবেদনখনত কৃত্রিম বুদ্ধিমত্তাই (এ আই) ভাৰতত নিযুক্তি প্রক্রিয়াত কেনেকৈ প্ৰভাৱ পেলাব সেই বিষয়ত আলোকপাত কৰা হৈছে। প্রতিবেদনখনৰ মতে, ২০৩০ চনৰ ভিতৰত দেশত এ আয়ে ৪ মিলিয়ন নতুন চাকৰি সৃষ্টি কৰাৰ সম্ভাৱনা আছে। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়মে আনুষ্ঠানিকভাৱে শনিবাৰে এই ৰ'ডমেপখন মুকলি কৰে। 


এই মুকলি অনুষ্ঠানত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্চয় কুমা, উচ্চ শিক্ষা বিভাগৰ সচিব বিনীত যোশী, নিটি আয়োগৰ জ্যেষ্ঠ বিষয়াসকল আৰু উদ্যোগপতিসকল উপস্থিত আছিল। অৱশ্যে, ৰ'ডমেপখনত উল্লেখ কৰা হয় যে এ আই অৱলম্বন কৰাৰ বাবে ভাৰতৰ ২৪৫ বিলিয়ন ডলাৰ প্ৰযুক্তি আৰু গ্ৰাহক অভিজ্ঞতাত বাধা আহি পৰিছে। প্রতিবেদনখনত কোৱা হৈছে যে গুণগত মানৰ অভিযন্তা আৰু প্ৰথম স্তৰৰ কৰ্মচাৰীসকলে যদি এ আই অৱলম্বন প্রক্ৰিয়াক আদৰি নলয়, তেনেহ'লে ২০৩১ চনৰ ভিতৰত তেওঁলোকক অতিৰিক্ত 'কৰ্মশক্তি' হিচাপে গণ্য কৰা হ'ব। 


নিটি আয়োগৰ চি ই অ' জনে কয় যে চাকৰি হেৰুওৱা আৰু চাকৰি সৃষ্টিৰ মাজত থকা ব্যৱধান নাইকিয়া কৰাৰ বিষয়টো নিৰ্ভৰ কৰিব দেশৰ কৰ্মচাৰীসকলৰ ওপৰত। ৰ'ডমেপখনত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতে কিছুমান এনে কার্যপন্থা ল'ব যিবোৰৰ বাবে ভাৰত ২০৩৫ চনৰ ভিতৰত এ আইৰ প্ৰতিভাৰ বিশ্বজনীন অভিকেন্দ্র হ'ব। প্রতিবেদনখনত প্রযুক্তি আৰু অভিযান্ত্রিক খণ্ডত কিছুমান উদ্ভাৱনশীল ভূমিকাৰ বিষয়তো আলোকপাত কৰা হয়। এই ভূমিকাসমূহত কেনেকৈ এ আই অভিযন্তাই এ আই প্রয়োগীকৰণৰ বাবে সা-সঁজুলি বিকাশ কৰিব লাগে আৰু এ আয়ে মানৱীয় কাৰ্যৰ দৰে কাম কৰিব পাৰে, সেই বিষয়ত আলোকপাত কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু