--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়মে আনুষ্ঠানিকভাৱে শনিবাৰে এই ৰ'ডমেপখন মুকলি কৰে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাই (এ আই) ২০৩০ চনৰ ভিতৰত ভাৰতত ৪ মিলিয়ন নতুন চাকৰিৰ সৃষ্টি কৰিব। এ আই অর্থনীতিত চাকৰি সৃষ্টিৰ বাবে ৰ'ডমেপ শীর্ষক এখন ব্যাপক প্রতিবেদন প্রকাশ কৰি নিটি আয়োগে এইদৰে মন্তব্য কৰে। 


প্রতিবেদনখনত কৃত্রিম বুদ্ধিমত্তাই (এ আই) ভাৰতত নিযুক্তি প্রক্রিয়াত কেনেকৈ প্ৰভাৱ পেলাব সেই বিষয়ত আলোকপাত কৰা হৈছে। প্রতিবেদনখনৰ মতে, ২০৩০ চনৰ ভিতৰত দেশত এ আয়ে ৪ মিলিয়ন নতুন চাকৰি সৃষ্টি কৰাৰ সম্ভাৱনা আছে। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়মে আনুষ্ঠানিকভাৱে শনিবাৰে এই ৰ'ডমেপখন মুকলি কৰে। 


এই মুকলি অনুষ্ঠানত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্চয় কুমা, উচ্চ শিক্ষা বিভাগৰ সচিব বিনীত যোশী, নিটি আয়োগৰ জ্যেষ্ঠ বিষয়াসকল আৰু উদ্যোগপতিসকল উপস্থিত আছিল। অৱশ্যে, ৰ'ডমেপখনত উল্লেখ কৰা হয় যে এ আই অৱলম্বন কৰাৰ বাবে ভাৰতৰ ২৪৫ বিলিয়ন ডলাৰ প্ৰযুক্তি আৰু গ্ৰাহক অভিজ্ঞতাত বাধা আহি পৰিছে। প্রতিবেদনখনত কোৱা হৈছে যে গুণগত মানৰ অভিযন্তা আৰু প্ৰথম স্তৰৰ কৰ্মচাৰীসকলে যদি এ আই অৱলম্বন প্রক্ৰিয়াক আদৰি নলয়, তেনেহ'লে ২০৩১ চনৰ ভিতৰত তেওঁলোকক অতিৰিক্ত 'কৰ্মশক্তি' হিচাপে গণ্য কৰা হ'ব। 


নিটি আয়োগৰ চি ই অ' জনে কয় যে চাকৰি হেৰুওৱা আৰু চাকৰি সৃষ্টিৰ মাজত থকা ব্যৱধান নাইকিয়া কৰাৰ বিষয়টো নিৰ্ভৰ কৰিব দেশৰ কৰ্মচাৰীসকলৰ ওপৰত। ৰ'ডমেপখনত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতে কিছুমান এনে কার্যপন্থা ল'ব যিবোৰৰ বাবে ভাৰত ২০৩৫ চনৰ ভিতৰত এ আইৰ প্ৰতিভাৰ বিশ্বজনীন অভিকেন্দ্র হ'ব। প্রতিবেদনখনত প্রযুক্তি আৰু অভিযান্ত্রিক খণ্ডত কিছুমান উদ্ভাৱনশীল ভূমিকাৰ বিষয়তো আলোকপাত কৰা হয়। এই ভূমিকাসমূহত কেনেকৈ এ আই অভিযন্তাই এ আই প্রয়োগীকৰণৰ বাবে সা-সঁজুলি বিকাশ কৰিব লাগে আৰু এ আয়ে মানৱীয় কাৰ্যৰ দৰে কাম কৰিব পাৰে, সেই বিষয়ত আলোকপাত কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ