--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শেহতীয়াকৈ বিজ্ঞানীসকলে কুইপাৰ বেল্টত সৌৰজগতৰ আন কেইবাটাও গ্রহ থাকিব পাৰে অনুমান কৰিছে।

ডিজিটেল ডেস্ক : বিজ্ঞানীসকলে কৰা শেহতীয়া এক অধ্যয়নৰ পৰা আমাৰ সৌৰজগতৰ আন এটা গ্রহ থকাৰ সংকেত লাভ কৰিছে। এই গ্রহটোৰ নাম সম্প্রতি 'বাই' ৰখা হৈছে। হয়তো এই বাই আমাৰ সৌৰজগতৰ নৱমটো গ্রহ হ'ব পাৰে।


এই গ্ৰহটোৰ সন্ধান এতিয়াও লাভ কৰা হোৱা নাই, কিন্তু কুইপাৰ বেল্টত কিছুমান দূৰৱৰ্তী পিণ্ডৰ হেলনীয়া কক্ষপথৰ পৰা বিজ্ঞানীসকলে এই অনুমান কৰিছে বিজ্ঞানীসকলে। নেপচুনৰ কক্ষপথৰ পৰা আঁতৰত বৰফেৰে আবৃত্ত পিণ্ডৰ এটা বিশাল বলয় দেখা পাইছে। এই সম্পর্কত তেওঁলোকে এই বুলি কয় যে- এই কোনো বস্তুৱে এই কক্ষপথসমূহ বিচ্যুৎ কৰিছে আৰু সেয়েহে হেলনীয়া হৈ পৰিছে।


প্রিন্সটন বিশ্ববিদ্যালয়ৰ এষ্ট্র ফিজিক্স বিভাগৰ বিজ্ঞানী আমীৰ ছিৰাজে এই সম্পর্কত কয় যে এই অদৃশ্য হৈ থকা গ্রহটো সম্ভবতঃ পৃথিৱীতকৈ সৰু আৰু বুধ গ্রহতকৈ ডাঙৰ হ'ব। এই গ্রহটো বর্হিসৌৰ জগতত আছে আৰু সূর্যক পৰিভ্ৰমণ কৰি আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ বিজ্ঞানীসকলে কুইপাৰ বেল্টত সৌৰজগতৰ আন কেইবাটাও গ্রহ থাকিব পাৰে অনুমান কৰিছে। ইয়াৰ ভিতৰত ৱাই একেবাৰে নতুন। এই গ্রহবোৰৰ বৈশিষ্ট্য প্রতিটোৰে অলপ সুকীয়া যদিও সকলোবোৰ কুইপাৰ বেল্টতে লুকাই আছে। এই বেল্টতে প্লুটোও আছে। প্লুটোক সৌৰজগতৰ নৱমটো গ্রহ বুলি কোৱা হৈছিল।


অৱশ্যে পাছত প্লুটোক পাছত বামণ গ্রহ ৰূপেৰে তালিকাভুক্ত কৰা হয়। উল্লেখযোগ্য যে কুইপাৰ বেল্ট হ'ল আমাৰ সৌৰজগতৰ একেবাৰে দূৰৱৰ্তী এক অন্ধকাৰত নিমজ্জিত এটা অঞ্চল। গভীৰ অন্ধকাৰে আৱৰি থকাৰ বাবে কুই পাৰ বেল্টৰ সম্পৰ্কত অধ্যয়ন কৰাটো কঠিন। অৱশ্যে বেৰা চিকবিন অবজার্ভেটৰী নামৰ দূৰবীণে এতিয়া নিশাৰ আকাশত দহ বছৰীয়া অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ জৰিয়তে অহা তিনি বছৰৰ ভিতৰত এই গ্ৰহটোৰ সম্পৰ্কত নিশ্চিত তথ্য লাভ কৰিব পৰা যাব বুলি আমীৰে আশা কৰিছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ