--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শেহতীয়াকৈ বিজ্ঞানীসকলে কুইপাৰ বেল্টত সৌৰজগতৰ আন কেইবাটাও গ্রহ থাকিব পাৰে অনুমান কৰিছে।

ডিজিটেল ডেস্ক : বিজ্ঞানীসকলে কৰা শেহতীয়া এক অধ্যয়নৰ পৰা আমাৰ সৌৰজগতৰ আন এটা গ্রহ থকাৰ সংকেত লাভ কৰিছে। এই গ্রহটোৰ নাম সম্প্রতি 'বাই' ৰখা হৈছে। হয়তো এই বাই আমাৰ সৌৰজগতৰ নৱমটো গ্রহ হ'ব পাৰে।


এই গ্ৰহটোৰ সন্ধান এতিয়াও লাভ কৰা হোৱা নাই, কিন্তু কুইপাৰ বেল্টত কিছুমান দূৰৱৰ্তী পিণ্ডৰ হেলনীয়া কক্ষপথৰ পৰা বিজ্ঞানীসকলে এই অনুমান কৰিছে বিজ্ঞানীসকলে। নেপচুনৰ কক্ষপথৰ পৰা আঁতৰত বৰফেৰে আবৃত্ত পিণ্ডৰ এটা বিশাল বলয় দেখা পাইছে। এই সম্পর্কত তেওঁলোকে এই বুলি কয় যে- এই কোনো বস্তুৱে এই কক্ষপথসমূহ বিচ্যুৎ কৰিছে আৰু সেয়েহে হেলনীয়া হৈ পৰিছে।


প্রিন্সটন বিশ্ববিদ্যালয়ৰ এষ্ট্র ফিজিক্স বিভাগৰ বিজ্ঞানী আমীৰ ছিৰাজে এই সম্পর্কত কয় যে এই অদৃশ্য হৈ থকা গ্রহটো সম্ভবতঃ পৃথিৱীতকৈ সৰু আৰু বুধ গ্রহতকৈ ডাঙৰ হ'ব। এই গ্রহটো বর্হিসৌৰ জগতত আছে আৰু সূর্যক পৰিভ্ৰমণ কৰি আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ বিজ্ঞানীসকলে কুইপাৰ বেল্টত সৌৰজগতৰ আন কেইবাটাও গ্রহ থাকিব পাৰে অনুমান কৰিছে। ইয়াৰ ভিতৰত ৱাই একেবাৰে নতুন। এই গ্রহবোৰৰ বৈশিষ্ট্য প্রতিটোৰে অলপ সুকীয়া যদিও সকলোবোৰ কুইপাৰ বেল্টতে লুকাই আছে। এই বেল্টতে প্লুটোও আছে। প্লুটোক সৌৰজগতৰ নৱমটো গ্রহ বুলি কোৱা হৈছিল।


অৱশ্যে পাছত প্লুটোক পাছত বামণ গ্রহ ৰূপেৰে তালিকাভুক্ত কৰা হয়। উল্লেখযোগ্য যে কুইপাৰ বেল্ট হ'ল আমাৰ সৌৰজগতৰ একেবাৰে দূৰৱৰ্তী এক অন্ধকাৰত নিমজ্জিত এটা অঞ্চল। গভীৰ অন্ধকাৰে আৱৰি থকাৰ বাবে কুই পাৰ বেল্টৰ সম্পৰ্কত অধ্যয়ন কৰাটো কঠিন। অৱশ্যে বেৰা চিকবিন অবজার্ভেটৰী নামৰ দূৰবীণে এতিয়া নিশাৰ আকাশত দহ বছৰীয়া অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ জৰিয়তে অহা তিনি বছৰৰ ভিতৰত এই গ্ৰহটোৰ সম্পৰ্কত নিশ্চিত তথ্য লাভ কৰিব পৰা যাব বুলি আমীৰে আশা কৰিছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু